সমললৈ যাওক

ভাৰতীয় সংসদ ভৱন আক্ৰমণ, ২০০১

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাৰতীয় সংসদ ভৱন আক্ৰমণ, ২০০১
স্থান নতুন দিল্লী, দিল্লী, ভাৰত
স্থানাংক 28°37′02″N 77°12′29″E / 28.6172°N 77.2081°E / 28.6172; 77.2081স্থানাংক: 28°37′02″N 77°12′29″E / 28.6172°N 77.2081°E / 28.6172; 77.2081
তাৰিখ ১৩ ডিচেম্বৰ ২০০১ (UTC+05:30)
লক্ষ্য পুৰণি সংসদ ভৱন, নতুন দিল্লী
আক্ৰমণৰ ধৰণ
গণ গুলীচালনা
অস্ত্ৰ-শস্ত্ৰ একে-৪৭ ৰাইফল, পিষ্টল, গ্ৰেনেড লঞ্চাৰ, হেণ্ড গ্ৰেনেড, বিস্ফোৰক বেল্ট
নিহত 14 (৫জন আতংকবাদীকে ধৰি)
আহত ১৮
কূটাঘাতকাৰী জেঈশ-ঈ-মহম্মদ[1]

২০০১ চনৰ ১৩ ডিচেম্বৰত জেঈশ-ই-মহম্মদৰ পাঁচজন সন্ত্ৰাসবাদীয়ে ভাৰতৰ নতুন দিল্লীত অৱস্থিত ভাৰতৰ সংসদত সন্ত্ৰাসবাদী আক্ৰমণ চলাইছিল। পাঁচোটা সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীৰ হাতত নিহত হয়।

পাকিস্তানৰ পৰা কাম কৰি থকা দুটা সন্ত্ৰাসবাদী গোট লস্কৰ-ঈ-তৈবা (LeT) আৰু জয়ছ-ঈ-মহম্মদ (JeM)ৰ ওপৰত ভাৰতীয় কৰ্তৃপক্ষই এই আক্ৰমণ সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে;[2][3] অৱশ্যে লস্কৰ-ঈ-তৈবাই ইয়াৰ লগত জড়িত হোৱা বুলি অস্বীকাৰ কৰে।

এই কাণ্ডৰ ফলত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বাঢ়ি যায়, যাৰ ফলত ২০০১–২০০২ চনত ভাৰত–পাকিস্তান সমুখ-সমৰলৈ আহে।

২০০১ চনৰ ১৩ ডিচেম্বৰত গৃহ মন্ত্ৰালয় আৰু সংসদৰ লেবেল থকা এখন গাড়ীত পাঁচজন জয়ছ-ঈ-মহম্মদ সন্ত্ৰাসবাদীয়ে সংসদত প্ৰৱেশ কৰে।[4]এই ঘটনাৰ ৪০ মিনিট পূৰ্বে ৰাজ্যসভা আৰু লোকসভা দুয়োখনেই স্থগিত ৰখা হৈছিল যদিও আক্ৰমণৰ সময়ত বহু সংসদৰ সদস্য (সাংসদ) আৰু গৃহমন্ত্ৰী এল কে আদবানী আৰু প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী হৰিণ পাঠকৰ দৰে চৰকাৰী বিষয়াও ভৱনটোত আছিল বুলি ধাৰণা কৰা হৈছিল।[5] সেই সময়ত সংসদ ভৱনৰ ভিতৰত আছিল প্ৰধান ৰাজনীতিবিদকে ধৰি ১০০ৰো অধিক লোক। বন্দুকধাৰীয়ে চলোৱা গাড়ীখনত ভুৱা পৰিচয় ষ্টীকাৰ ব্যৱহাৰ কৰিছিল আৰু এইদৰে সংসদীয় কমপ্লেক্সৰ চাৰিওফালে নিয়োজিত নিৰাপত্তা ব্যৱস্থা সহজেই ভংগ কৰিছিল।[6] সন্ত্ৰাসবাদীসকলৰ হাতত আছিল এ কে-৪৭ ৰাইফল, গ্ৰেনেড লঞ্চাৰ, পিষ্টল আৰু গ্ৰেনেড।[7]

