ভাৰতীয় সংগ্ৰহালয়
ভাৰতীয় সংগ্ৰহালয় | |
---|---|
![]() ভাৰতীয় সংগ্ৰহালয় প্ৰাংগণ | |
প্ৰতিষ্ঠা | ২ ফেব্ৰুৱাৰী ১৮১৪ |
অৱস্থিতি | ২৭, জৱাহৰলাল ৰোড, পাৰ্ক ষ্ট্ৰীট, কলকাতা ৭০০০১৬ |
প্ৰকাৰ | সংগ্ৰহালয় |
সংগ্ৰহৰ সংখ্যা | ২.৫ মিলিয়ন |
সঞ্চালক | অৰিজিত দত্ত চৌধুৰী |
ৰাজহুৱা পৰিবহন | কলকাতা মেট্ৰো (পাৰ্ক ষ্ট্ৰীট ষ্টেচন) |
ৱেবছাইট | indianmuseumkolkata.org |
ভাৰতীয় সংগ্ৰহালয় (ইংৰাজী: Indian Museum) ভাৰতৰ পশ্চিম বংগৰ মধ্য কলকাতাত অৱস্থিত এক বৃহৎ সংগ্ৰহালয়। স্বাধীনতাৰ পূৰ্বে ইয়াক ইম্পেৰিয়েল মিউজিয়াম অফ কলকতা বুলি কোৱা হৈছিল।[1][2] সংগ্ৰহৰ আকাৰ অনুসৰি ই বিশ্বৰ নৱম পুৰণি সংগ্ৰহালয় আৰু এছিয়াৰ আটাইতকৈ পুৰণি আৰু বৃহৎ সংগ্ৰহালয়।[3][4][5] ইয়াত প্ৰাচীন সামগ্ৰী, কৱচ আৰু অলংকাৰ, জীৱাশ্ম, কংকাল, মমি আৰু মোগল চিত্ৰৰ বিৰল সংগ্ৰহ আছে। ১৮১৪ চনত ভাৰতৰ কলকাতাত এছিয়াটিক ছ’চাইটি অফ বেংগলে এই সংগ্ৰহালয়টো প্ৰতিষ্ঠা কৰিছিল। প্ৰতিষ্ঠাপক কিউৰেটৰ আছিল ডেনিছ উদ্ভিদবিদ নাথানিয়েল ৱালিচ।
ইয়াত ছটা খণ্ডত সাংস্কৃতিক আৰু বৈজ্ঞানিক সামগ্ৰীৰ পঁত্ৰিশটা গেলেৰী আছে; যাৰ ভিতৰত ভাৰতীয় শিল্প, পুৰাতত্ত্ব, নৃতত্ত্ব, ভূতত্ত্ব, প্ৰাণীবিজ্ঞান আৰু অৰ্থনৈতিক উদ্ভিদ বিজ্ঞান অন্তৰ্ভূক্ত। মানৱীয় আৰু প্ৰাকৃতিক বিজ্ঞানৰ সৈতে জড়িত ভাৰতীয় আৰু ট্ৰাঞ্চ ইণ্ডিয়ান উভয় ধৰণৰ বহুতো বিৰল আৰু অনন্য নমুনা সংৰক্ষিত কৰি এই শিতানসমূহৰ গেলেৰীত প্ৰদৰ্শিত কৰা হয়। বিশেষকৈ কলা আৰু পুৰাতত্ত্ব বিভাগত আন্তঃৰাষ্ট্ৰীয় বহুতো গুৰুত্বপূৰ্ণ সংগ্ৰহ আছে।
এইটো ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ এটা স্বায়ত্তশাসিত সংগঠন। ভাৰতীয় সংগ্ৰহালয়ৰ বৰ্তমানৰ সঞ্চালক হৈছে শ্ৰী অৰিজিত দত্ত চৌধুৰী, যি এন.চি.এছ.এমৰো সঞ্চালক প্ৰধান আৰু লগতে ৰাষ্ট্ৰীয় পুথিভঁৰালৰ সঞ্চালক প্ৰধানৰ অতিৰিক্ত দায়িত্বতো আছে।[6]
সংগ্ৰহালয় গেলাৰী
[সম্পাদনা কৰক]-
হাতীৰ কংকাল
-
গেলাৰী
-
জাৰ
-
বিভিন্ন ধৰণৰ জীৱাস্ম
-
তুশিতা স্বৰ্গত বুদ্ধ প্ৰচাৰ, অমৰাৱতী স্তুপ, সাতবাহন যুগ, খ্ৰীষ্টীয় ২য় শতিকা
-
ইজিপ্তীয় প্ৰদৰ্শন
-
শিলত বুদ্ধৰ ভৰিৰ ছাপ
-
বুদ্ধ
প্ৰসংগ
[সম্পাদনা কৰক]- ↑ Indian Museum information and experience, Kolkata Archived 3 February 2020 at the Wayback Machine, Ministry of Culture, Government of India
- ↑ "Home | Indian Museum Kolkata". indianmuseumkolkata.org. https://indianmuseumkolkata.org/। আহৰণ কৰা হৈছে: 2019-10-22.
- ↑ "Indian Museum, Kolkata: Information, History, Timings, Entry Fee, Facts" (en-US ভাষাত). FabHotels Travel Blog. 2019-06-20. https://www.fabhotels.com/blog/indian-museum-kolkata/। আহৰণ কৰা হৈছে: 2020-04-17.
- ↑ "indian museum address - ixigo trip planner!". www.ixigo.com. https://www.ixigo.com/indian-museum-kolkata-india-location-address-situated-map-ne-1274422। আহৰণ কৰা হৈছে: 2020-04-17.
- ↑ "Indian Museum, Kolkata: A History of Indian Sculpture" (en-GB ভাষাত). The Heritage Lab. 2016-12-01. https://www.theheritagelab.in/indian-museum-kolkata-history-indian-sculpture/। আহৰণ কৰা হৈছে: 2020-04-17.
- ↑ "Indian Participants - National Council of Science Museums." Ncsm.gov.in/TenderDoc/Announcement%20Brochure%20India.pdf. N.p., n.d. Web.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]![]() |
ৱিকিমিডিয়া কমন্সত Indian Museum, Kolkata সম্পৰ্কীয় মিডিয়া ফাইল আছে। |