সমললৈ যাওক

ভাৰতৰ সেউজ বিপ্লৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পঞ্জাৱ ৰাজ্যই ভাৰতৰ সেউজ বিপ্লৱৰ নেতৃত্ব দি "ভাৰতৰ ৰুটিৰ টোপোলা" বুলি গৌৰৱ অৰ্জন কৰিছিল। The state of Punjab led India's Green Revolution and earned the distinction of being the "breadbasket of India."[1][2]

ভাৰতৰ সেউজ বিপ্লৱ ইংৰাজী: :The Green Revolution in India আছিল ১৯৬০ চনৰ পৰা আৰম্ভ হোৱা এছোৱা সময়, যি সময়ত ভাৰতৰ কৃষি ব্যৱস্থাক প্ৰযুক্তি গ্ৰহণৰ দ্বাৰা আধুনিক ঔদ্যোগিক ব্যৱস্থালৈ ৰূপান্তৰিত কৰা হৈছিল। ইয়াত উচ্চ উৎপাদনক্ষম জাতৰ (HYV) বীজ, যান্ত্ৰিক কৃষি সঁজুলি, জলসিঞ্চনৰ সুবিধা, কীটনাশক ব্যৱহাৰ , আৰু সাৰ ব্যৱহাৰৰ দৰে প্ৰযুক্তিৰ অৱলম্বন কৰা হৈছিল। ভাৰতত এই পৰিৱর্তনৰ মূল নেতা আছিল কৃষি বিজ্ঞানী এম. এছ. স্বামীনাথন। এই সময়ছোৱা নৰমেন ব'ৰলগৰ দ্বাৰা আৰম্ভ কৰা বৃহৎ গ্ৰীন ৰেভলুছনৰ অংশ আছিল, তেও উন্নয়নশীল দেশত কৃষি উৎপাদনশীলতা বৃদ্ধিৰ বাবে কৃষি গৱেষণা আৰু প্ৰযুক্তি ব্যৱহাৰ কৰিছিল।[3] শস্যৰ বিভিন্ন প্ৰজাতি বা শ্ৰেণী নিৰ্বাচন কৰি বিভিন্ন উপকাৰী গুণবিশিষ্ট যেনে: ৰোগ প্ৰতিৰোধ, সাৰৰ প্ৰতিক্ৰিয়া, উৎপাদনৰ গুণগত মান আৰু উচ্চ উৎপাদনক্ষমতা আদি বৈশিষ্ট্যৰ বাবে সংকৰ জাতৰ সৃষ্টি কৰিব পাৰি।

কংগ্ৰেছ নেতা লাল বাহাদুৰ শাস্ত্ৰী আৰু ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰীত্বত [4][5] ভাৰতৰ ভিতৰত সেউজ বিপ্লৱ আৰম্ভ হয় ১৯৬৮ চনত, যাৰ ফলত বিশেষকৈ পঞ্জাব, হাৰিয়ানা আৰু পশ্চিম উত্তৰ প্ৰদেশত খাদ্য শস্যৰ উৎপাদন বৃদ্ধি পায়। এই কামৰ মূল মাইলৰ খুঁটি আছিল উচ্চ উৎপাদনক্ষম ঘেঁহুৰ প্ৰজাতিৰ বিকাশ,[6] আৰু ৰাষ্ট প্ৰতিৰোধক্ষম ঘেঁহুৰ নতুন প্ৰজাতি সৃষ্টিৰ উন্নয়ন।[7][8]

উল্লেখযোগ্য ব্যক্তি আৰু প্ৰতিষ্ঠান

[সম্পাদনা কৰক]

“ডেকা-বুঢ়া, শিক্ষিত-অশিক্ষিত কৃষকসকলে সহজেই নতুন কৃষি বিজ্ঞানৰ দিশত আগবাঢ়িছে। কলেজৰ স্নাতক যুৱক-যুৱতী, অৱসৰপ্ৰাপ্ত বিষয়া, প্ৰাক্তন সেনাবাহিনীৰ লোক, নিৰক্ষৰ কৃষক আৰু ক্ষুদ্ৰ কৃষকে নতুন বীজ ল’বলৈ শাৰী পাতি থকা দৃশ্য দেখি অভিভূত হৈ পৰিছো।” এম এছ স্বামীনাথন, (১৯৬৯) পঞ্জাব মিৰাকেলভাৰতৰ ইলাষ্ট্ৰেটেড উইকলি[9]