বন্দুকধাৰীয়ে নিজৰ বাহনখন ভাৰতৰ উপ-ৰাষ্ট্ৰপতি কৃষণ কান্তৰ (যি সেই সময়ত ভৱনটোত আছিল) গাড়ীত উঠাই, তাৰ পিছত নামি গুলী চলাবলৈ আৰম্ভ কৰে। উপ-ৰাষ্ট্ৰপতিৰ প্ৰহৰী আৰু নিৰাপত্তাৰক্ষীয়ে আক্ৰমণকাৰীক প্ৰত্যুত্তৰ দি গুলীচালনা কৰাৰ পিছত চৌহদৰ গেট বন্ধ কৰিবলৈ আৰম্ভ কৰে। ২০০১ চনৰ অক্টোবৰ মাহত জম্মু-কাশ্মীৰশ্ৰীনগৰৰ সভাত একেধৰণৰ আক্ৰমণ সংঘটিত হৈছিল আৰু ৩৮ জন লোকৰ মৃত্যু হৈছিল।[6]

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ কনিষ্টবল কমলেশ কুমাৰীয়ে প্ৰথমে উগ্ৰপন্থীক দেখা পায় আৰু এলাৰ্ম বজাই থকাৰ সময়তে গুলীচালনা কৰে। তেওঁৰ থিতাতে মৃত্যু হয়। এজন বন্দুকধাৰীৰ চুইচাইড ভেষ্ট বিস্ফোৰণ ঘটিছিল যেতিয়া তেওঁক গুলীয়াই হত্যা কৰা হৈছিল; বাকী চাৰিজন বন্দুকধাৰীকো নিহত কৰা হয়। মন্ত্ৰী-সাংসদ কোনো আঘাত নোপোৱাকৈ সাৰি গ’ল। আক্ৰমণকাৰীৰ দ্বাৰা নিহত হোৱা মুঠ লোকৰ সংখ্যা ৯ জন আৰু আন কমেও ১৭ জন লোক আহত হয়।[6][8]

কূটাঘাতকাৰী

[সম্পাদনা কৰক]

দিল্লী আৰক্ষীয়ে জনোৱা মতে, পাঁচজন সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাইছিল আৰু তেওঁলোকে দিয়া নামসমূহ হ’ল : হামজা, হাইদৰ ওৰফে টুফাইল, ৰানা, ৰাজা আৰু মহম্মদ – যিসকল জয়ছ-ঈ-মহম্মদৰ সদস্য আছিল আৰু নিহত হৈছিল।[7][9][10]

নিহত সন্ত্ৰাসবাদীসকলৰ এজনে ইয়াৰ পূৰ্বে ইণ্ডিয়ান এয়াৰলাইন্সৰ বিমান ৮১৪ অপহৰণতো অংশগ্ৰহণ কৰিছিল।[11]

