সমললৈ যাওক

ভাৰতৰ ক্ৰিকেট দল (মহিলা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দল(মহিলা), যাক উইমেন ইন ব্লু বুলিও কোৱা হয়, ই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে।[1] ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰদ্বাৰা পৰিচালিত আৰু টেষ্ট, এদিনীয়া আৰু টি-২০ মৰ্যাদা থকা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ সম্পূৰ্ণ সদস্য। এছিয়ান গেমছৰ বৰ্তমানৰ চেম্পিয়নৰ লগতে ২০২৫ চনৰ মহিলা ক্ৰিকেট বিশ্বকাপ চেম্পিয়ন। হৰমনপ্ৰীত কৌৰ অধিনায়ক হোৱাৰ বিপৰীতে স্মৃতি মান্ধানা এই দলৰ উপ-অধিনায়ক।

দলটোৱে ৪১খন টেষ্ট মেচ খেলি ৮খনত জয়, ৬খনত পৰাজয় আৰু ২৭খনত অমীমাংসিত হৈ ৰৈছে। ১৯৭৬ চনৰ ৩১ অক্টোবৰত তেওঁলোকৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় মেচখন আছিল বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট খেল যিখন অমীমাংসিতভাবে সমাপ্ত হয়।[2]

দলটোৱে ৩৪২খন এদিনীয়া মেচ খেলিছে, ১৮৮খনত জয়, ১৪৭খনত পৰাজয়, ২খন টাই আৰু ৫খন ফলাফল নোহোৱাকৈ শেষ হৈছে। ২০২৫ চনৰ হিচাপত ভাৰত এদিনীয়া দলৰ ৰেংকিঙত তৃতীয় স্থানত আছে। ভাৰতে তিনিবাৰকৈ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে, ২০০৫ চনত অষ্ট্ৰেলিয়াৰ হাতত ৯৮ ৰাণত পৰাস্ত হৈছিল, ২০১৭ চনত ইংলেণ্ডৰ হাতত ৯ ৰানত পৰাস্ত হৈছিল, ২০২৫ চনত দক্ষিণ আফ্ৰিকাক ৫২ ৰানত পৰাস্ত কৰিছিল। ২০০৪, ২০০৫-০৬, ২০০৬, ২০০৮ চনত ৪ বাৰকৈ এদিনীয়া ওমেন এছিয়া কাপ জয় কৰিছে।

দলটোৱে ২০৪খন টি-২০ আই মেচ খেলিছে, ১১১খনত জয়, ৮৬খনত পৰাজয়, ১খনত টাই আৰু ৬খনত কোনো ফলাফল নোহোৱাকৈ শেষ হৈছে। ২০২৫ চনৰ হিচাপত ভাৰতে টি-২০ আই টিম ৰেংকিংত তৃতীয় স্থানত আছে। ২০২৫ চনৰ আইচিচি মহিলা বিশ্বকাপত জয়লাভ কৰি ভাৰতে এবাৰ টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে, ২০২০ চনত অষ্ট্ৰেলিয়াৰ হাতত ৮৫ ৰাণত পৰাস্ত হৈছিল। ২০১২, ২০১৬, ২০২২ চনত ৩ বাৰকৈ টি-২০ আই এছিয়া কাপত জয়লাভ কৰিছে। ইয়াৰ উপৰি ২০২২ চনৰ এছিয়ান গেমছত সোণৰ পদক, আৰু ২০২২ চনৰ কমনৱেলথ গেমছত ৰূপৰ পদক লাভ কৰিছে।

Eight female cricketers stand on a field. Two players are in red practice jerseys; three other players in red jerseys are facing toward them; a player in a blue shirt is facing away and hides another player in a blue game shirt. In the upper left corner is a fan with an Indian flag.
ছিডনীত মহিলা ক্ৰিকেট বিশ্বকাপৰ খেলৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ সদস্য

১৭০০ চনৰ আৰম্ভণিতে ব্ৰিটিছে ভাৰতলৈ ক্ৰিকেট আনিছিল আৰু ১৭২১ চনত প্ৰথম ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল।[3]

