ভাৰত ভৱন
২০১৫ চনত ভাৰত ভৱনৰ প্ৰৱেশ দ্বাৰ | |
| গঠন | ১৩ ফেব্ৰুৱাৰী ১৯৮২ |
|---|---|
| Legal status | ফাউণ্ডেশ্যন |
| উদ্দেশ্য | দৃশ্যমান কলা, পৰিৱেশ্য কলা, লোক কলা, সাহিত্য |
| Location |
|
Main organ |
ভাৰত ভৱন ট্ৰাষ্ট |
| ৱেবছাইট | bharatbhawan.org |
ভাৰত ভৱন ভাৰতৰ ভূপালত অৱস্থিত এক স্বায়ত্বশাসিত বহু-কলা কেন্দ্ৰ আৰু সংগ্ৰহালয়। মধ্যপ্ৰদেশ চৰকাৰৰ দ্বাৰা স্থাপিত আৰু পুঁজি সাহায্য প্ৰাপ্ত এই ভৱনটোৰ স্থপতিবিদ আছিল চাৰ্লচ কোৰিয়া। ১৯৮২ চনত ভূপালৰ আপাৰ লেকৰ পাৰত মুকলি কৰা এই কমপ্লেক্সটোত একাধিক কলা বীথিকা (আৰ্ট গেলেৰী), এটা গ্ৰাফিক প্ৰিণ্টিং কৰ্মশালা, এটা চিৰামিক কৰ্মশালা, এটা মুকলি আকাশৰ তলৰ থিয়েটাৰ, এটা ষ্টুডিঅ’ থিয়েটাৰ, এটা প্ৰেক্ষাগৃহ, জনজাতীয় আৰু লোক কলাৰ সংগ্ৰহালয় আৰু ভাৰতীয় কবিতা, শাস্ত্ৰীয় সংগীত আৰু লোক সংগীতৰ পুথিভঁৰাল আছে।


ইতিহাস
[সম্পাদনা কৰক]
১৯৮০ চনৰ আৰম্ভণিতে ভাৰতীয় শিল্পকলাৰ ব্যাপক উত্থান ঘটিছিল আৰু চৰকাৰে ৰাজ্যৰ ৰাজধানীসমূহত আঞ্চলিক কলা কেন্দ্ৰ স্থাপনৰ জৰিয়তে দেশজুৰি কলাৰ বিকাশৰ ওপৰত পুনৰ গুৰুত্ব দিছিল। মধ্যপ্ৰদেশত এই পদক্ষেপটো সাংস্কৃতিক প্ৰশাসক অশোক বাজপেয়ীৰ জৰিয়তে বাস্তৱায়িত হৈছিল। বাজপেয়ী আছিল ৰাজ্যিক শিক্ষা মন্ত্ৰালয়ৰ (১৯৬৬-১৯৯২) এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া। ১৯৮৩ চনত উজ্জয়িনীত সাহিত্যিক সংগঠন ‘কালিদাস একাডেমী’ স্থাপনৰ নেপথ্যতো তেওঁৰ ভূমিকা আছিল। ভাৰতৰ বহু ঠাইত কিছুমান সাংস্কৃতিক পদক্ষেপ স্থবিৰ হৈ পৰিলেও ভূপালৰ ভাৰত ভৱন (India House) প্ৰকল্পটো সফলতাৰে গঢ়ি উঠিল।[1][2][3]
১৯৮২ চনৰ ১৩ ফেব্ৰুৱাৰীত সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে এই প্ৰতিষ্ঠানটো উদ্বোধন কৰিছিল।[4] ই মধ্যপ্ৰদেশ চৰকাৰৰ সংস্কৃতি বিভাগৰ দ্বাৰা প্ৰতিষ্ঠিত আৰু পুঁজি সাহায্য প্ৰাপ্ত।[5] অৱশ্যে ১২ জনীয়া সদস্যৰে গঠিত এক স্বায়ত্বশাসিত ‘ভাৰত ভৱন ট্ৰাষ্ট’ৰ দ্বাৰা ই পৰিচালিত হয়।[6] পৰৱৰ্তী দশকত ইন্দোৰ, জবলপুৰ, মুম্বাই, কলকাতা আৰু আনকি বিদেশী ৰাষ্ট্ৰৰ শিল্পী, পণ্ডিত, ছাত্ৰ-ছাত্ৰী আৰু দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা এই কেন্দ্ৰটো ভাৰতৰ এক গুৰুত্বপূৰ্ণ সাংস্কৃতিক প্ৰতিষ্ঠান হৈ পৰিল।[1][2]
