ভাৰত কলা ভৱন
| ভাৰত কলা ভৱন | |
|---|---|
ভাৰত কলা ভৱন মূল ভৱন | |
| প্ৰতিষ্ঠা | ১ জানুৱাৰী ১৯২০ |
| অৱস্থিতি | বেনাৰচ হিন্দু বিশ্ববিদ্যালয়, বাৰাণসী, ভাৰত |
| কিউৰেটৰ | অনিল কুমাৰ সিং বিনোদ কুমাৰ ডি বি সিং প্ৰিয়ংকা চন্দ্ৰা দীপক ভাৰথন আলাথুৰ |
| গৰাকী | বেনাৰচ হিন্দু বিশ্ববিদ্যালয় |
| ৱেবছাইট | www |
ভাৰত কলা ভৱন (ইংৰাজী: Bharat Kala Bhavan) ভাৰতৰ বাৰাণসীৰ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত অৱস্থিত বিশ্ববিদ্যালয়ৰ সংগ্ৰহালয়। ভাৰতীয় শিল্প আৰু সংস্কৃতিৰ ওপৰত জ্ঞান প্ৰসাৰত ই সহায়ক হৈ আহিছে। ই বেনাৰস হিন্দু বিশ্ববিদ্যালয় আৰু বাৰাণসী চহৰৰ অন্যতম গুৰুত্বপূৰ্ণ পৰ্যটন আকৰ্ষণ।[1][2][3][4]
ইতিহাস
[সম্পাদনা কৰক]১৯৫০ চনত জৱাহৰলাল নেহৰুৱে বৰ্তমানৰ সংগ্ৰহালয় ভৱনৰ ভেটি স্থাপন কৰাৰ আগত আৰু পিছত ১৯২০ চনৰ পৰা ১৯৬২ চনৰ ভিতৰত সংগ্ৰহালয়টোৰ সংগ্ৰহসমূহ বাৰাণসীৰ ভিতৰৰ কেইবাটাও স্থানলৈ স্থানান্তৰ কৰা হয়। তাৰ পিছত ১৯৬২ চনত বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ স্থানলৈ ইয়াক স্থানান্তৰ কৰা হয়।[5][6]
সংগ্ৰহ
[সম্পাদনা কৰক]ভাৰত কলা ভৱনত ১ম শতিকাৰ পৰা ১৫ শতিকাৰ সময়চোৱাৰ শিল্পকৰ্ম, বৌদ্ধ আৰু হিন্দু ভাস্কৰ্য্য, ছবি, পাণ্ডুলিপি, মোগলৰ ক্ষুদ্ৰ চিত্ৰ, চিত্ৰকলা, ব্ৰ’কেড বস্ত্ৰ, সমসাময়িক শিল্পৰূপ আৰু ব্ৰঞ্জৰ মূৰ্তিৰ সংগ্ৰহ আছে। মৃৎশিল্প, ধাতুৰ শিল্প, হাতীদাঁতৰ সামগ্ৰী, গহনা, টেৰাকোটা আৰু গুজৰাটী, ৰাজস্থানী আৰু পাহাৰী ক্ষুদ্ৰ চিত্ৰৰ বিৰল সংগ্ৰহও সংগ্ৰহালয়ত প্ৰদৰ্শিত হৈছে। ভাৰত কলা ভৱনৰ মুঠ সংগ্ৰহ ১০৪,৩৭৬ টা।[7][2]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Museum information". Museum website. http://bhu.ac.in/kala/index_bkb.htm.
- ↑ 2.0 2.1 "Bharat Kala Bhavan". Eastern Uttar Pradesh tourism website. http://www.easternuptourism.com/Bharat-Kala-Bhawan.jsp.
- ↑ "Museum info". Varanasi district website. Archived from the original on 8 June 2015. https://web.archive.org/web/20150608073949/http://www.varanasi.org.in/bharat-kala-bhavan.
- ↑ "Info on Varanasi city website". Varanasi city website. http://www.varanasicity.com/bharatkala-bhavan.html.
- ↑ "History". Museum website. http://bhu.ac.in/kala/history.htm.
- ↑ "Milestones". Museum website. http://bhu.ac.in/kala/Milestone_bkb.htm.
- ↑ "Collection". Museum website. http://bhu.ac.in/kala/collection.htm.