ভাৰতৰ সেউজ বিপ্লৱৰ সময়ত কেইবাজনো লোকে কৰা প্ৰচেষ্টাৰ বাবে স্বীকৃতি লাভ কৰিছে-

অনুশীলন

[সম্পাদনা কৰক]

ঘেঁহু উৎপাদন

[সম্পাদনা কৰক]

সেউজ বিপ্লৱৰ মূল সাফল্য আছিল অধিক উৎপাদনক্ষম ঘেঁহুৰ জাত[6]আৰু ঘেঁহুৰ মৰিছা প্ৰতিৰোধী প্ৰজাতি বিকাশ কৰাৰ বাবে।[7] বীজৰ উচ্চ উৎপাদনক্ষম জাত (HYV) প্ৰৱৰ্তন আৰু সাৰ আৰু জলসিঞ্চনৰ কৌশলৰ মান উন্নত কৰাৰ ফলত দেশত খাদ্য শস্যৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱাকৈ উৎপাদন বৃদ্ধি পালে, যাৰ ফলত ভাৰতত কৃষিৰ উন্নতি ঘটিল। লগতে অন্যান্য শস্যৰ সৈতে ঘেঁহুৰ সংকৰণ কৰি বেলেগ বেলেগ জাত যেনে, কল্যাণ সোণা আৰু সোণালিকা প্ৰৱৰ্তন কৰা হ’ল।[13] গ্ৰহণ কৰা পদ্ধতিসমূহৰ ভিতৰত আছিল আধুনিক কৃষি পদ্ধতিৰে বীজৰ উচ্চ উৎপাদনক্ষম জাত (HYVs)[14] ব্যৱহাৰ কৰা।

ঘেঁহুৰ উৎপাদনে ভাৰতৰ স্বাৱলম্বীতাক উচ্চ শিখৰত অৱস্থান কৰালে। উচ্চ উৎপাদনক্ষম বীজ আৰু জলসিঞ্চনৰ সুবিধাৰ লগতে কৃষকৰ উৎসাহে কৃষি বিপ্লৱৰ ধাৰণাটো গতিশীল কৰিলে। কিন্তু ৰাসায়নিক কীটনাশক আৰু সাৰৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ বাবে মাটি আৰু পথাৰৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিছে (যেনে, মাটিৰ অৱক্ষয়)।

অন্যান্য পদ্ধতি

[সম্পাদনা কৰক]

আন আন পদ্ধতিসমূহৰ ভিতৰত আছে জলসিঞ্চনৰ আন্তঃগাঁথনি, কীটনাশক, কীটনাশক আৰু ঘাঁহনিনাশক ব্যৱহাৰ, হোল্ডিং একত্ৰিত কৰা, ভূমি সংস্কাৰ, উন্নত গ্ৰাম্য আন্তঃগাঁথনি, কৃষি ঋণৰ যোগান, ৰাসায়নিক বা কৃত্ৰিম সাৰ ব্যৱহাৰ, স্প্ৰিংকলাৰ বা ড্ৰিপ জলসিঞ্চন ব্যৱস্থাৰ ব্যৱহাৰ, উন্নত জলসিঞ্চনৰ ব্যৱহাৰৰ যন্ত্ৰপাতি।

সেউজ বিপ্লৱৰ যুক্তি

[সম্পাদনা কৰক]

আন্তঃৰাষ্ট্ৰীয় দাতা সংস্থা আৰু ভাৰত চৰকাৰে জাৰি কৰা উন্নয়নমূলক কাৰ্যসূচীৰ অংশ হিচাপে ১৯৬৬-৬৭ চনৰ শেষৰ ফালে পঞ্জাৱত প্ৰথমবাৰৰ বাবে ভাৰতৰ সেউজ বিপ্লৱৰ আচনী প্ৰৱৰ্তন কৰা হয়।[15]