ইয়াৰ গঠনমূলক বছৰবোৰত নাট্য ব্যক্তিত্ব বি. ভি. কাৰান্থে ‘ৰংগমণ্ডল’ নামৰ নাট্যগোষ্ঠীটোৰ নেতৃত্ব দিছিল। তেওঁ এই অঞ্চলৰ লোক শৈলীসমূহক নিজৰ কামত অন্তৰ্ভুক্ত কৰিছিল আৰু ভাৰত ভৱনত থকাৰ সময়ছোৱাত বহুতো হিন্দী নাটক মঞ্চস্থ কৰিছিল।[7][8] ১৯৮৬ চনৰ পৰা ‘ভাৰত ভৱন সমসাময়িক ভাৰতীয় কলাৰ দ্বিবৰ্ষীয় প্ৰদৰ্শনী’ আৰু ১৯৮৯ চনৰ পৰা ‘ভাৰত ভৱন আন্তঃৰাষ্ট্ৰীয় প্ৰিণ্ট দ্বিবৰ্ষীয় প্ৰদৰ্শনী’ আৰম্ভ হয়। এই কমপ্লেক্সটো ইয়াৰ কলা সংগ্ৰহালয় ‘ৰূপংকৰ’ৰ বাবে আটাইতকৈ বেছি পৰিচিত। ইয়াত জগদীশ স্বামীনাথনে সংগ্ৰহ কৰা জনজাতীয় কলাৰ এক স্থায়ী সংগ্ৰহ আছে, যিবোৰক ভাৰতৰ জনজাতীয় কলাৰ শ্ৰেষ্ঠ উদাহৰণ হিচাপে গণ্য কৰা হয়।[4]
হিন্দী কবিতা আৰু সাহিত্যৰ কেন্দ্ৰ ‘ৱাগাৰ্থ’ত ভাৰতীয় কবিতা, শাস্ত্ৰীয় সংগীত আৰু লোক সংগীতৰ এটা পুথিভঁৰাল আৰু আৰ্কাইভ আছে।[9] ই হিন্দী সাহিত্যৰ ওপৰত ‘কথা প্ৰসংগ’ নামৰ মহোৎসৱ আয়োজন কৰে।[10]
অৱলোকন
[সম্পাদনা কৰক]এই কমপ্লেক্সত ভাৰতীয় চিত্ৰকলা আৰু ভাস্কৰ্যৰ এক কলা বীথিকা, ললিত কলা কৰ্মশালা, এখন মুকলি আকাশৰ তলৰ প্ৰেক্ষাগৃহ ("বহিৰংগ"), এটা ষ্টুডিঅ’ থিয়েটাৰ ("অভিৰংগ"), এটা প্ৰেক্ষাগৃহ ("অন্তৰংগ"), জনজাতীয় আৰু লোক কলাৰ সংগ্ৰহালয় আৰু ভাৰতীয় কবিতা, শাস্ত্ৰীয় সংগীত তথা লোক সংগীতৰ পুথিভঁৰাল আছে। ইয়াৰ উপৰিও, ভাৰত ভৱনে ইয়াৰ "আশ্ৰম"ত শিল্পী আৰু লেখকসকলক 'আৰ্টিষ্ট-ইন-ৰেচিডেন্স' কাৰ্যসূচীৰ অধীনত আতিথ্য প্ৰদান কৰে।[2][5] বছৰ বছৰ ধৰি ই এক জনপ্ৰিয় পৰ্যটন আকৰ্ষণ হিচাপেও গঢ়ি উঠিছে।[11]
ইয়াৰ কেইটামান উল্লেখযোগ্য শাখা হ’ল:[5]
- ৰূপংকৰ - ললিত কলা সংগ্ৰহালয়: সমসাময়িক, লোক আৰু জনজাতীয় কলাৰ বীথিকা আৰু এটা আধুনিক কলা বীথিকা, এটা গ্ৰাফিক আৰ্ট কৰ্মশালা আৰু এটা চিৰামিক আৰ্ট কৰ্মশালা।
- ৰংগমণ্ডল - নাট্যগোষ্ঠী।
- ৱাগাৰ্থ - ভাৰতীয় কবিতাৰ কেন্দ্ৰ, পুথিভঁৰাল, আৰ্কাইভ আৰু অনুবাদ কেন্দ্ৰ।
- অনহদ - শাস্ত্ৰীয় আৰু লোক সংগীতৰ পুথিভঁৰাল, অডিঅ’ আৰু ভিডিঅ’ আৰ্কাইভ; ই নৃত্য প্ৰদৰ্শন আৰু শাস্ত্ৰীয় সংগীতৰ শৃংখলা যেনে— 'পৰম্পৰা' আৰু 'সপ্তক' আয়োজন কৰে।
- ছবি - শাস্ত্ৰীয় চিনেমাৰ কেন্দ্ৰ।
- নিৰালা সৃজনপীঠ - মধ্যপ্ৰদেশ চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত সৃজনশীল লিখনৰ চকী (Chair)।[12]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 Raza. p. 92
- 1 2 3 Abram, p. 385
- ↑ Sahni, p. 87
- 1 2 Verma, p. 225
- 1 2 3 "Bharat Bhawan". Department of Culture, Government of Madhya Pradesh. Archived from the original on 19 April 2013. https://web.archive.org/web/20130419054244/http://www.mpculture.in/html/bharat-bhawan.asp। আহৰণ কৰা হৈছে: 11 May 2013.