গুজৰাটৰ কোলিসকল সাগৰীয় জলদস্যু আছিল আৰু তেওঁলোকক বৃটিছে বে-আইনী ঘোষণা কৰি ৰাখিছিল। পিছত এই খেলৰ প্ৰতি আকৰ্ষিত কৰাত কোলিসকলে ক্ৰিকেট খেল গ্ৰহণ কৰিছিল আৰু বৃটিছ তেওঁলোকৰ উদ্দেশ্যত সফল হৈছিল।[4][5][6] প্ৰথম ভাৰতীয় ক্ৰিকেট ক্লাৱ পাৰ্চী সম্প্ৰদায়ে বোম্বাইত স্থাপন কৰিছিল, ১৮৪৮ চনত; ১৮৭৭ চনত ইউৰোপীয়সকলৰ বিৰুদ্ধে ক্লাৱটোৱে প্ৰথমখন মেচ খেলে।[7] ১৯১১ চনত ভাৰতীয় পুৰুষৰ ক্ৰিকেট দল গঠন কৰি ইংলেণ্ড ভ্ৰমণ কৰে আৰু ইংলেণ্ড কাউণ্টি দলৰ সৈতে খেলে।[8] ১৯৩২ চনত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ পুৰুষ দলটোৱে টেষ্ট ক্ৰিকেটত আত্মপ্ৰকাশ কৰে।[9] ১৯৩৪ চনত ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰথম মহিলা টেষ্ট খেল হৈছিল।[10]

ভাৰতত মহিলা ক্ৰিকেট আহিছিল বহু পিছত; ১৯৭৩ চনত ভাৰতীয় ক্ৰিকেট সংস্থা (WCAI) গঠন কৰা হয়।[11] ভাৰতীয় মহিলা দলটোৱে ১৯৭৬ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথম টেষ্ট মেচ খেলিছিল।[12] ১৯৭৮ চনৰ নৱেম্বৰ মাহত পাটনাৰ মইন-উল-হক ষ্টেডিয়ামত শান্থা ৰঙ্গস্বামীৰ অধিনায়কত্বত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে প্ৰথম টেষ্ট জয়ৰ ৰেকৰ্ড গঢ়িছিল।[13][14]

ক্ৰিকেট বিশ্বকাপ ২০১০ত ভাৰতীয় বেটছমেন
ভাৰতীয় মহিলা দলৰ অধিনায়ক মিতালী ৰাজ

মহিলা ক্ৰিকেটৰ শাসকীয় সংস্থা ডব্লিউ চি এ আই আন্তঃৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট পৰিষদৰ সৈতে জড়িত আছিল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ মহিলা ক্ৰিকেটৰ বিকাশৰ পদক্ষেপৰ অংশ হিচাপে ভাৰতীয় ক্ৰিকেট সংস্থাক ২০০৬/০৭ চনত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ সৈতে একত্ৰিত কৰা হয়।[15]

২০২১ চনত বিচিচিআইয়ে ঘোষণা কৰে যে ৰমেশ পাৱাৰ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হ’ব।.[16][17] ২০২২ চনত ভাৰতীয় মহিলাই ২৩ বছৰৰ ভিতৰত ইংলেণ্ডৰ মাটিত ১ম শৃংখলা জয় কৰি ইতিহাসৰ জয়যাত্ৰা ৰচনা কৰে।[18]

২০২৫ চনৰ জুলাই মাহত ইংলেণ্ডৰ বিৰুদ্ধে মহিলাৰ টি-২০ শৃংখলাত প্ৰথমবাৰৰ বাবে জয়লাভ কৰি ভাৰতে পাঁচখন মেচৰ শৃংখলাত ৩-১ গ’লত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰে। ৱৰ্চেষ্টাৰত অনুষ্ঠিত হোৱা চতুৰ্থ টি-২০ আইত এই গুৰুত্বপূৰ্ণ জয় লাভ কৰে, য’ত ভাৰতীয় স্পিনাৰ ৰাধা যাদৱ, দীপ্তি শৰ্মা, আৰু নৱাগত শ্ৰী সৰণীয়ে ইংলেণ্ডক ১২৬/৭ত সীমাবদ্ধ কৰি ৰাখে। অ’পেনাৰ শেফালী বাৰ্মা আৰু স্মৃতি মান্ধানাই ছয় উইকেটৰ আৰামদায়ক চেজ স্থাপন কৰে, ১৮টা বল বাকী থকা অৱস্থাত অন্ত পেলায়। এই জয় এক ঐতিহাসিক অগ্ৰগতি হিচাপে পৰিগণিত হৈছিল, কিয়নো ইয়াৰ পূৰ্বে ভাৰতে ঘৰুৱা বা বিদেশত ইংলেণ্ডৰ বিৰুদ্ধে কেতিয়াও টি-২০ শৃংখলাত জয়ী হোৱা নাছিল। অনুশাসিত বলিং আৰু চোকা ফিল্ডিঙে উজ্জ্বল কৰি তোলা এই প্ৰদৰ্শনে ২০২৬ চনত ইংলেণ্ডত অনুষ্ঠিত হ’বলগীয়া আইচিচি মহিলা টি-২০ বিশ্বকাপৰ পূৰ্বে এক অতি গুৰুত্বপূৰ্ণ প্ৰস্তুতি হিচাপে কাম কৰিছিল।[19]