ব্ৰিটিছ ৰাজৰ সময়ত ভাৰতৰ কৃষি অৰ্থনীতি শোষণৰ একপক্ষীয় সম্পৰ্কৰ ওপৰত নিৰ্ভৰশীল আছিল।[16] ফলস্বৰূপে যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰিছিল তেতিয়া দুৰ্বল দেশখন সঘনাই দুৰ্ভিক্ষ, আৰ্থিক অস্থিৰতা আৰু কম উৎপাদনশীলতাৰ সমস্যাত পৰি জুৰুলা হৈ পৰিছিল। এই কাৰকসমূহে ভাৰতত উন্নয়নৰ কৌশল হিচাপে সেউজ বিপ্লৱ ৰূপায়ণ কৰাতো অৱশ্যভাম্বী কৰি তুলিছিল।

সঘন দুৰ্ভিক্ষ: ১৯৬৪–৬৫ আৰু ১৯৬৫–৬৬ চনত ভাৰতত দুটা ভয়াৱহ খৰাং পৰিস্থিতিৰ পৰিপেক্ষিতত দেশৰ ক্ৰমবৰ্ধমান জনসংখ্যাৰ মাজত খাদ্যৰ নাটনি আৰু দুৰ্ভিক্ষই দেখা দিছিল।[17] আধুনিক কৃষি প্ৰযুক্তিয়ে সঘনে হোৱা দুৰ্ভিক্ষক প্ৰতিহত কৰিবলৈ কৌশল আগবঢ়োৱা যেন দেখা গৈছিল।[18] স্বাধীনতাৰ পূৰ্বে ভাৰতৰ দুৰ্ভিক্ষৰ সন্দৰ্ভত বিতৰ্ক চলি আছে, কিছুমানে যুক্তি দিছে যে ১৯শ আৰু ২০শ শতিকাত ব্ৰিটিছ কৰ আৰু কৃষি নীতিয়ে ইয়াক তীব্ৰতৰ কৰি তুলিছিল,[18] আৰু আন কিছুমানে ঔপনিৱেশিক শাসনৰ প্ৰভাৱ দুৰ্ভিক্ষ ওপৰত নাই বুলিছিল ।

বিত্তীয় অভাৱ: অৰ্থনৈতিক ভাবে দুৰ্বল কৃষকসকলে চৰকাৰ আৰু বেংকৰ পৰা ঋণ লাভ কৰাত অতি অসুবিধা পাইছিল আৰু সেয়েহে, ঋণদাতাসকলৰ সহজ চিকাৰ হৈ পৰিছিল। তেওঁলোকে উচ্চ হাৰত সুত লোৱা মালিকৰ পৰা ঋণ লব লগা লৈছিল, আৰু ঋণ পৰিশোধ কৰিব নোৱাৰি পিছলৈ কৃষকসকলে মালিকৰ পথাৰত কাম কৰি ঋণ পৰিশোধ কৰিব লগাত পৰিছিল (কৃষি শ্ৰমিক)। সেউজ বিপ্লৱৰ সময়ছোৱাত সঠিক বিত্তীয় সাহায্য দিয়া হোৱা নাছিল, যিয়ে ভাৰতৰ কৃষকসকলৰ বাবে বহুত সমস্যা আৰু দুখ-কষ্টৰ সৃষ্টি কৰিছিল। ঋণৰ অধীনত থকাসকলক চৰকাৰে সহায় কৰিছিল।

