ভাৰত স্ত্ৰী মহামণ্ডল
অৱয়ব
ভাৰত স্ত্ৰী মহামণ্ডল (The Great Circle of Indian Women) ভাৰতত ১৯১০ চনত এলাহাবাদত সৰলা দেৱী চৌধুৰাণীয়ে প্ৰতিষ্ঠা কৰা এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা সংগঠন আছিল।[1] সংস্থাটোৰ এটা প্ৰধান লক্ষ্য আছিল মহিলা শিক্ষাৰ প্ৰসাৰ[2] যিটো সেই সময়ত ভালদৰে বিকশিত হোৱা নাছিল।
সমগ্ৰ ভাৰতবৰ্ষৰ মহিলাসকলৰ অৱস্থা উন্নত কৰাৰ উদ্দেশ্যে সংগঠনটোৱে লাহোৰ (তেতিয়াৰ অবিভক্ত ভাৰতৰ অংশ), দিল্লী, কৰাচী, অমৃতসৰ, হায়দৰাবাদ, কানপুৰ, বাঁকুৰা, হাজাৰীবাগ, মেদনীপুৰ, প্ৰয়াগৰাজ আৰু কলিকতাত কেইবাটাও কাৰ্যালয় মুকলি কৰে। সংগঠনটোৰ কমিটীত কোনো বৃটিছ মহিলা বা পুৰুষে সেৱা আগবঢ়োৱা নাছিল।[3][4]
উল্লেখযোগ্য ব্যক্তি
[সম্পাদনা কৰক]ভাৰত স্ত্ৰী মহামণ্ডলৰ সৈতে জড়িত উল্লেখযোগ্য মহিলাসকলৰ ভিতৰত আছে-
- কুমুদিনী বসু (১৮৭৩–১৯৪২), কলিকতাৰ সম্পাদক[3]।
- নাজলী বেগম (১৮৭৪-১৯৬৮), সদস্য[5]।
- সৰলা দেৱী চৌধুৰাণী (১৮৭২–১৯৪৫), প্ৰতিষ্ঠাপক আৰু সম্পাদিকা[1]।
- চুলতান জাহান, ভোপালৰ বেগম (১৮৫৮–১৯৩০), সদস্য[5]।
- ৰুক্মিণী লক্ষ্মীপাঠী (১৮৯২–১৯৫১), মাদ্ৰাজৰ সম্পাদক[6]।
- কৰ্নেলিয়া সোৰাবজী (১৮৬৬–১৯৫৪), সদস্য[5]।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Chaudhurani, Sarala Devi (2010). The Many Worlds of Sarala Devi: A Diary : Translated from the Bengali Jeevaner Jharapata. প্ৰকাশক New Delhi: Social Science Press. ISBN 978-81-87358-31-2. https://books.google.com/books?id=U2pDxinD28AC.
- ↑ Forbes, Geraldine; Forbes, Geraldine Hancock (1999-04-28) (en ভাষাত). Women in Modern India. Cambridge University Press. পৃষ্ঠা. 70. ISBN 978-0-521-65377-0. https://books.google.com/books?id=hjilIrVt9hUC&dq=Bharat+Stree+Mahamandal&pg=PA70.
- ↑ 3.0 3.1 Sarkar, Asok Kumar; Gupta, Satyajit Das (2024) (en ভাষাত). Understanding Women's Empowerment in South Asia: Perspectives on Entitlements and Violations. Springer Nature. পৃষ্ঠা. 20, 25. ISBN 978-981-16-7538-6. https://books.google.com/books?id=bscWEQAAQBAJ&dq=Kumudini+Basu&pg=PA25.
- ↑ Robinson, Catherine A. (2018-10-24) (en ভাষাত). Tradition and Liberation: The Hindu Tradition in the Indian Women's Movement. Routledge. ISBN 978-1-136-82200-1. https://books.google.com/books?id=cXl0DwAAQBAJ&dq=member+Bharat+Stree+Mahamandal&pg=PT84.
- ↑ 5.0 5.1 5.2 Lambert-Hurley, Siobhan (2007-01-24) (en ভাষাত). Muslim Women, Reform and Princely Patronage: Nawab Sultan Jahan Begam of Bhopal. Routledge. পৃষ্ঠা. 158. ISBN 978-1-134-14347-4. https://books.google.com/books?id=f64Y9aB-YxoC&dq=member+Bharat+Stree+Mahamandal&pg=PA158.
- ↑ Shukla (2007) (en ভাষাত). Women Chief Ministers in Contemporary India. APH Publishing. পৃষ্ঠা. 14. ISBN 978-81-313-0151-7. https://books.google.com/books?id=NMocKFODKxkC&dq=Bharat+Stree+Mahamandal+members&pg=PA14.