ভাৱাইয়া আৰু ছতকা গীত
অসমীয়া মৌখিক প্ৰেম-প্ৰণয়মূলক গীতৰ ভিতৰত গোৱালপাৰা অঞ্চলত প্ৰচলিত ভাৱাইয়া আৰু ছতকা গীতবোৰ উল্লেখযোগ্য। লিৰিকেল সৌন্দৰ্য এই দুয়ো বিধ গীতৰ অন্যতম বৈশিষ্ট্য। আন আন লোকগীতৰ দৰে ভাৱাইয়া আৰু ছতকা কোনো ধৰণৰ ধৰ্মীয় অনুষঙ্গত গোৱা নহয়, হিন্দু-মুছলমান আদি বিভিন্ন ধৰ্মৰ লোকে এই গীতবোৰ অতি আনন্দেৰে শুনে। ভাৱাইয়া গীতবোৰ ভাবপ্ৰধান আৰু ছতকা-গীতবোৰ ব্যঙ্গপ্ৰধান। দোতোৰা, মঞ্জিৰা আদি বাদ্যযন্ত্ৰৰ সহায়ত এই গীতবোৰ গোৱা হয়। ভাৱাইয়া গীতত পৰিস্ফুট প্ৰেম ডেকা-গাভৰুৰ ৰোমাণ্টিক প্ৰেম নহয়, বৰং অবিবাহিতা গাভৰুৰ দৈহিক আসক্তি, বিশেষকৈ যৌন জীৱনৰ আকাঙক্ষাৰ বেদনাৰ স্ফুৰণ।[1] উদাহৰণস্বৰূপে তলত এটি ভাৱাইয়া গীত দিয়া হ'ল—
কিসেৰ মোৰ ৰান্ধন, কিসেৰ মোৰ বাঢ়ন
কিসেৰ মোৰ হলদি বাটা,
মোৰ প্ৰাণ ধন অন্যেৰ বাৰী যায়
মোৰ অঙ্গিনাই দিয়া ঘাটা।
ও সজনী কাৰবা আগে ক'ব মোৰ দুখেৰ কথা॥
মোৰ বন্ধু গান গায় মাথা তুলি না চায়,
মই নাৰী যাং জলেৰ ঘাটে॥...
চেতন হুয়া দেখং বন্ধু নাই বগলে
গাৱখান মোৰ চেংচেঙা কৰে।
ও সজনী কাৰ আগে ক'ব মোৰ দুখেৰ কথা॥[2]