ভাৰতীয় ডাক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাৰতীয় ডাক
ধৰণ ভাৰত চৰকাৰৰ সংস্থা
স্থাপিত ১ এপ্ৰিল ১৭৭৪
মুখ্য কাৰ্যালয় সংসদ মাৰ্গ, নতুন দিল্লী- ১১০০০১
নেতৃস্থানীয় ব্যক্তিত্ব শ্ৰীমতী পদ্মিনী গোপীনাথ, মুখ্য প্ৰবন্ধক
কৰ্মচাৰীৰ সংখ্যা ৪৬৬,৯০৩
( ৩১ মাৰ্চ ২০১১ পৰ্য্যন্ত )[1]

ভাৰতীয় ডাক বিভাগ, যি ভাৰতীয় ডাক হিচাপে ব্যৱসায় কৰি আছে , হৈছে ভাৰতৰ চৰকাৰ চালিত ডাক প্ৰণালী যাক সাধাৰণতে ডাক ঘৰ হিচাপে জনা যায়।

ইতিহাস[সম্পাদনা কৰক]

প্ৰাক স্বাধীনতা কাল (১৮৫৮-১৯৪৭)[সম্পাদনা কৰক]

Tall, round red mailbox with decorative crown on top
ছিমলাত থকা এটা ব্ৰিটিছ যুগৰ পোষ্ট বক্স

১৮৫৮ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষক ৰাণীৰ হাতত সমৰ্পন কৰাৰ লগে লগে ভাৰতত ব্ৰিটিছ ৰাজৰ প্ৰতিষ্ঠা হয়।[2] ১৮৬১ চনলৈ ৮৮৯টা ডাকঘৰ গা কৰি উঠে য'ত ৪৩ নিযুত চিঠি আৰু ৪.৫ নিযুত বাতৰি কাকতৰ আদান প্ৰদান হৈছিল। ১৯১১ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে বিশ্বৰ প্ৰথম উৰণীয়া ডাক (এয়াৰ মেইল)ৰ ঘটনা ঘটে য'ত হেনৰী পেকুৱেট নামৰ ফৰাচী পাইলত জনে এলাহাবাদৰ পৰা ১৫ কেজি ভাৰ (প্ৰায় ৬০০০ চিঠি) লৈ উৰা মাৰি গংগা নদীৰ সিপাৰে অৱস্থিত নেইনি নামৰ ঠাইত উপস্থিত হয়।

স্বাধীনতা-উত্তৰ কাল[সম্পাদনা কৰক]

স্বাধীনতাৰ পিছৰে পৰা ভাৰতীয় ডাক দেশজুৰি বিভিন্ন সেৱা আগঢ়াবলৈ লয়। ১৯৫৯ চনত ভাৰতীয় ডাক বিভাগে "Service before Self"ক নিজৰ আদৰ্শ বাক্য হিচাপে গ্ৰহণ কৰে। স্বাধীনতাৰ শেহতীয়া কালছোৱাত ভাৰতীয় ডাক বিভাগে আধুনিকীকৰণত ব্যাপক গুৰুত্ব আৰূপ কৰি আহিছে।

কম্পিউতেৰাইজেচন[সম্পাদনা কৰক]

১৯৯১ চনত বহুমুখী কাউণ্টাৰ যন্ত্ৰৰ ব্যৱহাৰ তলত দিয়া লাভালাভৰ বাবে আৰম্ভ কৰা হৈছিল।

  • গ্ৰাহক সেৱাৰ উৎকৰ্ষ সাধন, আয় বৃদ্ধি আৰু কৰ্মচাৰীৰ কাৰ্য্যদক্ষতা বৃদ্ধিৰ বাবে।
  • ডাক সেৱাক ৰাজ্যিক সমাজ-নিৰাপত্তা আঁচনিৰ কেন্দ্ৰ বিন্দু কৰাৰ বাবে।
  • ১,৩০,০০০ গ্ৰাম্য ডাক ঘৰ সমূহক অণুবৈদ্যুতিক (ইলেক্ট্ৰনিক) ব্যৱস্থাৰ জ্বৰিয়তে সংযোগ কৰাৰ বাবে।
  • ডাক সেৱা, ডাক বেংকিং আৰু বীমা সেৱাত কাগজবিহীন লেনদেনৰ বাবে।
  • ডাক সেৱাত ট্ৰেকিং আৰু ট্ৰেচিং ব্যৱস্থা প্ৰয়োগৰ বাবে।

২০০৬-০৭ আৰু ২০১১-১২ চনৰ ভিতৰত এখন ১৮৭৭.২ কোটি টকাৰ আঁচনিৰ জ্বৰিয়তে ২৫,০০০ ডাক ঘৰ (২৫,৪৬৪ৰ ভিতৰত) কম্পিউতেৰাইজড্ কৰা হয়।[3]

অণুবৈদ্যুতিক (ইলেক্ট্ৰনিক) ভাৰতীয় পোষ্টেল অৰ্ডাৰ (e-IPO)[সম্পাদনা কৰক]

২০১৩ চনৰ ২২ মাৰ্চ তাৰিখে অণুবৈদ্যুতিক(ইলেক্ট্ৰনিক) ভাৰতীয় পোষ্টেল অৰ্ডাৰ (e-IPO) আৰম্ভ কৰা হয় কেৱল দেশৰ বাহিৰত থকা ভাৰতীয়ৰ বাবে। এইবোৰ পোষ্টেল অৰ্ডাৰৰ সহায়ত অনলাইন যোগে ২০০৫ চনৰ তথ্য জনাৰ অধিকাৰ আইনৰ মাছুল পৰিশোধ কৰাৰ সুবিধা হ'ল। ২০১৪ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে এই সেৱা সকলো ভাৰতীয়ৰ বাবে মুকলি কৰি দিয়া হয়।[4]

সংগঠন[সম্পাদনা কৰক]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]