নিয়ন্ত্ৰক সংস্থা

[সম্পাদনা কৰক]

ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই) ভাৰতীয় ক্ৰিকেট দল আৰু ভাৰতৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ নিয়ন্ত্ৰণকাৰী সংস্থা। ১৯২৮ চনৰ পৰা চলি থকা এই ব’ৰ্ডখনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদত ভাৰতক প্ৰতিনিধিত্ব কৰে। ই বিশ্বৰ আটাইতকৈ ধনী ক্ৰীড়া সংস্থাসমূহৰ ভিতৰত অন্যতম। ২০০৬ চনৰ পৰা ২০১০ চনলৈকে ই ভাৰতৰ মেচৰ সংবাদ মাধ্যমৰ অধিকাৰ ৬১২,০০০,০০০ মাৰ্কিন ডলাৰত বিক্ৰী কৰিছিল।[20] ই ভাৰতীয় দলৰ পৃষ্ঠপোষকতা, ইয়াৰ ভৱিষ্যত ভ্ৰমণ আৰু দল নিৰ্বাচন পৰিচালনা কৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ইয়াৰ ভৱিষ্যত ভ্ৰমণ কাৰ্যসূচীৰ জৰিয়তে ভাৰতৰ আগন্তুক খেলসমূহ নিৰ্ধাৰণ কৰে।

বাছনি সমিতি

[সম্পাদনা কৰক]

২০২৫ চনৰ ২৮ ছেপ্টেম্বৰত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (BCCI) নতুন সৰ্বভাৰতীয় মহিলা বাছনি সমিতি নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে।[21] পাঁচজনীয়া বাছনি সমিতিৰ মুৰব্বী ভাৰতৰ প্ৰাক্তন সোঁহাত মধ্যম বেগী বলাৰ অমিতা শৰ্মাই।

