ভাৰীগান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ভাৰীগান নাট্যৰ এটি দৃশ্য

অসমৰ অন্যতম প্ৰধান জনগোষ্ঠী ৰাভাসকলৰ ভাৰীগান এবিধ লোকনাট্য হিচাপে পৰিচিত৷ ৰাভা জনগোষ্ঠীৰ বিশেষকৈ কামৰূপ আৰু গোৱালপাৰা[1] অঞ্চলৰ পাতিৰাভাসকলৰ মাজত এই ভাৰীগান অতীজৰে পৰা প্ৰচলিত হৈ আহিছে৷ এই নাট্যবিধৰ আৰম্ভনি কেতিয়া হৈছিল তাৰ কোনো লিখিত তথ্য নাই৷ ভাৰীগান বোৰ কাহিনীৰ ৰূপত মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছে৷“ভাৰী” শব্দৰ অৰ্থ ওজন বা গধুৰ আৰু “গান” মানে হৈছে গীত৷ ভাৰীগানৰ দলটিৰ সমগ্ৰ সামগ্ৰী এঠাইৰপৰা আনঠাইলৈ ভাৰ বান্ধি কঢ়িয়াই নিবলগীয়া হোৱাৰ বাবেই এই নৃত্য গীতবিধ “ভাৰীগান” হিচাপে ৰাভাসকলৰ মাজত জনপ্ৰিয়৷ সাধাৰণতে সমাজৰ কোনো বিদ্বানলোক বা গুৰুৱে এই নাট্যশৈলীৰ বিষয়ে আভাস দিয়ে বাবে এই নাট্য বিধক পাতিৰাভাসকলে “গুৰুবিদ্যা” বুলিও কয়[2]

বিষয়বস্তু[সম্পাদনা কৰক]

ইয়াৰ বিষয়বস্তু ৰামায়ণৰ বিভিন্ন কাহিনী সমূহৰ ওপৰত আধাৰিত৷ ৰামায়ণৰ কাহিনীসমূহৰ ভিতৰত “সীতা হৰণ”,”মেঘনাদ বধ”,”ৰাৱণ বধ”,”লক্ষ্মণৰ শক্তিশেল” ৰ দৰে কাহিনীসমূহেই এই নাট্যত প্ৰাধান্য পায়৷ কাহিনী কথনৰ মাজে মাজে শ্ৰোতা-দৰ্শকক আমোদ দিবলৈ কিছু সামাজিক ঘটনাও হাস্য-ব্যংগ ৰুপত উপস্থাপন কৰা হয়৷

বেশ-ভূষা আৰু প্ৰদৰ্শন ৰীতি[সম্পাদনা কৰক]

এই নাট্যত অভিনয় কৰোতে শিল্পীসকলে মুখমণ্ডলত ৰামায়ণৰ বিভিন্ন চৰিত্ৰসমূহৰ মুখা পৰিধান কৰি লয়৷ কাহিনী পৰিৱেশনত চৰিত্ৰসমূহে কোনো সংলাপ প্ৰক্ষেপ নকৰে, কেৱল অভিনয়হে কৰে৷ পুতলা নাচৰ দৰে ইয়াতো সংলাপৰ কামখিনি গীতে সামৰি লয় মানে গীতৰ মাজেৰে নাট্যৰ কাহিনীভাগ আগবাঢ়ে৷

ব্যৱহৃত বাদ্যযন্ত্ৰ[সম্পাদনা কৰক]

এইবিধ নাট্যৰ প্ৰদৰ্শনত প্ৰধানকৈ ঢোল, খোল[3] আৰু তাল ব্যৱহাৰ কৰা হয়৷[4]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]