ভিলমা এস্পিন
ভিলমা এস্পিন | |
|---|---|
এস্পিন প্ৰায় ১৯৫৮ | |
| কিউবাৰ প্ৰথম মহিলা | |
| In role ২ ডিচেম্বৰ ১৯৭৬ – ১৮ জুন ২০০৭ De facto ১৬ ফেব্ৰুৱাৰী ১৯৫৯ – ২ ডিচেম্বৰ ১৯৭৬[1] | |
| নেতা | ফিডেল কাষ্ট্ৰো ৰাউল কাষ্ট্ৰো |
| পূৰ্বসূৰী | মাৰিয়া ডি লা কেৰিদাদ মোলিনা |
| উত্তৰসূৰী | লিচ কেষ্টা পেৰাজা (২০১৮) |
| ফেডাৰেচন অৱ কিউবান উইমেনৰ সভাপতি | |
| কাৰ্যকাল ২৩ আগষ্ট ১৯৬০ – ১৮ জুন ২০০৭ | |
| উত্তৰসূৰী | প্ৰধান সচিব ৰূপে ইয়োলাণ্ডা ফাৰাৰ গোমেজ |
Other office held
| |
| ব্যক্তিগত তথ্য | |
| জন্ম | ভিলমা লুচিলা এস্পিন গুইলৱা ৭ এপ্ৰিল, ১৯৩০ চেণ।টিয়াগো ডি কিউবা, ওৰিয়েণ্ট, ৰিপাব্লিক অফ কিউবা |
| মৃত্যু | ১৮ জুন, ২০০৭ (৭৭ বছৰ) হাভানা, কিউবা |
| দাম্পত্যসঙ্গী | ৰাউল কাষ্ট্ৰো,২৬ জানুৱাৰী ১৯৫৯ |
| সন্তান | ৪, তাৰ ভিতৰৰ মেৰিয়েলা আৰু আলজেণ্ড্ৰো কাষ্ট্ৰো |
| শিক্ষা | মাচাচুছেটচ্ ইনষ্টিটিউট অফ টেকনোলোজি |
| পুৰস্কাৰ | লেনিন শান্তি বঁটা (১৯৭৭-৭৮) |
ভিলমা লুচিলা এস্পিন গুইলৱা (ইংৰাজী: Vilma Lucila Espin Guillois; ৭ এপ্ৰিল ১৯৩০ – ১৮ জুন ২০০৭) আছিল এগৰাকী কিউবাৰ বিপ্লৱী, নাৰীবাদী আৰু ৰাসায়নিক অভিযন্তা। তেওঁ ২৬ জুলাই আন্দোলনক ভূ-গৰ্ভস্থ চোৰাংচোৱা হিচাপে যোগান ধৰা আৰু সংগঠিত কৰাত সহায় কৰিছিল আৰু বিপ্লৱৰ সামৰণি পৰা মৃত্যুলৈকে কিউবা চৰকাৰৰ বহু শাখাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল।[2] এস্পিনে ফেডাৰেচন অৱ কিউবান উইমেন প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল আৰু জীৱনৰ সকলো ক্ষেত্ৰতে কিউবান মহিলাসকলৰ বাবে সম অধিকাৰৰ প্ৰসাৰ ঘটাইছিল।[3]
ৰাউল কাষ্ট্ৰোৰ পত্নী আৰু ফিডেল কাষ্ট্ৰোৰ ভনীয়েক হিচাপে তেওঁ মূলতঃ প্ৰায় ৪৫ বছৰ ধৰি কিউবাৰ ফাৰ্ষ্ট লেডী আছিল।
প্ৰাথমিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]১৯৩০ চনৰ ৭ এপ্ৰিলত ছাণ্টিয়াগো ডি কিউবাত জন্মগ্ৰহণ কৰিছিল ভিলমা এস্পিন গুইলৱাই।[4] কিউবাৰ এগৰাকী ধনী উকীল জোচে এস্পিন আৰু পত্নী মাৰ্গাৰিটা গুইলৱাৰ কন্যা। তেওঁৰ চাৰিজন ভাই-ভনী আছিল, নিলছা, ইভান, ছোনিয়া আৰু জোচে।[5] এস্পিনে প্ৰাথমিক বিদ্যালয়ৰ বাবে একাডেমিয়া পেৰেজ-পেনাত পঢ়িছিল আৰু ১৯৪০ চনৰ সময়ছোৱাত এছ'চিয়েচন প্ৰ'-আৰ্টে কিউবানোত বেলেট আৰু বাদ্য-সংগীত অধ্যয়ন কৰিছিল।