পোছাকৰ বিৱৰ্তন

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Women in Blue's journey through the T20 Women's World Cup". https://www.newindianexpress.com/sport/womens-t20-world-cup/2020/mar/08/women-in-blues-journey-through-the-t20-womens-world-cup-2113824.html. 
  2. "IND-W vs WI-W Cricket Scorecard, 1st Test at Bengaluru, October 31 - November 02, 1976" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/series/west-indies-women-tour-of-india-1976-77-62212/india-women-vs-west-indies-women-1st-test-67452/full-scorecard। আহৰণ কৰা হৈছে: 2025-09-28. 
  3. "India Cricket API - Cricket Data for all Indian leagues" (en-US ভাষাত). Sportmonks. https://www.sportmonks.com/cricket-api/india/। আহৰণ কৰা হৈছে: 2023-10-17. 
  4. Downing, Clement (1978). A History of the Indian Wars. পৃষ্ঠা. 189. OCLC 5905776. 
  5. Drew, John (6 December 2021). "The Christmas the Kolis took to cricket" (en ভাষাত). The Daily Star. https://www.thedailystar.net/views/in-focus/news/the-christmas-the-kolis-took-cricket-2910376। আহৰণ কৰা হৈছে: 5 December 2021. 
  6. Drew, John (21 December 2021). "How East India traders brought cricket to Indian shores 300 years ago this fortnight" (en-US ভাষাত). Scroll.in. https://scroll.in/article/1013180/how-east-india-traders-brought-cricket-to-indian-shores-300-years-ago-this-fortnight। আহৰণ কৰা হৈছে: 1 November 2023. 
  7. "Cricket and Politics in Colonial India". Ramachandra Guha. 1998. http://findarticles.com/p/articles/mi_m2279/is_1998_Nov/ai_53542832/pg_3. 
  8. "India in England, 1911". CricketArchive. Archived from the original on 18 March 2009. https://web.archive.org/web/20090318074148/http://cricketarchive.co.uk/Archive/Seasons/ENG/1911_ENG_India_in_England_1911.html। আহৰণ কৰা হৈছে: 7 December 2009. 
  9. "England v India 1932". ESPNcricinfo. 30 July 2007. http://www.cricinfo.com/wisdenalmanack/content/story/151765.html। আহৰণ কৰা হৈছে: 7 December 2009. 
  10. "List of women's Test matches". ESPNcricinfo. http://stats.cricinfo.com/ci/engine/stats/index.html?class=8;filter=advanced;orderby=start;size=200;template=results;type=aggregate;view=results। আহৰণ কৰা হৈছে: 7 December 2009. 
  11. Stoddart, Brian; Keith A. P. Sandiford (1998). The imperial game: cricket, culture, and society. Manchester University Press. পৃষ্ঠা. 5. ISBN 978-0-7190-4978-1. OCLC 40430869. 
  12. "India women Test matches". ESPNcricinfo. http://stats.cricinfo.com/ci/engine/stats/index.html?class=8;team=1863;template=results;type=aggregate;view=results। আহৰণ কৰা হৈছে: 7 December 2009. 
  13. "One more game, and it can change India's fortunes: Mithali Raj". Icc-cricket.com. https://www.icc-cricket.com/womens-world-cup/news/441451। আহৰণ কৰা হৈছে: 17 November 2021. 
  14. "Full Scorecard of WI Women vs IND Women 4th Test 1976/77 - Score Report". ESPNcricinfo. https://www.espncricinfo.com/series/west-indies-women-tour-of-india-1976-77-62212/india-women-vs-west-indies-women-4th-test-67455/full-scorecard। আহৰণ কৰা হৈছে: 17 November 2021. 
  15. "Better days for women's cricket?". Rediff. 14 November 2006. http://in.rediff.com/cms/print.jsp?docpath=//cricket/2006/nov/14message.htm. 
  16. "Ramesh Powar appointed head coach of Indian Women's Cricket Team". SportsTiger. 13 May 2021. https://www.sportstiger.com/just-in-ramesh-powar-appointed-head-coach-of-indian-womens-cricket-team/। আহৰণ কৰা হৈছে: 13 May 2021. 
  17. "Ramesh Powar appointed Head Coach of Indian Women's Cricket Team". Hindustan Times. 13 May 2021. https://www.hindustantimes.com/cricket/ramesh-powar-appointed-head-coach-of-indian-women-s-cricket-team-101620904617509.html। আহৰণ কৰা হৈছে: 13 May 2021. 
  18. InsideSport. "Indian Women script history by winning 1st series on England soil in 23 years". https://www.insidesport.in/ind-w-vs-eng-w-highlights-harmanpreet-kaur-143-renuka-four-for-crush-england-in-2nd-odi-indian-women-script-history-by-winning-1st-series-on-england-soil-watch-highlights/. 
  19. media, news and. "India women register maiden T20 series win against England" (english ভাষাত). www.en.etemaaddaily.com. https://www.en.etemaaddaily.com/sports/cricket/india-women-register-maiden-t20-series-win-against-england:178331। আহৰণ কৰা হৈছে: 2025-07-11. 
  20. "Nimbus Bags Cricket Rights for $612 m". The Hindu. প্ৰকাশক India. http://www.thehindubusinessline.com/2006/02/18/stories/2006021803840100.htm। আহৰণ কৰা হৈছে: 11 January 2007. 
  21. ""Amita Sharma appointed chairperson of Indian women’s cricket team selection committee"". Sportstar. https://sportstar.thehindu.com/cricket/womens-cricket/amita-sharma-appointed-india-women-cricket-selection-committee-chairperson-neetu-david-bcci-agm-news/article70104866.ece। আহৰণ কৰা হৈছে: 28 September 2025.