কম উৎপাদনশীলতাঃ ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা জনসংখ্যাৰ পৰিপ্ৰেক্ষিতত দেশৰ পৰম্পৰাগত কৃষি পদ্ধতিত উৎপাদন হোৱা খাদ্য পৰ্যাপ্ত নহৈছিল। ১৯৬০ চনৰ ভিতৰত এই কম উৎপাদনশীলতাৰ বাবে ভাৰতত খাদ্য শস্যৰ নাটনি অন্য উন্নয়নশীল দেশতকৈ অধিক ভয়াৱহ আছিল। কৃষি প্ৰযুক্তিৰ উন্নতিয়ে উৎপাদনশীলতা বৃদ্ধিত সুযোগ প্ৰদান কৰিছিল।[18]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. Kumar, Manoj, and Matthias Williams. 2009 January 29. "Punjab, bread basket of India, hungers for change." Reuters.
  2. The Government of Punjab (2004). Human Development Report 2004, Punjab (Report). http://planningcommission.nic.in/plans/stateplan/sdr_pdf/shdr_pun04.pdf। আহৰণ কৰা হৈছে: 9 August 2011.  Section: "The Green Revolution", pp. 17–20.
  3. Hardin, Lowell S. 2008. "Meetings That Changed the World: Bellagio 1969: The Green Revolution." Nature (25 Sep 2008):470-71. Cited in Sebby 2010.
  4. Swaminathan, M. S. (10 August 2009). "From Green to Ever-Green Revolution" (en-US ভাষাত). The Financial Express. https://www.financialexpress.com/archive/from-green-to-ever-green-revolution/499699/। আহৰণ কৰা হৈছে: 2020-04-16. 
  5. Rajagopal, Gopi (13 October 2016). "The Stories of Ehrlich, Borlaug and the Green Revolution". The Wire (India). https://thewire.in/agriculture/paul-ehrlich-norman-borlaug-green-revolution। আহৰণ কৰা হৈছে: 2020-04-16. 
  6. 6.0 6.1 "About IARI". IARI. http://www.iari.res.in/index.php?option=com_content&view=article&id=161&Itemid=1730। আহৰণ কৰা হৈছে: 11 June 2015. 
  7. 7.0 7.1 "Rust-resistant Wheat Varieties. Work at Pusa Institute". The Indian Express. 7 February 1950. https://news.google.com/newspapers?id=Jcc-AAAAIBAJ&pg=3228,3861741&dq=pusa+institute&hl=en। আহৰণ কৰা হৈছে: 13 September 2013. 
  8. Newman, Bryan. 2007. "A Bitter Harvest: Farmer Suicide and the Unforeseen Social, Environmental and Economic Impacts of the Green Revolution in Punjab, India." Development Report 15. Food First. Cited in Sebby 2010.
  9. Swaminathan, M. S. (2013-09-01). "Genesis and Growth of the Yield Revolution in Wheat in India: Lessons for Shaping our Agricultural Destiny" (en ভাষাত). Agricultural Research খণ্ড 2 (3): 183–188. doi:10.1007/s40003-013-0069-3. ISSN 2249-7218. 
  10. Rudolf, John Collins (2010-01-19). "Father of India's Green Revolution Says Nation Is Threatened by Global Warming" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2010/01/18/business/global/18iht-green.html. 
  11. Dugger, Celia W. (2000-11-10). "Chidambaram Subramaniam, India's 'Green' Rebel, 90, Dies". The New York Times. ISSN 0362-4331. https://www.nytimes.com/2000/11/10/world/chidambaram-subramaniam-india-s-green-rebel-90-dies.html. "Chidambaram Subramaniam, the political architect of the green revolution in India..." 
  12. "'Father of Wheat Revolution' DS Athwal passes away" (en ভাষাত). Hindustan Times. 15 May 2017. https://www.hindustantimes.com/punjab/father-of-wheat-revolution-ds-athwal-passes-away/story-ZrvUSsethoakAa3DZl9V1J.html। আহৰণ কৰা হৈছে: 2021-12-03. 
  13. "The Green Revolution in India". U.S. Library of Congress (released in public domain). http://countrystudies.us/india/104.htm। আহৰণ কৰা হৈছে: 2007-10-06. 
  14. Rowlatt, Justin (2016-12-01). "IR8: The miracle rice which saved millions of lives" (en-GB ভাষাত). BBC News. https://www.bbc.co.uk/news/world-asia-india-38156350. 
  15. Dutta, Swarup (June 2012). "Green Revolution Revisited: The Contemporary Agrarian Situation in Punjab, India". Social Change খণ্ড 42 (2): 229–247. doi:10.1177/004908571204200205. ISSN 0049-0857. 
  16. Davis, Mike (2017). Late Victorian holocausts : El Niño famines and the making of the Third World. ISBN 978-1-78168-360-6. OCLC 1051845720. 
  17. Sangha, Kamaljit Kaur (2014). "Modern agricultural practices and analysis of socio-economic and ecological impacts of development in agriculture sector, Punjab, India - A review". Indian Journal of Agricultural Research খণ্ড 48 (5): 331. doi:10.5958/0976-058x.2014.01312.2. ISSN 0367-8245. 
  18. 18.0 18.1 18.2 Jain, H. K. (2012). Green revolution : history, impact and future. Studium Press LLC. ISBN 978-1-4416-7448-7. OCLC 967650924.