দিল্লী আৰক্ষীৰ বিষয়াসকলে কয় যে বন্দুকধাৰীসকলে পাকিস্তানৰ পৰা নিৰ্দেশনা লাভ কৰিছিল আৰু এই অভিযান পাকিস্তানৰ আন্তঃসেৱা চোৰাংচোৱা সংস্থা (আই এছ আই)ৰ নিৰ্দেশনাত সংঘটিত হৈছিল।[7] কেথী স্কট-ক্লাৰ্ক আৰু এড্ৰিয়ান লেভিয়ে তেওঁলোকৰ গ্ৰন্থ দ্য এক্সাইল: দ্য ফ্লাইট অৱ ওছামা বিন লাডেনত উল্লেখ কৰিছে যে তেতিয়াৰ চিআইএ ষ্টেচনৰ মুৰব্বী ৰবাৰ্ট গ্ৰেনিয়াৰ আৰু ৰাষ্ট্ৰদূত ৱেণ্ডী চেম্বাৰলিনে সন্দেহ কৰিছিল যে আইএছআইয়ে এই আক্ৰমণত অনুমোদন জনাইছিল যাতে আলী জান আউৰাকজাইৰ কমাণ্ডত সৈন্যক ডুৰাণ্ড লাইনৰ পৰা আঁতৰি যাবলৈ বাধ্য কৰাব পাৰে, যাৰ ফলত ওছামা বিন লাডেনে ট’ৰা যুদ্ধৰ সময়ত পাকিস্তানত পলায়ন কৰিব পাৰে।[12]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Mastermind killed". China Daily. 2003-08-31. http://www.chinadaily.com.cn/en/doc/2003-08/31/content_259902.htm. 
  2. "Govt blames LeT for Parliament attack". Rediff.com. 14 December 2001. http://www.rediff.com/news/2001/dec/14parl12.htm। আহৰণ কৰা হৈছে: 8 September 2011. 
  3. "Terrorist Attack on the Parliament of India". Embassy of India – Washington DC. 2001-12-18. http://www.indianembassy.org/new/parliament_dec_13_01.htm। আহৰণ কৰা হৈছে: 2018-12-12. 
  4. "The terrorists had the home ministry and special Parliament label". Rediff.com India. 13 December 2001. http://www.rediff.com/news/2001/dec/13parl14.htm. 
  5. "Terrorists attack Parliament; five intruders, six cops killed". Rediff.com. 13 December 2001. http://www.rediff.com/news/2001/dec/13parl1.htm. 
  6. 6.0 6.1 6.2 "2001: Suicide attack on Indian parliament". BBC News. http://news.bbc.co.uk/onthisday/hi/dates/stories/december/13/newsid_3695000/3695057.stm. 
  7. 7.0 7.1 7.2 Vishnu, J T (17 December 2001). "ISI supervised Parliament attack Main coordinator of Jaish, two others arrested". The Tribune. Archived from the original on 3 March 2016. https://web.archive.org/web/20160303220136/http://www.tribuneindia.com/2001/20011217/main1.htm. 
  8. PTI (13 December 2011). "Parliament attack victims remembered". The Hindu. http://www.thehindu.com/news/cities/Delhi/parliament-attack-victims-remembered/article2711970.ece. 
  9. "PM Modi pays homage to the 2001 Parliament attack martyrs: Key points about the heinous attack". Penske Media CorporationIndia.com. 16 December 2016. http://www.india.com/news/india/pm-modi-pays-homage-to-the-2001-parliament-attack-martyrs-key-points-about-the-heinous-attack-1704511/। আহৰণ কৰা হৈছে: 5 January 2018. "The names of the terrorists given by Delhi Police were Hamza, Haider alias Tufail, Rana, Ranvijay and Mohammed." 
  10. Kaur, Naunidhi (21 December 2002). "Conviction in Parliament attack case". Frontline খণ্ড 19 (23). http://www.frontline.in/static/html/fl1926/stories/20030103005713300.htm। আহৰণ কৰা হৈছে: 23 October 2014. 
  11. "IC-814 victim Rupin Katyal gets justice, hijacker Ibrahim killed in Karachi". Hindustan Times. 8 March 2022. https://www.hindustantimes.com/world-news/ic814-victim-rupin-katyal-gets-justice-hijacker-ibrahim-killed-in-karachi-101646712210813.html. 
  12. Levy, Adrian; Scott-Clark, Catherine (23 May 2017). The Exile: The Flight of Osama bin Laden. Bloomsbury Publishing. পৃষ্ঠা. 77–78. ISBN 978-1-4088-5878-3. https://books.google.com/books?id=uHG9DAAAQBAJ.