সমললৈ যাওক

ভাৰ্জিল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱেৰ্গিল
জন্ম পূব্লিউছ ৱেৰ্গিলিউছ মাৰ'
৭০ খ্ৰীষ্টপূৰ্বৰ ১৫ অক্টোবৰ
ৱাৰ্জিলিঅ', ৰোমান প্ৰজাতন্ত্ৰ
মৃত্যু ১৯ খ্ৰীষ্টপূৰ্বৰ ২১ ছেপ্টেম্বৰ (৫০ বছৰ)
বৃণ্ডিছি, ইটালী, ৰোমান সাম্ৰাজ্য
পেচা কবি
ৰাষ্ট্ৰীয়তা ৰোমান
ধৰণ মহাকাব্যিক
সাহিত্যিক বিপ্লৱ অগষ্টান কাব্য

পূব্লিউছ ৱেৰ্গিলিউছ মাৰ' (লেটিন: Publius Vergilius Maro , pronounced [ˈpuːbliʊs wɛrˈɡɪliʊs ˈmaroː]; ১৫ অক্টোবৰ ৭০ খ্ৰী.পূ. – ২১ চেপ্টেম্বৰ ১৯ খ্ৰী.পূ.)[1] বা ৱেৰ্গিল আগষ্টান যুগৰ এজন প্ৰাচীন ৰোমান কবি আছিল। তেওঁ লেটিন সাহিত্যৰ তিনিটা বিখ্যাত কবিতা ৰচনা কৰিছিল। এইকেইটা হৈছে: একলগ (বা বুকলিক্স), জৰ্জিক্স আৰু মহাকাব্য এনিড। এপেণ্ডিক্স ভাৰ্জিলিয়ানাত সংকলিত কৰা কেইবাটাও সৰু কবিতাৰ ৰচনাৰ কৃতিত্ব প্ৰাচীন কালত তেওঁক দিয়া হৈছিল। কিন্তু আধুনিক পণ্ডিতসকলে তেওঁ এই কবিতাসমূহৰ ৰচয়িতা হয় নে নহয় সেয়া সন্দেহজনক বুলি গণ্য কৰে।[2]

ভাৰ্জিলৰ কামে পাশ্চাত্য সাহিত্যৰ ওপৰত ব্যাপক আৰু গভীৰ প্ৰভাৱ পেলাইছে। বিশেষকৈ দান্তেৰ ডিভাইন কমেডিত ভাৰ্জিলৰ নৰক আৰু পুৰগেটৰীক লেখকৰ নিৰ্দেশক হিচাপে দেখা যায়।[3]

ভাৰ্জিলক পৰম্পৰাগতভাৱে ৰোমৰ অন্যতম মহান কবি হিচাপে স্থান দিয়া হৈছে। তেওঁৰ এনিডক প্ৰাচীন ৰোমৰ এক ৰাষ্ট্ৰীয় মহাকাব্য বুলিও গণ্য কৰা হয়।

পুব্লিয়াছ ভাৰ্জিলিয়াছ মাৰোৰ জন্ম হৈছিল ১৫ অক্টোবৰ ৭০ খ্ৰীষ্টপূৰ্বত ৰোমান গণৰাজ্যৰ মন্টুয়াৰ ওচৰত।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Jones, Peter (2011) (en ভাষাত). Reading Virgil: Aeneid I and II. Cambridge University Press. পৃষ্ঠা. 1, 4. ISBN 978-0521768665. https://books.google.com/books?id=JKBIrIOR4PcC&pg=PA1 আহৰণ কৰা হৈছে: 23 November 2016.
  2. Bunson, Matthew (2014) (en ভাষাত). Encyclopedia of the Roman Empire. Infobase Publishing. পৃষ্ঠা. 28. ISBN 978-1438110271. https://www.google.com/books/edition/Encyclopedia_of_the_Roman_Empire/T5tic2VunRoC?hl=en&gbpv=1&pg=PA28 আহৰণ কৰা হৈছে: 15 July 2021.
  3. Ruud, Jay (2008) (en ভাষাত). Critical Companion to Dante. Infobase Publishing. পৃষ্ঠা. 376. ISBN 978-1438108414. https://books.google.com/books?id=Hqc5tXPUjI0C&pg=PA376 আহৰণ কৰা হৈছে: 23 November 2016.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]