সমললৈ যাওক

ভাৰতীয় উপমহাদেশত কাগজৰ নোটৰ ইতিহাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অষ্টাদশ শতিকাত বহু ইউৰোপীয় বাণিজ্যিক কম্পানীয়ে ভাৰতলৈ আগমন কৰিছিল। এই বাণিজ্যিক কম্পানীসমূহে ব্যক্তিগত বেংক স্থাপন কৰিছিল যিয়ে প্ৰথমবাৰৰ বাবে ভাৰতীয় উপমহাদেশত কাগজৰ নোট জাৰি কৰিছিল। কিন্তু সেই নোটসমূহ মূলতঃ টেক্সট্-ভিত্তিক আছিল।[1] Charles Canning, 1st Earl Canning-এ ১৮৬১ চনত ভাৰতীয় উপমহাদেশত আনুষ্ঠানিকভাৱে কাগজৰ মুদ্ৰা প্ৰচলিত কৰিছিল।

ভাৰতৰ বৃত্তিয় লেখ আৰু হুণ্ডীৰ এক সমৃদ্ধ পৰম্পৰা আছে। আধুনিক অৰ্থত, কাগজৰ মুদ্ৰা অষ্টাদশ শতিকাৰ দ্বিতীয়াৰ্ধত প্ৰচলিত হয় যেতিয়া ব্যক্তিগত আৰু অৰ্ধ-সাৰ্বজনিক বেংকসমূহে নোট জাৰি কৰিবলৈ আৰম্ভ কৰিছিল। কাগজৰ মুদ্ৰা আইন, ১৮৬১-ৰদ্বাৰা ভাৰত চৰকাৰক কাগজৰ নোট ছপা আৰু বিতৰণ কৰাৰ একচেটিয়া অধিকাৰ প্ৰদান কৰা হয় আৰু সেই অনুসৰি ব্যক্তিগত প্ৰেছিডেঞ্চী বেংকসমূহৰ নোট জাৰি কৰা আৰু চলাচল নিষিদ্ধ কৰা হয়। ভাৰতীয় ৰিজাৰ্ভ বেংক ১ এপ্ৰিল ১৯৩৫ চনত স্থাপিত হোৱাৰ আগলৈকে ব্ৰিটিছ ভাৰত চৰকাৰে ইয়াক প্ৰিণ্ট আৰু জাৰি কৰি গৈছিল।[2][3]

ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিস্তাৰবাদী নীতিৰ ফলস্বৰূপে বংগত সোণ-ৰূপৰ সংকট সৃষ্টি হৈছিল। উদীয়মান ঋণ-সংকট উপলব্ধি কৰি ব্ৰিটিছ অধিকাৰীয়ে ভাৰতত কাগজৰ মুদ্ৰা প্ৰচলন কৰিছিল।[4]

ঐতিহাসিক আভাস

[সম্পাদনা কৰক]

ৱাৰেন হেষ্টিংছে স্থাপন কৰা বেংক অৱ হিন্দুস্তান (১৭৭০–১৮৩২) সেই সময়ত বংগ আৰু বিহাৰৰ সাধাৰণ বেংক হিচাপে গণ্য হৈছিল আৰু বেংক অৱ বেংগল (১৭৮৪–৯১)-এ প্ৰথম নোট জাৰি কৰিছিল। ইষ্ট ইণ্ডিয়া কোম্পানীৰ চৰকাৰে এই কাগজৰ নোটসমূহ আনুষ্ঠানিক স্বীকৃতি নিদিয়াকৈ কেৱল ব্যক্তিগত লেনদেনত ব্যৱহাৰযোগ্য ‘প্ৰতিশ্ৰুতিবদ্ধঠঠ’ নোট হিচাপে মান্যতা দিছিল। অৰ্থনৈতিক অপব্যৱস্থাপনা বাবদ এই তিনিটা বেংক বন্ধ কৰা হয় আৰু ১৮৩২ চনৰ ভিতৰেই নোটসমূহ চলাচলৰ বাহিৰ হৈছিল। ১৮৬১ চনৰ কাগজৰ মুদ্ৰা আইনৰ পাছত ১৮৬২ চনত ৰাণী ভিক্টোৰিয়াৰ প্ৰতিচ্ছবি যুক্ত নোট আৰু মুদ্ৰাসমূহ জাৰি কৰা হয়।[5]

