সমললৈ যাওক

ভাৰতী পাৱাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাৰতী পাৱাৰ

২০২১ চনত পাৱাৰ
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
কাৰ্যকাল
৭ জুলাই ২০২১ – ১১ জুন ২০২৪
ৰাষ্ট্ৰপতি *ৰামনাথ কোবিন্দ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
মন্ত্ৰী মানসুখ এল মাণ্ডবিয়া
পূৰ্বসূৰী অশ্বিনী কুমাৰ চৌবে
জনজাতীয় পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী
কাৰ্যকাল
৭ ডিচেম্বৰ ২০২৩ – ১১ জুন ২০২৪
Serving with বিশ্বেশ্বৰ টুডু
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
মন্ত্ৰী অৰ্জুন মুণ্ডা
পূৰ্বসূৰী ৰেণুকা সিং
উত্তৰসূৰী দুৰ্গা দাস উইকে
সংসদৰ সদস্য, লোকসভা
কাৰ্যকাল
১৯ মে' ২০১৯ – ৪ জুন ২০২৪
পূৰ্বসূৰী হৰিশচন্দ্ৰ চাৱন
উত্তৰসূৰী ভাস্কৰ ভগৰে
সমষ্টি ডিন্দোৰি (লোকসভা সমষ্টি)
ব্যক্তিগত তথ্য
জন্ম ১৩ ছেপ্টেম্বৰ, ১৯৭৮ (৪৬ বছৰ)
নাশিক জিলা, মহাৰাষ্ট্ৰ, ভাৰত
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
আন ৰাজনৈতিক
সম্পৰ্ক
জাতীয়তাবাদী কংগ্ৰেছ দল
দাম্পত্যসঙ্গী প্ৰবীণ অৰ্জুন পাৱাৰ
সমন্ধ অৰ্জুন তুলশীৰাম পাৱাৰ (শহুৰেক)

হৰিশচন্দ্ৰ চৱন(পিতৃ)

নীতিন অৰ্জুন পাৱাৰ(ভায়েক)
শিক্ষা এম.বি.বি.এছ.
শিক্ষানুষ্ঠান পুনে বিশ্ববিদ্যালয়

ভাৰতী প্ৰবীণ পাৱাৰ (ইংৰাজী: Bharati Pravin Pawar) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ২০২১ চনৰ ৭ জুলাইৰ পৰা ২০২৪ চনৰ ১১ জুনলৈ তেওঁ ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী[1] হিচাপে কৰ্মনিৰ্বাহ কৰিছে৷ পুনৰ ২০২৩ চনৰ ৭ ডিচেম্বৰৰ পৰা ২০২৪ চনৰ ১১ জুনলৈ জনজাতি পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য৷

২০১৯ চনত তেওঁ লোকমত মিডিয়া গোষ্ঠীৰ পৰা শ্ৰেষ্ঠ মহিলা সংসদ সদস্যৰ সন্মান লাভ কৰিছে৷[2][3]

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

১৯৭৮ চনৰ ১৩ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰৰ নাশিকৰ আদিবাসী অঞ্চলৰ নাৰুল-কালৱানত ভাৰতী পাৱাৰৰ জন্ম হৈছিল ।[4][5]প্ৰবীণ পাৱাৰৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন হয়।

তেওঁ প্ৰাক্তন মন্ত্ৰী অৰ্জুন তুলশীৰাম পাৱাৰৰ বোৱাৰী।[6][7][8][9]

পাৱাৰে ২০০২ চনত[10] এন.ডি.এম.ভি.পি.ৰ মেডিকেল কলেজ, নাচিকৰ পৰা এম বি বি এছ লাভ কৰে।[5]


ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

ভাৰতী পাৱাৰে জিলা পৰিষদৰ সদস্য হিচাপে নিজৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰে।[5] ২০১৪ চনত জাতীয়তাবাদী কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে তেওঁ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীৰ হাতত পৰাস্ত হৈছিল।[11] ২০১৯ চনত পুনৰ প্ৰাৰ্থীত্বৰ বাবে অনুৰোধ জনাইছিল যদিও জাতীয়তাবাদী কংগ্ৰেছ দলে তেওঁৰ অনুৰোধ নাকচ কৰে। ২০১৯ চনত তেওঁ বিজেপিত যোগদান কৰে। ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ পিছত তেওঁ নিৰ্বাচনত জয়ী হয়।[12]

