ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান গুৱাহাটী
| ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান গুৱাহাটী | |
|---|---|
| স্থাপিত | আগষ্ট ২০২৫ |
| ধৰণ | ৰাজহুৱা, ব্যাৱসায়িক বিদ্যালয় (ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান) |
| স্থান | গুৱাহাটী, অসম, ভাৰত |
| ভুক্তি | স্বায়ত্তশাসিত |
| ৱেবছাইট | www |
ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান গুৱাহাটী (ইংৰাজী: Indian Institute of Management Guwahati) চমুকৈ আই আই এম গুৱাহাটী বা আই আই এম-জি অসমৰ গুৱাহাটীত অৱস্থিত এখন ৰাজহুৱা ব্যাৱসায়িক বিদ্যালয়। ২০২৫ চনত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (সংশোধনী) বিধেয়ক, ২০২৫ৰ জৰিয়তে প্ৰতিষ্ঠা কৰা হৈছে। এই প্ৰতিষ্ঠানখন উক্ত বিধেয়কৰ অধীনত সংযোজন হোৱা ২২সংখ্যক ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান। বিধেয়কখনৰ জৰিয়তে ইয়াক ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানৰ মৰ্যাদা প্ৰদান কৰা হৈছে।[1][2][3] ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান গুৱাহাটী ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয়খন ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান।
ইতিহাস
[সম্পাদনা কৰক]এই প্ৰতিষ্ঠান স্থাপনৰ প্ৰস্তাৱ ভাৰত চৰকাৰৰদ্বাৰা উত্তৰ-পূব অঞ্চলত উচ্চ শিক্ষাৰ আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে আগবঢ়োৱা হৈছিল।[4] কেন্দ্ৰীয় মন্ত্ৰীসভাই এই প্ৰস্তাৱত অনুমোদন জনায় আৰু পাছত সংসদত বিধেয়কখন গৃহীত হয়। এই বিধেয়কখন গৃহীত হোৱাৰ ফলত নতুন আই আই এম স্থাপনৰ পথ মুকলি হয়।
চৌহদ
[সম্পাদনা কৰক]প্ৰথম অৱস্থাত প্ৰতিষ্ঠানখনৰ শৈক্ষিক কাৰ্যকলাপ গুৱাহাটীৰ বঙৰা অঞ্চলৰ টেক চিটিত অৱস্থিত অস্থায়ী চৌহদত আৰম্ভ কৰা হৈছে।[5] এই চৌহদত প্ৰাথমিক শৈক্ষিক আৰু প্ৰশাসনিক কাৰ্যসমূহ চলি আছে।[5]
স্থায়ী চৌহদ কামৰূপ জিলাৰ পলাশবাৰীৰ নিকটৱৰ্তী মৰাভিঠাত স্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে। প্ৰায় ৭৬ হেক্টৰ ভূমিত ইয়াক নিৰ্মাণ কৰা হ’ব।[6] এই চৌহদত আধুনিক শ্ৰেণীকক্ষ, গৱেষণা কেন্দ্ৰ, আৱাসিক সুবিধা আৰু প্ৰশাসনিক ভৱন স্থাপন কৰা হ’ব।[6] মৰাভিঠা স্থানখন আগতে ৰাজ্য চৰকাৰৰদ্বাৰা প্ৰস্তাৱিত স্থান হিচাপে চিহ্নিত কৰা হৈছিল।[7]
উদ্বোধন
[সম্পাদনা কৰক]২০২৬ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই প্ৰতিষ্ঠানখনৰ শৈক্ষিক কাৰ্যসূচীৰ আনুষ্ঠানিক উদ্বোধন কৰে।[6][5] এই উদ্বোধনটো ভাৰ্চুৱেল পদ্ধতিৰে অনুষ্ঠিত হৈছিল আৰু ইয়াৰ লগে লগে প্ৰতিষ্ঠানখনৰ একাডেমিক কাৰ্যসূচী আৰম্ভ হয়।[5]
উদ্বোধনৰ সময়ত কেন্দ্ৰীয় চৰকাৰে ₹৫৫৫ কোটি টকাৰ বিনিয়োগ অনুমোদন কৰে। এই পুঁজি অস্থায়ী চৌহদ, স্থায়ী চৌহদ আৰু প্ৰাথমিক কাৰ্যকলাপসমূহৰ বাবে ব্যৱহাৰ কৰা হ’ব।[6]
শিক্ষাক্ৰম
