সমললৈ যাওক

ভাৱাল ৰাষ্ট্ৰীয় উদ্যান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাৱাল ৰাষ্ট্ৰীয় উদ্যান
ভাওয়াল জাতীয় উদ্যান
আই.ইউ.চি.এন শ্ৰেণী IV (বাসস্থান/প্ৰজাতি ব্যৱস্থাপনা অঞ্চল)
ভাৱাল ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চল আৰু ভূমি
ভাৱাল ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চল আৰু ভূমি
মানচিত্ৰত ভাৱাল ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থিতি
বাংলাদেশত অৱস্থিতি
অৱস্থান গাজীপুৰ, ঢাকা বিভাগ, বাংলাদেশ
মাটিকালি ৫০২২ হেক্টৰ
প্ৰতিস্থা ১৯৮২ (1982)

ভাৱাল ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Bhawal National Park) হৈছে বাংলাদেশৰ এখন প্ৰকৃতি সংৰক্ষিত বনাঞ্চল আৰু ৰাষ্ট্ৰীয় উদ্যান।

১৯৭৪ চনত, উদ্যানখনৰ প্ৰতিষ্ঠা আৰু ৰক্ষণাবেক্ষণৰ কাম-কাজ আৰম্ভ হৈছিল যদিও ১৯৮২ চনত, বাংলাদেশৰ বন্যপ্ৰাণী আইন (১৯৭৪) অনুসৰি ইয়াক আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। ভাৱাল ৰাজ্যৰ শাসনকালত ই মধুপুৰৰ এখন অৰণ্য আছিল। ই বাংলাদেশৰ ঢাকা বিভাগৰ গাজীপুৰ চহৰত অৱস্থিত। উদ্যানখন ঢাকা চহৰৰ পৰা উত্তৰ দিশত প্ৰায় ৪০ কিলোমিটাৰ, গাজীপুৰৰ পৰা ২০ কিলোমিটাৰ আৰু কাপাছিয়াৰ পৰা ২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত। উদ্যানখনৰ মূল ক্ষেত্ৰফল ৯৪০ হেক্টৰ (২,৩২২ একৰ) যদিও ইয়াৰ দাঁতিকাষৰীয়া বনাঞ্চলসমূহ ৫,০২২ হেক্টৰ (১২,৪০৯ একৰ) এলেকাজুৰি বিস্তৃত। উদ্যানখনৰ মূল উদ্দেশ্য হৈছে গুৰুত্বপূৰ্ণ আৱাসস্থলসমূহ সুৰক্ষিত কৰাৰ লগতে বিনোদনৰ সুযোগ প্ৰদান কৰা। সংৰক্ষিত ভূ-প্ৰকৃতি হিচাপে ইয়াক আই ইউ চি এন পৰিচালনা শ্ৰেণী V ৰ অধীনত ৰখা হৈছে। শাল গছৰ অৰণ্যবোৰেই হৈছে উদ্যানখনৰ অন্যতম সাধাৰণ উদ্ভিদকুল। ময়ূৰ, বাঘ, নাহৰফুটুকী বাঘ, ক’লা চিতাবাঘ, হাতী, ধূসৰ চিতাবাঘ আৰু শৰপহুৰ বাবে এই অঞ্চলটো বিখ্যাত আছিল। অৱশ্যে, এই বন্যপ্ৰাণীৰ বহুখিনি ইতিমধ্যে নোহোৱা হৈ গৈছে আৰু মাত্ৰ কেইটামান প্ৰজাতিহে বাকী আছে। ইয়াৰ উপৰিও, বেছিভাগ অৰণ্য ধ্বংস হ'ল আৰু এতিয়া বন কোম্পানী বা ভূমিহীন লোকে দখল কৰিলে।[1][2]

পঞ্চাশ বছৰৰ আগতে, এই অঞ্চলৰ বেছিভাগেই অৰণ্যৰে আবৃত আছিল আৰু ইয়াৰ প্ৰধান উদ্ভিদ প্ৰজাতিটো আছিল শাল (Shorea robusta)। অবৈধ বনাঞ্চল ধ্বংসৰ ফলত মূল বনাঞ্চলখনৰ মাত্ৰ ৬০০ বৰ্গ কিলোমিটাৰ ভূমিহে বাকী আছে। এতিয়া আকৌ বনাঞ্চলখনত নতুনকৈ বৃক্ষ ৰোপণ কৰা হৈছে।[3]

পৰিস্থিতি বিজ্ঞান

[সম্পাদনা কৰক]

উদ্যানখনত ৩৪৫টা উদ্ভিদ প্ৰজাতি আছে, যাৰ ভিতৰত আছে ১৫১টা ভিন্ন বৃক্ষৰ প্ৰজাতি, ৫৩টা গুল্ম, ১০৬টা বনৌষধি আৰু ৩৪টা আৰোহী-লতাৰ প্ৰজাতি। উদ্যানখনৰ বন্যপ্ৰাণীসমূহৰ ভিতৰত আছে ১৩টা প্ৰজাতিৰ স্তন্যপায়ী, ৯টা প্ৰজাতিৰ সৰীসৃপ, ৩৯টা প্ৰজাতিৰ চৰাই আৰু ১০টা প্ৰজাতিৰ উভচৰ প্ৰাণী। ইয়াৰ উপৰিও বন বিভাগে শেহতীয়াকৈ ময়ূৰ, হৰিণ, অজগৰ, মেচেকা আদি প্ৰাণী নতুনকৈ এৰি দিছে।[4]

চিত্ৰ বীথিকা

[সম্পাদনা কৰক]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Wildlife Biodiversity in Bhawal National Park: Management Techniques and Drawbacks of Wildlife Management and Nature Conservation". bangladesh.com. 2005. http://journals.sfu.ca/nepal/index.php/ON/article/viewFile/340/332। আহৰণ কৰা হৈছে: 2011-09-30. 
  2. "Wildlife Biodiversity in Bhawal National Park". School of Environmental Science and Management, Independent School, Bangladesh. http://journals.sfu.ca/nepal/index.php/ON/article/viewFile/340/332। আহৰণ কৰা হৈছে: 2007-08-18. 
  3. Harun-Er-Rashid (2012). "Madhupur Tract". In Islam, Sirajul; Jamal, Ahmed A.. Banglapedia: National Encyclopedia of Bangladesh (Second সম্পাদনা). Asiatic Society of Bangladesh. http://en.banglapedia.org/index.php?title=Madhupur_Tract. 
  4. "Eco tourism in Bangladesh". Bangladesh Forest Department. Archived from the original on 2007-10-13. https://web.archive.org/web/20071013122329/http://www.bforest.gov.bd/bhawal.php। আহৰণ কৰা হৈছে: 2007-08-18. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]