তেওঁৰ শহুৰেক একে অঞ্চলৰ পৰা ৮ বাৰৰ বিধায়ক আছিল আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ প্ৰথম দেশমুখ মন্ত্ৰালয়ত জনজাতীয় কল্যাণৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[13]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Cabinet Reshuffle: The full list of Modi's new ministers and what they got". The Economic Times. 8 July 2021. https://economictimes.indiatimes.com/news/politics-and-nation/cabinet-reshuffle-meet-some-of-the-faces-from-pm-modis-new-team/articleshow/84203141.cms। আহৰণ কৰা হৈছে: 8 July 2021. 
  2. "Lokmat Parliamentary Awards 2019: Winners" (en ভাষাত). Lokmat English. 2019-12-10. https://english.lokmat.com/national/lokmat-parliamentary-awards-2019-winners/। আহৰণ কৰা হৈছে: 2021-07-08. 
  3. "Who Is Dr Bharati Pawar? Female Leaders In Modi's Cabinet" (en-US ভাষাত). https://www.shethepeople.tv/news/who-is-dr-bharati-pawar-modi-cabinet-expansion-2021/। আহৰণ কৰা হৈছে: 2021-07-08. 
  4. "भारती पवारांमुळे नाशिकला पहिल्यांदाच दिल्लीत मानाचे पान!" (mr ভাষাত). www.sarkarnama.in. 7 July 2021. https://www.sarkarnama.in/top-news-mobile-mahila-nashik/dr-bharti-pawar-will-be-first-centre-minister-nashik-nashik-politics। আহৰণ কৰা হৈছে: 2021-07-08. 
  5. 5.0 5.1 5.2 "Members Profile". Parliament of India. http://loksabhaph.nic.in/Members/MemberBioprofile.aspx?mpsno=5201. 
  6. "Lok Sabha Election Results 2019: Girish Mahajan proves mettle in North Maharashtra". DNA News. 24 May 2019. https://www.dnaindia.com/mumbai/report-lok-sabha-election-results-2019-girish-mahajan-proves-mettle-in-north-maharashtra-2753088। আহৰণ কৰা হৈছে: 24 May 2019. 
  7. "LS polls: NCP's Bharati Pawar, Congress' Pravin Chheda join BJP". The Times of India. 22 March 2019. https://timesofindia.indiatimes.com/india/ls-polls-ncps-bharati-pawar-congress-pravin-chheda-join-bjp/articleshow/68522348.cms। আহৰণ কৰা হৈছে: 7 July 2021. 
  8. Shrutika Sukhi & Nishikant Karlikar (27 April 2019). "Dynasty dominates in candidate selection as all parties nominate kins". The Times of India. https://timesofindia.indiatimes.com/city/thane/dynasty-dominates-in-candidate-selection-as-all-parties-nominate-kins/articleshow/69064588.cms। আহৰণ কৰা হৈছে: 7 July 2021. 
  9. "Dr Bharati Pawar becomes 1st Union minister from Nashik". United News of India. 8 July 2021. http://www.uniindia.com/dr-bharati-pawar-becomes-1st-union-minister-from-nashik/west/news/2443133.html। আহৰণ কৰা হৈছে: 8 July 2021. 
  10. "राजकीय हुशारीने पवारांनी काबीज केली दिल्ली; जाणून घ्या! डॉ. भारती पवार ते मंत्री पवार होण्याचा प्रवास" (mr ভাষাত). www.timesnowmarathi.com. 2021-07-08. https://www.timesnowmarathi.com/maharashtra-news/nashik-news/article/know-the-journey-of-dr-bharati-pawar-to-minister-pawar-pawar-reach-delhi-on-politics-knowledge-and-talent/353731। আহৰণ কৰা হৈছে: 2021-07-08. 
  11. "Lok Sabha Elections Results 2019: BJP-Sena Alliance Triumphs Over Maharashtra" (en ভাষাত). India News, Breaking News | India.com. 2019-05-23. https://www.india.com/lok-sabha-elections-2019-india/lok-sabha-elections-results-2019-early-trends-for-hingoli-nanded-parbhani-jalna-aurangabad-dindori-nashik-seats-in-maharashtra-to-pour-in-soon-3666770/। আহৰণ কৰা হৈছে: 2021-07-08. 
  12. "जिल्हा परिषद सदस्या ते केंद्रीय मंत्री! डॉ. भारती पवार यांची थक्क करणारी झेप" (mr-IN ভাষাত). eSakal - Marathi Newspaper. 7 July 2021. https://www.esakal.com/uttar-maharashtra/nashik/mp-bharti-pawar-journey-from-zilla-parishad-member-to-union-minister। আহৰণ কৰা হৈছে: 2021-07-08. 
  13. "8-time MLA, ex-minister A T Pawar passes away" (en ভাষাত). The Times of India. May 11, 2017. https://timesofindia.indiatimes.com/city/nashik/8-time-mla-ex-minister-a-t-pawar-passes-away/articleshow/58617223.cms। আহৰণ কৰা হৈছে: 2021-07-08.