জালিয়াত নোটৰ ব্যৱসায় বৃদ্ধি পোৱাত নতুন শৃংখলা ১৮৬৭ চনত প্ৰৱৰ্তন কৰা হয় আৰু ই ৫, ১০, ২০, ৫০, ১০০, ৫০০, ১০০০ আৰু ১০,০০০ টকা নোটত বিভক্ত আছিল। ১৯২৩ চনত জৰ্জ পঞ্চমৰ প্ৰতিচ্ছবি সম্বলিত নোটৰ অন্য এক শৃংখলা জাৰি কৰা হৈছিল আৰু ১, ২, ৫, ১০, ৫০, ১০০, ১০০০ আৰু ১০,০০০ টকা নোটৰ বিভাজন অনুসৰি প্ৰচলিত হৈছিল।[6][7]

১৯৩৬ চনৰ জানুৱাৰীত ভাৰতৰ ৰিজাৰ্ভ বেংকে প্ৰথমবাৰৰ বাবে জৰ্জ ষষ্ঠৰ প্ৰতিচ্ছবি যুক্ত পাঁচ টকা নোট জাৰি কৰে। তাৰ পাছত ১০ ফেব্ৰুৱাৰীত ১০ টকা, মাৰ্চত ১০০ টকা আৰু ১৯৩৮ চনৰ জুনত ১০০০ আৰু ১০,০০০ টকা নোট জাৰি কৰা হয়। জৰ্জ ষষ্ঠৰ প্ৰতিচ্ছবি যুক্ত নোট ১৯৪৮ চনলৈকে চলাচলত আছিল আৰু ১৯৫০ চনৰ পাছত অশোক স্তম্ভ যুক্ত নোট জাৰি আৰম্ভ হয়।[8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Dose of history: How paper currency came in India 150 years ago". ইণ্ডিয়া টুডে. 22 November 2016. https://www.indiatoday.in/fyi/story/paper-currency-india-history-banknotes-rs-2000-rs-500-353290-2016-11-22। আহৰণ কৰা হৈছে: 20 July 2021. 
  2. "Paper Currency". Reserve Bank of India's Website. https://www.rbi.org.in/commonman/Bengali/Scripts/FAQs.aspx?Id=5। আহৰণ কৰা হৈছে: 20 July 2021. 
  3. Pal, Sanchari (11 July 2016). "The Intriguing History of the Indian Rupee and it's Evolution". The Better India. https://www.thebetterindia.com/61190/history-indian-rupee/। আহৰণ কৰা হৈছে: 20 July 2021. 
  4. Haraniya, Krutika (5 October 2018). "India's First Currency Note". Live History India. https://www.livehistoryindia.com/story/forgotten-treasures/indias-first-currency-note/। আহৰণ কৰা হৈছে: 20 July 2021. 
  5. Tyagi, Harshita (25 April 2021). "Throwback: How India's paper currency came into existence and evolved over decades". Times Now. https://www.timesnownews.com/business-economy/industry/article/throwback-how-indias-paper-currency-came-into-existence-and-evolved-over-decades/749261। আহৰণ কৰা হৈছে: 20 July 2021. 
  6. Goyal, Shikha (30 November 2017). "The History of the Indian Currency Notes and its Evolution". Jagran Josh. https://www.jagranjosh.com/general-knowledge/the-history-of-the-indian-currency-notes-and-its-evolution-1472803179-1। আহৰণ কৰা হৈছে: 20 July 2021. 
  7. N., Shivam (10 June 2016). "History of the Paper Currency in India: 3 Periods". Economic Discussion. https://www.economicsdiscussion.net/india/paper-currency/history-of-the-paper-currency-in-india-3-periods/21249। আহৰণ কৰা হৈছে: 20 July 2021. 
  8. "Notes of India". Mintage World. https://www.mintageworld.com/note/20-india/। আহৰণ কৰা হৈছে: 20 July 2021.