ভাৰ্গৱী থাংকাপ্পন
ভাৰ্গৱী থাংকাপ্পন | |
---|---|
কেৰেলা বিধানসভাৰ সদস্য | |
কাৰ্যকাল ১৯৭৭–১৯৯১ | |
সমষ্টি |
|
লোকসভাৰ সাংসদ | |
কাৰ্যকাল ১৯৭১–১৯৭৭ | |
সমষ্টি | আদূৰ লোক সভা |
ব্যক্তিগত তথ্য | |
জন্ম | ২৪ জুলাই, ১৯৪২ (৮২ বছৰ) আদূৰ, ভাৰত |
ৰাজনৈতিক দল | ভাৰতীয় কমিউনিষ্ট পাৰ্টি |
ভাৰ্গৱী থাংকাপ্পন (ইংৰাজী: Bhargavi Thankappan, জন্ম-১৯৪২) ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ অষ্টম কেৰালা বিধানসভাৰ উপাধ্যক্ষ আছিল।
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]১৯৪২ চনৰ ২৪ জুলাইত আদূৰত কে ইশ্বৰন আৰু তেওঁৰ পত্নী কে কুট্টীৰ ঘৰত ভাৰ্গৱীৰ জন্ম হয়।[1][2] তেওঁ কোল্লামৰ শ্ৰী নাৰায়ণ কলেজৰ পৰা বাণিজ্য শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[1]
কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৬৮ চনত ভাৰ্গৱীয়ে কিছু সময়ৰ বাবে ৰবৰ ব'ৰ্ডত চাকৰি লয়৷ তাৰ পিছত ১৯৭১ চনলৈকে কেৰেলা ৰাজ্যিক বিদ্যুৎ ব'ৰ্ডত কাম কৰে।[1] নেদুৱথূৰ সমষ্টিৰ পৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টি (চিপিআই)ৰ প্ৰাৰ্থী হিচাপে প্ৰথমবাৰৰ বাবে কেৰালা বিধানসভাত তেওঁ প্ৰৱেশ কৰে।[2] পিছলৈ ১৯৭১ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আদূৰ আসনৰ পৰা ভাৰ্গৱী জয়ী হয়।[1] ষষ্ঠ, ৭ম, ৮ম আৰু দশম কেৰেলা বিধানসভাত কিলিমানুৰক তেওঁ প্ৰতিনিধিত্ব কৰিছিল। ১৯৮৭ চনৰ পৰা ১৯৯১ চনলৈকে তেওঁ অষ্টম বিধানসভাৰ উপ-সভাপতি আছিল। তেওঁ চিপিআইৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য।[2]
ন্যায়াধীশ মোহন কুমাৰ আয়োগে এজন সুৰা ঠিকাদাৰৰ পৰা চৰকাৰী হস্তক্ষেপ অবিহনে তেওঁৰ ব্যৱসায় সুচাৰুৰূপে চলাবলৈ ভাৰ্গৱীয়ে উৎকোচ লোৱা বুলি ধৰা পৰাৰ পিছত চিপিআইয়ে ভাৰ্গৱীক বহিষ্কাৰ কৰে।[3] পাঁচ বছৰৰ পিছত ভিজিলেন্স বিশেষ আদালতে প্ৰমাণৰ অভাৱত তেওঁক দোষমুক্ত কৰে।[4]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]১৯৬৭ চনৰ ২৯ জুনত ভাৰ্গৱীয়ে এ.কে.থাংকাপ্পনৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[1] তেওঁলোকৰ এজন পুত্ৰ আৰু দুগৰাকী কন্যা আছে।[2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 "Members Bioprofile: Thankappan, Shrimati Bhargavi". Lok Sabha. http://164.100.47.194/loksabha/writereaddata/biodata_1_12/2275.htm। আহৰণ কৰা হৈছে: 27 November 2017.
- ↑ 2.0 2.1 2.2 2.3 "Bhargavi Thankappan". Kerala Legislative Assembly. http://www.niyamasabha.org/codes/members/m087.htm। আহৰণ কৰা হৈছে: 27 November 2017.
- ↑ Devasia, T.K. (1 December 2002). "CPI expels Kerala legislators for taking bribe". Rediff.com. http://www.rediff.com/news/2002/dec/01kera.htm। আহৰণ কৰা হৈছে: 27 November 2017.
- ↑ "Bhargavi Thankappan, former ADM acquitted". The Hindu. 18 December 2005. http://www.thehindu.com/2005/12/18/stories/2005121805300500.htm.