সমললৈ যাওক

ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (National Film Development Corporation of India)
উদ্যোগ চলচ্চিত্ৰ উদ্যোগ
পূৰ্বসূৰী ফিল্ম ফাইনেন্স কৰ্প’ৰেশ্যন
ফিল্মছ ডিভিজন অফ ইণ্ডিয়া
স্থাপিত ১৯৭৫
মুখ্য কাৰ্যালয় মুম্বাই, ভাৰত
দেশ/অঞ্চল নেহৰু চেণ্টাৰ, ডাঃ এনী বেচেণ্ট ৰোড, ৱৰ্লী, মুম্বাই – ৪০০ ০১৮, ভাৰত
পণ্য চলচ্চিত্ৰ
স্বত্বাধিকাৰী
  • তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
  • ভাৰত চৰকাৰ
ৱেবছাইট www.nfdcindia.com

ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (National Film Development Corporation of India) চমুকৈ 'এনএফডিচি' (NFDC) হৈছে উচ্চমানৰ ভাৰতীয় চলচ্চিত্ৰক উৎসাহিত কৰিবলৈ ১৯৭৫ চনত মুম্বাইত স্থাপিত এক কেন্দ্ৰীয় সংস্থা।[1]ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত চলচ্চিত্ৰ বিত্তীয় সাহায্য, প্ৰযোজনা আৰু বিতৰণৰ ক্ষেত্ৰত কাম কৰে। এনএফডিচিৰ প্ৰাথমিক লক্ষ্য হৈছে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ এক সংহত আৰু দক্ষ বিকাশৰ পৰিকল্পনা কৰা, ইয়াৰ প্ৰসাৰ ঘটোৱা আৰু চলচ্চিত্ৰৰ উৎকৃষ্টতাক লালন-পালন কৰা।

ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (NFDC) ১৯৭৫ চনত প্ৰতিষ্ঠা কৰা হৈছিল।[2] বছৰ বছৰ ধৰি এনএফডিচিয়ে ভাৰতীয় চলচ্চিত্ৰৰ বিকাশত, বিশেষকৈ ১৯৭০ আৰু ১৯৮০ৰ দশকৰ ভাৰতীয় সমান্তৰাল চিনেমাৰ ক্ষেত্ৰত অপৰিহাৰ্য সেৱা আগবঢ়াই আহিছে।[3] এনএফডিচি (আৰু ইয়াৰ পূৰ্বৰ ফিল্ম ফাইনেন্স কৰ্প’ৰেশ্যন)-এ এতিয়ালৈকে ৩০০তকৈও অধিক চলচ্চিত্ৰত বিত্তীয় সহায় আগবঢ়াইছে বা প্ৰযোজনা কৰিছে। বিভিন্ন ভাৰতীয় ভাষাত নিৰ্মিত এই ছবিসমূহে বহুল সমাদৰ লাভ কৰাৰ লগতে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। ২০০০ চনৰ আৰম্ভণিৰ এটা উদাহৰণ হ’ল জ্যোতি স্বৰূপৰ দ্বাৰা পৰিচালিত তৃতীয়খন কাশ্মীৰী কাহিনী চিত্ৰ বাব

১৯৮২ চনত ডি ভি এছ ৰাজুৰ সভাপতিত্বত এনএফডিচিয়ে গান্ধী ছবিখনৰ অন্যতম প্ৰযোজনা প্ৰতিষ্ঠান হিচাপে কাম কৰিছিল, যিখন ছবিয়ে আঠটাকৈ একাডেমী বঁটা লাভ কৰিছিল।[4][5]

চলচ্চিত্ৰ সাংবাদিক তথা ফিল্মফেয়াৰৰ প্ৰাক্তন সম্পাদক বি কে কৰঞ্জিয়া কেইবাবছৰ ধৰি এনএফডিচিৰ অধ্যক্ষ আছিল। ইয়াৰ পূৰ্বৰ সংস্থা ফিল্ম ফাইনেন্স কৰ্প’ৰেশ্যন গঠনত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল।[6]

