ভাৰতত বৌদ্ধ ধৰ্মৰ ইতিহাস





বৌদ্ধ ধৰ্ম বিশ্বৰ এটা প্ৰধান ধৰ্ম। প্ৰাচীন মগধ ৰাজ্য (বৰ্তমান ভাৰতৰ বিহাৰ ৰাজ্য)ত এই ধৰ্মৰ উত্থান ঘটিছিল। এই ধৰ্মৰ ভেটি গৌতম সিদ্ধাৰ্থৰ শিক্ষা। গৌতম সিদ্ধাৰ্থকে ‘বুদ্ধ’ (‘বোধিপ্ৰাপ্ত’[1]) বোলা হয়। বুদ্ধৰ জীৱনকালত মগধৰ বাহিৰত বৌদ্ধ ধৰ্মৰ প্ৰসাৰ আৰম্ভ হয়।
বৌদ্ধ ধৰ্মালম্বীসকল মৌৰ্য সম্ৰাট অশোকৰ ৰাজত্বকালত দুটা শাখাত বিভক্ত হৈছিল। এই দুটা শাখা আছিল মহাসাংঘিক আৰু স্থবিৰবাদ। এই শাখা দুটা সমগ্ৰ ভাৰতবৰ্ষতে বিয়পি পৰি অসংখ্য উপ-শাখাত বিভক্ত হৈ পৰিছিল। আধুনিক যুগত বৌদ্ধ ধৰ্মৰ দুটা প্ৰধান শাখা আছে। এই দুটা হৈছে শ্ৰীলংকা আৰু দক্ষিণ-পূব এছিয়াৰ থেৰবাদ, তথা হিমালয় আৰু পূব এছিয়াৰ মহাযান।
গুপ্ত যুগৰ পৰা (খ্ৰীষ্টাব্দ সপ্তম শতিকা)ৰ পৰা বৌদ্ধ ধৰ্মৰ এক সুকীয়া আৰু সুসংহত ধৰ্ম হিচাপে প্ৰভাৱ হ্ৰাস পাবলৈ ধৰিলে। ত্ৰয়োদশ শতিকালৈকে এই ধৰ্ম নিজৰ গৃহভূমিত বিলুপ্ত হৈ পৰিছিল। অৱশ্যে বৌদ্ধ ধৰ্মই এটা গুৰুত্বপূৰ্ণ চিন ৰাখিছে। হিমালয়ৰ ৰাজ্য ছিকিম, লাডাখ, অৰুণাচল প্ৰদেশ, দাৰ্জিলিং পাহাৰ (পশ্চিম বংগ), আৰু হিমাচল প্ৰদেশৰ উত্তৰ অঞ্চলৰ লাহুল আৰু স্পিতি জিলাত বৌদ্ধ ধৰ্ম এতিয়াও আটাইতকৈ বেছি প্ৰচলিত ধৰ্ম। মহাযান বৌদ্ধ ধৰ্মৰ জন্মস্থান অন্ধ্ৰ প্ৰদেশতো বৌদ্ধ ধ্বংসাৱশেষ দেখা যায়। বিগত শতিকাত ভাৰতত বহু ভাৰতীয় বুদ্ধিজীৱী বৌদ্ধ ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা, দেশত বৌদ্ধ তিব্বতী শৰণাৰ্থীক গ্ৰহণ কৰা, আৰু অসংখ্য হিন্দু দলিত বৌদ্ধ ধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ ফলত ভাৰতত বৌদ্ধ ধৰ্মৰ পুনৰুজ্জীৱন ঘটিছে। ২০০১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি এই দেশত বৌদ্ধ জনসংখ্যাৰ শতকৰা হাৰ ০.৮%। এই দেশত প্ৰায় ৭৯.৫ নিযুত বৌদ্ধ ধৰ্মাৱলম্বী লোক বাস কৰে।[2]
ৰাজ্য অনুসৰি বৌদ্ধ ধৰ্মৰ জনসংখ্যা
[সম্পাদনা কৰক]ৰাজ্য | বৌদ্ধ জনসংখ্যা | শতকৰা হাৰ (%) |
---|---|---|
মহাৰাষ্ট্ৰ | 65,31,200 | 5.81% |
পশ্চিমবংগ | 2,82,898 | 0.31% |
মধ্যপ্ৰদেশ | 2,16,052 | 1.71% |
উত্তৰ প্ৰদেশ | 2,06,285 | 0.11% |
ছিক্কিম | 1,67,216 | 27.39% |
অৰুণাচল প্ৰদেশ | 1,62,815 | 11.77% |
ত্ৰিপুৰা | 1,25,385 | 3.41% |
জম্মু-কাশ্মীৰ | 1,12,584 | 0.90% |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Monier-Williams, Monier. Dictionary of Sanskrit. OUP. http://www.sanskrit-lexicon.uni-koeln.de/monier/indexcaller.php?input=Harvard-Kyoto&output=RomanUnicode&citation=buddha.
- ↑ Peter Harvey, An Introduction to Buddhism: Teachings, History and Practices, p. 400. Cambridge University Press, 2012, আই.এচ.বি.এন. 978-052185-942-4
- ↑ "संग्रहीत प्रति". http://www.censusindia.gov.in/। আহৰণ কৰা হৈছে: 3 फ़रवरी 2017.