সমললৈ যাওক

ভিক্টৰিয়া আব্ৰিল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভিক্টৰিয়া আব্ৰিল

২০১৩ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত আব্ৰিল
জন্ম ভিক্টৰিয়া মেৰিডা ৰোহাছ
৪ জুলাই, ১৯৫৯ (৬৭ বছৰ)
মালাগা, স্পেইন
পেচা অভিনেত্ৰী আৰু গায়িকা
সক্ৰিয় হৈ থকা সময় ১৯৭৪–বৰ্তমান
দাম্পত্যসঙ্গী
  • পিয়েৰে এডেলমেন
  • গুস্তাভো লাউবে
সন্তান ২
বঁটা, সন্মান, পুৰস্কাৰ আদি শ্ৰেষ্ঠ অভিনেত্ৰীৰ ছিলভাৰ বিয়েৰ বঁটা
১৯৯১ আমান্তেচ
শ্ৰেষ্ঠ অভিনেত্ৰীৰ গোয়া বঁটা
১৯৯৫ ন’বডী উইল স্পীক অফ আছ হোৱেন উই আৰ ডেড

ভিক্টৰিয়া মেৰিডা ৰোহাছ (ইংৰাজী: Victoria Abril; জন্ম: ৪ জুলাই ১৯৫৯), পেছাদাৰীভাৱে ভিক্টৰিয়া আব্ৰিল নামেৰে পৰিচিত এগৰাকী স্পেনিছ চলচ্চিত্ৰ অভিনেত্ৰী আৰু গায়িকা। তেওঁ বৰ্তমান ফ্ৰান্সত বসবাস কৰে। পৰিচালক পেদ্ৰ’ আলমোদোভাৰৰ ছবি টাই মি আপ! টাই মি ডাউন! -ত কৰা অভিনয়ৰ বাবে তেওঁ আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ মাজত বিশেষভাৱে পৰিচিত।

জীৱন আৰু কেৰিয়াৰ

[সম্পাদনা কৰক]

মালাগাত জন্মগ্ৰহণ কৰা আব্ৰিলে ১৯৭৬ চনত স্পেইনৰ আন, ড'ছ, ত্ৰেছ... ৰেচপণ্ডা অত্ৰা ভেজ অনুষ্ঠানত দুবছৰ ধৰি অভিনয় কৰি ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল। স্পেইনত কাম কৰাৰ উপৰি তেওঁ ফ্ৰান্স, ইটালী আৰু আইচলেণ্ডৰ চলচ্চিত্ৰতো অভিনয় কৰিছে। তেওঁ আঠবাৰকৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত 'গোয়া বঁটা'ৰ বাবে মনোনীত হৈছে আৰু এবাৰ এই বঁটা লাভ কৰিছে। ইয়াৰ উপৰি তেওঁ আমান্তেচ ছবিত কৰা অভিনয়ৰ বাবে ৪১সংখ্যক বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ 'ছিলভাৰ বিয়েৰ বঁটা' লাভ কৰিছিল।[1] দুবছৰৰ পাছত, ৪৩সংখ্যক বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তেওঁক 'বাৰ্লিনেল কেমেৰা' সন্মানেৰে সন্মানিত কৰা হয়।[2]

আব্ৰিল এগৰাকী গায়িকাও। ২০০৫ চনত তেওঁ পুটচেৰোছ ড' ব্ৰাজিল নামৰ এটা 'বচানোভা-জাজ' এলবামৰ জৰিয়তে সংগীত জগতত আত্মপ্ৰকাশ কৰে। তেওঁ ১৯৭৯ চনৰ ইউৰোভিজন চং কণ্টেষ্টত "বেং-বেং-বেং" গীতটোৰে স্পেইনক প্ৰতিনিধিত্ব কৰাৰ চেষ্টাও কৰিছিল, কিন্তু তেওঁৰ পৰিৱৰ্তে বেটী মিচিগোক নিৰ্বাচিত কৰা হৈছিল।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৭৭ চনৰ ২৮ জুলাইত আব্ৰিলে চিলিৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ প্ৰাক্তন ফুটবলাৰ গুস্তাভো লাউবেৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ১৯৮২ চনৰ আৰম্ভণিতে দম্পতীটোৰ বিচ্ছেদ ঘটে।

ফৰাচী পৰিচালক জেৰাৰ্ড ডি বাটিষ্টাৰ সৈতে আব্ৰিলৰ দুটা পুত্ৰ সন্তান আছে। তেওঁ বৰ্তমান ফ্ৰান্সত বসবাস কৰে আৰু ১৯৮২ চনৰপৰাই তেওঁ তাত স্থায়ীভাৱে থাকিবলৈ লৈছে।[3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ "Berlinale: 1991 Prize Winners". berlinale.de. http://www.berlinale.de/en/archiv/jahresarchive/1991/03_preistr_ger_1991/03_Preistraeger_1991.html। আহৰণ কৰা হৈছে: 21 March 2011.
  2. ↑ "Berlinale: 1993 Prize Winners". berlinale.de. http://www.berlinale.de/en/archiv/jahresarchive/1993/03_preistr_ger_1993/03_Preistraeger_1993.html। আহৰণ কৰা হৈছে: 15 July 2015.
  3. ↑ "Victoria Abril". IMDB Victoria April Biography. https://www.imdb.com/name/nm0000721/bio। আহৰণ কৰা হৈছে: 2 March 2018.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]