সমললৈ যাওক

ভাৰতীয় লোক কলা মণ্ডল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাৰতীয় লোক কলা মণ্ডল
প্ৰতিষ্ঠা ১৯৫২
অৱস্থিতি উদয়পুৰ, ৰাজস্থান, ভাৰত
প্ৰকাৰ সাংস্কৃতিক প্ৰতিষ্ঠান, সংগ্ৰহায়লয়

ভাৰতীয় লোক কলা মণ্ডল (ইংৰাজী: Bharatiya Lok Kala Mandal ) হৈছে ৰাজস্থানৰ উদয়পুৰ ভিত্তিক ৰাজস্থান, গুজৰাট আৰু মধ্যপ্ৰদেশৰ লোকশিল্প, সংস্কৃতি, গীত আৰু উৎসৱৰ অধ্যয়নত আৰু লগতে লোককলা, লোকনৃত্য আৰু লোকসাহিত্যক জনপ্ৰিয়কৰণ আৰু প্ৰচাৰৰ কামত নিয়োজিত। ১৯৫২ চনত পদম শ্ৰী প্ৰয়াত দেৱী লাল সমৰে প্ৰতিষ্ঠা কৰা এই প্ৰতিষ্ঠানটোত ৰাজস্থানৰ লোক সাজ-পোছাক, অলংকাৰ, পপেট, মুখা, পুতলা, লোক বাদ্যযন্ত্ৰ, লোকদেৱতা আৰু চিত্ৰকলাৰ সংগ্ৰহ প্ৰদৰ্শিত হয়। ইয়াত পুতলা থিয়েটাৰ (কাঠপুতলী)ও আছে, য’ত নিয়মীয়াকৈ পুতলানাচ প্ৰদৰ্শন কৰা হয়। [1][2][3]

সংগ্ৰহালয়

[সম্পাদনা কৰক]

এই প্ৰতিষ্ঠানখনৰ ৰাজস্থানৰ লোককলাৰ প্ৰতি সমৰ্পিত এটা সংগ্ৰহালয়ো আছে।

দেৱাল চিত্ৰণ
অন্য সংগ্ৰহ