ভিট্টৰিয়া আগানুৰ
| ভিট্টৰিয়া আগানুৰ | |
|---|---|
| জন্ম | ২৬ মে ১৮৫৫ পডৱা, অষ্ট্ৰিয়ান সাম্ৰাজ্য |
| মৃত্যু | ০৯ এপ্ৰিল, ১৯১০ (৫৪ বছৰ) |
| পেচা | কবি |
ভিট্টৰিয়া আগানুৰ ( ২৬ মে' ১৮৫৫ – ৯ এপ্ৰিল ১৯১০) আৰ্মেনিয়ান বংশৰ এগৰাকী ইটালীয় কবি আছিল। তেওঁক "ঊনবিংশ শতিকাৰ কবিতাৰ সৰু কিন্তু গুৰুত্বপূৰ্ণ ব্যক্তিত্ব" বুলি গণ্য কৰা হয়।[1]
জীৱনী
[সম্পাদনা কৰক]এডোয়াৰ্ডো আগানুৰ আৰু জিউচেপিনা পাচিনিৰ তেওঁ সপ্তম সন্তান। তেওঁ পডুৱাত জন্মগ্ৰহণ কৰিছিল আৰু আৰ্মেনিয়াত ডাঙৰ-দীঘল হৈছিল। তেওঁৰ পিতৃৰ পৰিয়ালটো আছিল ধনী আৰ্মেনিয়ান সম্ভ্ৰান্ত লোক। একাদশ শতিকাত তেওঁলোকে পাৰস্যলৈ গুচি গৈছিল, জুলফাত বসতি স্থাপন কৰিছিল। পিছলৈ মেচিটাৰিষ্ট পিতৃসকলৰ পৰামৰ্শ অনুসৰি পৰিয়ালটোৱে পেৰিছত থাকিবলৈ প্ৰব্ৰজন কৰে। ফ্ৰান্সত তেওঁলোকে আৰ্মেনিয়ান আভিজাত্যৰ বাবে দুটা উল্লেখযোগ্য শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিছিল: পেৰিছৰ কলেজ ৰাফেল, আৰু তাৰ পিছত ভেনিচৰ কলেজিঅ' মুৰাট।[2]
১৮৪৭ চনত ভিট্টৰিয়াৰ পিতৃ-মাতৃয়ে বিবাহপাশত আবদ্ধ হয় আৰু পাডোভালৈ গুচি যায়। তাত তেওঁলোকে প্ৰাটো ডেলা ভেলেৰ ‘কাছা ডেগ্লি আৰ্মেনী’ বা ‘আৰ্মেনিয়ানসকলৰ ঘৰ’ত বাস কৰে। ইয়াতেই ভিট্ট’ৰিয়াই তেওঁৰ চাৰিগৰাকী ভগ্নীৰ সৈতে শৈশৱ আৰু কৈশোৰ কটায়।[2]
আন্দ্ৰেয়া মাফেই বা এণ্টনিঅ’ ফ’গাজাৰ’ৰ দৰে বহু ইটালীৰ চেলিব্ৰিটিয়ে সৰুতে তেওঁলোকৰ ঘৰলৈ গৈছিল। ১৮৭৬ চনত তেওঁ নেপলছলৈ বাস কৰে আৰু তাৰপৰাই এনৰিকো নেনচিয়নীক লগ পায়, যিয়ে তেওঁক কবিতাৰ কামত সহায় কৰিছিল, যদিও তেওঁ ডমেনিকো গ্নোলিলৈ বেছিকৈ চিঠি লিখিছিল।[1][3] হতাশাজনক মেজাজৰ বাবে পৰিয়ালৰ ওপৰত আৱেগিকভাৱে অতি নিৰ্ভৰশীল আছিল আৰু যদিও তেওঁ এগৰাকী অকালপক্ব লেখিকা আছিল, তথাপি ১৯০০ চনলৈকে তেওঁৰ প্ৰথমখন কিতাপ Leggenda eterna প্ৰকাশ কৰা নাছিল। ১৯০১ চনত তেওঁ সংসদৰ এজন সুপৰিচিত সদস্য গুইডো পম্পিলজৰ সৈতে বিবাহপাশত আবদ্ধ হয়[4] আৰু পিছলৈ ইটালীৰ বিদেশৰ উপ সচিব।[5] দুয়ো একেলগে পেৰুজিয়ালৈ গ’ল। ১৯১০ চনৰ ৯ এপ্ৰিলত ৰোমত অস্ত্ৰোপচাৰৰ ফলত ৫৪ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।[1]
তেওঁৰ মৃত্যুত হৃদয় দগ্ধ হৈ পৰা তেওঁৰ স্বামীয়ে কিছুসময়ৰ পাছতে তেওঁৰ মৃতদেহৰ কাষতে আত্মহত্যা কৰে।[1][6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 4 Katharina M. Wilson (1991). An Encyclopedia of Continental Women Writers. Taylor & Francis. পৃষ্ঠা. 7. ISBN 978-0-8240-8547-6. https://books.google.com/books?id=2Wf1SVbGFg8C&pg=PA7.
- 1 2 "Aganoor Pompilj, Vittoria (1855–1910)". University of Chicago Library. https://www.lib.uchicago.edu/efts/IWW/BIOS/A0001.html। আহৰণ কৰা হৈছে: 4 March 2013.
- ↑ Rinaldina Russell (1 January 1994). Italian Women Writers: A Bio-bibliographical Sourcebook. Greenwood Publishing Group. পৃষ্ঠা. 4. ISBN 978-0-313-28347-5. https://books.google.com/books?id=AxDbPQrjs64C&pg=PA4.
- ↑ Gaetana Marrone; Paolo Puppa (2007). Encyclopedia of Italian Literary Studies: A-J. Taylor & Francis. পৃষ্ঠা. 6. ISBN 978-1-57958-390-3. https://books.google.com/books?id=69ey6Z-05fMC&pg=PA6.
- ↑ Oelsner, Hermann (1911). "Italian Literature". In Chisholm, Hugh. Encyclopædia Britannica. 14 (11th ed.). Cambridge University Press. pp. 897–912; see page 912.
Contemporary literature.....Among the women poets, Ada Negri...has achieved a great reputation; and others, such as Vittoria Aganoor,
- ↑ "Italian Deputy a Suicide". The Washington Post. 9 May 1910. https://www.newspapers.com/image/31550967/?terms=Vittoria%2BAganoor। আহৰণ কৰা হৈছে: 2 November 2015.