[সম্পাদনা কৰক]আই আই এম গুৱাহাটীত ২০২৬–২৭ শিক্ষাবৰ্ষৰপৰা প্ৰথমবাৰৰ বাবে ব্যৱস্থাপনা স্নাতকোত্তৰ (MBA/PGP) কাৰ্যসূচী আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে।[6] আৰম্ভণিৰ পৰ্যায়ত কাৰ্যসূচীসমূহ মেণ্টৰ প্ৰতিষ্ঠান ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান আহমেদাবাদৰ সহায়ত পৰিচালিত হ’ব।[5]
পৃষ্ঠভূমি আৰু প্ৰভাৱ
[সম্পাদনা কৰক]এই প্ৰতিষ্ঠান স্থাপন ভাৰতৰ উত্তৰ-পূব অঞ্চলত উচ্চ মানৰ ব্যৱস্থাপনা শিক্ষা বিস্তাৰৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।[4] এইটোৱে অঞ্চলটোৰ শিক্ষাৰ্থীসকলৰ বাবে উন্নত মানৰ শিক্ষা লাভৰ সুযোগ বৃদ্ধি কৰাৰ লগতে আৰ্থ-সামাজিক উন্নয়নত সহায় কৰিব বুলি আশা কৰা হৈছে।[5]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "Lok Sabha passes bill to set up Indian Institute of Management in Guwahati". The Economic Times. 2025-08-19. ISSN 0013-0389. https://economictimes.indiatimes.com/news/india/lok-sabha-passes-bill-to-set-up-indian-institute-of-management-in-guwahati/articleshow/123385579.cms.
- ↑ "IIM Guwahati to start academic session this year: Dharmendra Pradhan" (en ভাষাত). Hindustan Times. 2025-08-20. https://www.hindustantimes.com/india-news/iim-guwahati-to-start-academic-session-this-year-dharmendra-pradhan-101755689498058.html। আহৰণ কৰা হৈছে: 2025-08-21.
- ↑ "After LS, RS passes bill to set up new IIM in Guwahati". The Times of India. 2025-08-21. ISSN 0971-8257. https://timesofindia.indiatimes.com/city/guwahati/after-ls-rs-passes-bill-to-set-up-new-iim-in-guwahati/articleshow/123416643.cms.
- 1 2 "Parliament clears Bill to establish Assam's first IIM in Guwahati". The Economic Times. 2025-08-20. https://economictimes.indiatimes.com/news/india/parliament-clears-bill-to-establish-assams-first-iim-in-guwahati/articleshow/123411725.cms.
- 1 2 3 4 5 6 "PM Narendra Modi inaugurates IIM Guwahati; check curriculum and operation details". The Telegraph. 2026-02-17. https://www.telegraphindia.com/edugraph/news/pm-narendra-modi-inaugurates-iim-guwahati-check-curriculum-and-operation-details/cid/2147680.
- 1 2 3 4 5 "PM Modi Virtually Inaugurates IIM Guwahati; Rs 555 Crore Approved for Permanent Campus". 2026-02-16. https://ardorcomm-media.com/pm-modi-virtually-inaugurates-iim-guwahati-rs-555-crore-approved-for-permanent-campus/.
- ↑ "Cong MPs did not oppose IIM in Guwahati: Bordoloi". The Times of India. 2025-08-22. https://timesofindia.indiatimes.com/city/guwahati/cong-mps-did-not-oppose-iim-in-guwahati-bordoloi/articleshow/123438456.cms.