- ↑ "Power struggle on at Bhopal's Bharat Bhavan". Indian Express. 1 September 2007. http://www.indianexpress.com/news/power-struggle-on-at-bhopals-bharat-bhavan/213769/.
- ↑ Rubin, p. 200
- ↑ "The genius of Karanth". The Hindu. 15 September 2002. Archived from the original on 30 June 2003. https://web.archive.org/web/20030630231303/http://www.hindu.com/thehindu/mag/2002/09/15/stories/2002091500280500.htm.
- ↑ "Bharat Bhavan (Bhopal, India)". Digital South Asia Library. Archived from the original on 22 February 2014. https://web.archive.org/web/20140222145624/https://coral.uchicago.edu:8443/display/lasa/Bharat%20Bhavan%20%28Bhopal%2C%20India%29। আহৰণ কৰা হৈছে: 12 May 2013.
- ↑ "'Katha Prasang' continues at Bharat Bhavan". Daily Pioneer. 22 March 2013. Archived from the original on 12 January 2015. https://web.archive.org/web/20150112132230/http://archive.dailypioneer.com/state-editions/bhopal/134610-katha-prasang-continues-at-bharat-bhavan.html.
- ↑ "Bharat Bhavan". Lonely Planet. http://www.lonelyplanet.com/india/madhya-pradesh-and-chhattisgarh/bhopal/sights/museum/bharat-bhavan। আহৰণ কৰা হৈছে: 11 May 2013.
- ↑ "Nirala Srijanpeeth". Bharat Bhavan. http://bharatbhawan.org/html/nirala.html। আহৰণ কৰা হৈছে: 12 May 2013.
গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]- Don Rubin (1998). The World Encyclopedia of Contemporary Theatre: Asia. Taylor & Francis. ISBN 978-0-415-05933-6. https://books.google.com/books?id=-MUiXjMUl34C&q=hindi+theatre&pg=PA219.
- S. H. Raza; Ashok Vajpeyi (2005). Passion: Life and Art of Raza. Rajkamal Prakashan. ISBN 8126710403. https://books.google.com/books?id=utHtlDOzkxwC&q=Bharat+Bhawan&pg=PA92.
- David Abram (2003). The Rough Guide to India. Rough Guides. ISBN 1843530899. https://books.google.com/books?id=kAMik_6LbwUC&q=Bharat+Bhawan&pg=PA385.
- Rashmi Sadana (2012). English Heart, Hindi Heartland. University of California Press. ISBN 978-0520269576. https://books.google.com/books?id=U2WNfFpT14IC&q=Bharat+Bhawan+%60&pg=PA87.
- Lalit Surjan; Vinod Verma (1996). Reference Madhya Pradesh. Deshbandhu Publication Division.
- Peter Herrle; Stephanus Schmitz (2009). "Architecture and Contemporary Indian Identity". Constructing Identity in Contemporary Architecture. LIT Verlag Münster. ISBN 978-3643102768. https://books.google.com/books?id=5HLnYIQsQ5UC&q=%22Bharat+Bhavan%22&pg=PA210.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ভাৰত ভৱন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- আধিকাৰিক ৱেবছাইট
- ভাৰত ভৱন / চাৰ্লচ কোৰিয়া। বাৰ্ট ব্ৰায়ান্ট, AD Classics: Bharat Bhavan / Charles Correa, ArchDaily, ১ আগষ্ট ২০১৬।