ভাৰতীয় নৃত্য কলা মন্দিৰ
| ভাৰতীয় নৃত্য কলা মন্দিৰ भारतीय नृत्य कला मंदिर, पटना | |
|---|---|
| প্ৰতিষ্ঠা | {{{established}}} |
| অৱস্থিতি | {{{location}}} |
ভাৰতীয় নৃত্য কলা মন্দিৰ (ইংৰাজী: Bharatiya Nritya Kala Mandir) বিহাৰৰ ৰাজধানী পাটনাত অৱস্থিত কলা আৰু শিল্প সংগ্ৰহালয় আৰু বহুমুখী সাংস্কৃতিক কেন্দ্ৰ।
ইতিহাস
[সম্পাদনা কৰক]১৯৫০ চনৰ ৮ ডিচেম্বৰত এই কলা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰা হয়।[1] মণিপুৰী আৰু কথকলী নৃত্যৰ নিপুণ পদ্মশ্ৰী হৰি উপ্পলে প্ৰতিষ্ঠা কৰা এই প্ৰতিষ্ঠান ১৯৬৩ চনত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।[2]
অৱলোকন
[সম্পাদনা কৰক]এই ভৱনটোত নৃত্য আৰু নাট্য ষ্টুডিঅ', [3] এটা গেলেৰীৰ স্থান আৰু এটা কলা সংগ্ৰহালয় আছে।[4] প্ৰদৰ্শনৰ কাৰ্যসূচীয়ে থিয়েটাৰৰ পৰা আৰম্ভ কৰি,[5] লাইভ সংগীত, কমেডী, নৃত্য, দৃশ্যকলা, কথিত শব্দ আৰু শিশুৰ অনুষ্ঠানলৈকে সামৰি লয়।
কলা সংগ্ৰহালয়ত পুৰণি কালৰ, ৫০০ খ্ৰীষ্টপূ্ৰ্বৰ ৫০০ খ্ৰীষ্টাব্দলৈ সামৰি লোৱা বহুতো সম্পদ প্ৰদৰ্শন কৰা হৈছে। প্ৰদৰ্শিত সামগ্ৰীসমূহৰ ভিতৰত আছে টেৰাকোটা, গহনা, ধাতুৰ বস্তু, শিলৰ ভাস্কৰ্য্য, শিলৰ সঁজুলি, মৃৎশিল্প, বাদ্যযন্ত্ৰ, কাঠৰ পালকি, বস্ত্ৰ আৰু মুখা।[6] নৃত্য প্ৰশিক্ষকসকলে ওডিছি, ভাৰতনাট্যম, কথক, লোকনৃত্য ইত্যাদি শিক্ষা দিয়ে।
লগতে চাওক
[সম্পাদনা কৰক]প্ৰসংগ
[সম্পাদনা কৰক]- ↑ "The Telegraph — Calcutta (Kolkata) | Bihar | Tributes pour in as Kathakali master leaves dance floor". Telegraphindia.com. 2011-01-04. http://www.telegraphindia.com/1110104/jsp/bihar/story_13386456.jsp। আহৰণ কৰা হৈছে: 2014-04-23.
- ↑ "Nritya Kala Mandir to turn into music college — The Times of India". Timesofindia.indiatimes.com. 2011-04-10. http://timesofindia.indiatimes.com/city/patna/nritya-kala-mandir-to-turn-into-music-college/articleshow/7934298.cms। আহৰণ কৰা হৈছে: 2014-04-23.
- ↑ "Literature fest in Patna during Bihar Diwas celebrations — The Times of India". Timesofindia.indiatimes.com. 2013-03-15. http://timesofindia.indiatimes.com/city/patna/Literature-fest-in-Patna-during-Bihar-Diwas-celebrations/articleshow/18980942.cms। আহৰণ কৰা হৈছে: 2014-04-23.
- ↑ "Praxis a collective show of kala bhavan faculties | Biharplus". Biharplus.in. Archived from the original on 2014-03-20. https://web.archive.org/web/20140320104912/http://www.biharplus.in/news/bihar-events/praxis-a-collective-show-of-kala-bhavan-faculties/। আহৰণ কৰা হৈছে: 2014-04-23.
- ↑ "Art & culture to get a big boost: Modi — The Times of India". Timesofindia.indiatimes.com. 2010-12-26. http://timesofindia.indiatimes.com/city/patna/Art-culture-to-get-a-big-boost-Modi-/articleshow/7169168.cms?referral=PM। আহৰণ কৰা হৈছে: 2014-04-23.
- ↑ "Directorate of Archaeology — Page 6". Yac.bih.nic.in. Archived from the original on 2014-06-22. https://web.archive.org/web/20140622114443/http://yac.bih.nic.in/DA-06.htm। আহৰণ কৰা হৈছে: 2014-04-23.