পৰিচালক ৰমেশ চিপ্পীয়ে ২০১২ চনত এনএফডিচিৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে। তেওঁ ২০০৮ চনত নিযুক্ত অভিনেতা ওম পুৰীৰ স্থলাভিষিক্ত হয়। ২০১৫ চনত সুৰেশ গোপীক নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়।[7]

চিনেমাছ অফ ইণ্ডিয়া

[সম্পাদনা কৰক]

২০১৩ চনত এনএফডিচিয়ে (NFDC) ১৯৮০-ৰ দশকৰ পৰা ইয়াৰ দ্বাৰা প্ৰযোজিত সমান্তৰাল চিনেমাসমূহৰ প্ৰসাৰ আৰু বিতৰণৰ বাবে বিশেষভাৱে "চিনেমাছ অফ ইণ্ডিয়া" নামৰ এটা লেবেল আৰম্ভ কৰে। ইয়াৰ অধীনত এখন সুকীয়া ৱেবছাইট মুকলি কৰাৰ লগতে দীৰ্ঘদিন ধৰি প্ৰচলিত নোহোৱা বহুতো চলচ্চিত্ৰ পুনৰুদ্ধাৰ কৰি অনলাইন ষ্ট্ৰীমিং আৰু ডিভিডি যোগে উপলব্ধ কৰা হৈছে। এই শৃংখলাটোৰ উল্লেখযোগ্য চলচ্চিত্ৰসমূহৰ ভিতৰত আছে মিৰ্চ মছলা (১৯৮৭), এক দিন আচানক (১৯৮৯), ট্ৰেইন টু পাকিস্তান (১৯৯৮), মাম্মো (১৯৯৪), উছকি ৰুটি (১৯৬৯), কমলা কি মৌত (১৯৮৯) আৰু ২৭ ডাউন (১৯৭৪)।[8][9]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "NFDC: Filming in India, Shooting in India, Indian Movies, Indian Films & Cinema, Bollywood". Nfdcindia.com. Archived from the original on 20 April 2010. https://web.archive.org/web/20100420024905/http://www.nfdcindia.com/about_us.php আহৰণ কৰা হৈছে: 2 August 2010.
  2. "NFDC: Filming in India, Shooting in India, Indian Movies, Indian Films & Cinema, Bollywood". Nfdcindia.com. Archived from the original on 9 November 2006. https://web.archive.org/web/20061109091711/http://www.nfdcindia.com/our_services.php আহৰণ কৰা হৈছে: 2 August 2010.
  3. "NFDC creates buzz in Cannes film market". The Indian Express. 22 May 2008. Archived from the original on 11 October 2012. https://web.archive.org/web/20121011161332/http://www.expressindia.com/latest-news/NFDC-creates-buzz-in-Cannes-film-market/313166/.
  4. Wakeman, John. World Film Directors, Volume 2. The H. W. Wilson Company. 1988. 82.
  5. Special Correspondent. "Film producer D.V.S. Raju passes away". The Hindu. http://www.thehindu.com/news/national/article884479.ece আহৰণ কৰা হৈছে: 24 October 2014.
  6. "Film scribe B K Karanjia passes away". The Times of India. 25 June 2012. http://timesofindia.indiatimes.com/city/pune/Film-scribe-B-K-Karanjia-passes-away/articleshow/14379393.cms.
  7. "Om Puri to be the Chairman of NFDC". The Indian Express (New Delhi). 23 April 2008. http://screen.indianexpress.com/news/om-puri-to-be-the-chairman-of-nfdc/300597.
  8. Narayan, Hari (29 July 2013). "Revisiting the masters". The Hindu. http://www.thehindu.com/features/cinema/revisiting-the-masters/article4960451.ece.
  9. "Meet the frownies". Livemint. 28 September 2013. http://www.livemint.com/Leisure/NhmgNVJ8qGK6HUBiRfp7fI/Movies--Meet-the-frownies.html আহৰণ কৰা হৈছে: 4 October 2013.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]