[6] ১৯৫০ চনত তেওঁ ছাণ্টিয়াগো ডি কিউবাৰ ইউনিভাৰ্চিটি ডি অৰিয়েণ্টেত ৰাসায়নিক অভিযান্ত্ৰিক অধ্যয়ন কৰে (কিউবাৰ এই বিষয় অধ্যয়ন কৰা প্ৰথম মহিলাসকলৰ ভিতৰত এগৰাকী)।[4] ইউনিভাৰ্চিটি ডি অৰিয়েণ্টে, চেণ্টিয়াগো ডি কিউবাত পঢ়ি থকাৰ সময়ত তেওঁ ভলীবল, টেনিছ খেলিছিল আৰু ইউনিভাৰ্চিটি কোৱাৰৰ ছ'প্ৰানো আছিল।[7] বিশ্ববিদ্যালয়ত এস্পিনে তেওঁৰ গুৰু ফ্ৰেংক পেইছক অৰিয়েণ্টে ৰিভল্যুচনেৰী একচন (ARO) নামৰ বিশ্ববিদ্যালয়ৰ এটা গোটত লগ পায়, যিটো গোটে মনকাডা বেৰেকত আক্ৰমণৰ বাবে দায়ী আছিল।[7] স্নাতক হোৱাৰ পিছত তেওঁৰ পিতৃয়ে তেওঁক স্নাতকোত্তৰ অধ্যয়ন সম্পূৰ্ণ কৰিবলৈ মেছাচুচেটছৰ কেম্ব্ৰিজত এম আই টিত পঢ়িবলৈ উৎসাহিত কৰে এই আশাত যে আমেৰিকা ভ্ৰমণে তেওঁক সমাজবাদী কাৰ্যকলাপৰ সৈতে জড়িত হোৱাৰপৰা বিৰত ৰাখিব।[8] অৱশেষত যেতিয়া তেওঁ সন্মতি দিলে, এম আই টিত তেওঁৰ চমু শৈক্ষিক কেৰিয়াৰে আমেৰিকাৰ প্ৰতি তেওঁৰ শত্ৰুতা আৰু অধিক জগাই তুলিলে, কাৰণ তেওঁ মেক্সিকোৰ মাজেৰে কিউবালৈ উভতি অহাৰ পথত ২৬ জুলাইৰ আন্দোলনত আনুষ্ঠানিকভাৱে যোগদান কৰে।[3] এস্পিনে এম আই টিত মাত্ৰ এটা ছেমিষ্টাৰ সম্পূৰ্ণ কৰিছিল।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Guerra, Wendy (2018-06-25). "¿Primera Dama cubana?". El Nuevo Herald. http://www.elnuevoherald.com/opinion-es/opin-col-blogs/opinion-sobre-cuba/article213276399.html.
- ↑ Suchlicki, Jaime (2008) (en ভাষাত), Espín, Vilma, Oxford University Press, doi:10.1093/acref/9780195148909.001.0001, ISBN 9780195148909, https://archive.org/details/oxfordencycloped0000unse_k2h2, আহৰণ কৰা হৈছে: 2019-11-04
- ↑ 3.0 3.1 "Espin, Vilma | The Palgrave Macmillan Dictionary of Women's Biography - Credo Reference". search.credoreference.com. https://search.credoreference.com/content/entry/macdwb/espin_vilma/0। আহৰণ কৰা হৈছে: 2019-11-04.
- ↑ 4.0 4.1 4.2 DePalma, Anthony (20 June 2007). "Vilma Espín, Rebel and Wife of Raúl Castro, Dies at 77". The New York Times. https://www.nytimes.com/2007/06/20/world/americas/20espin.html.
- ↑ Gott 2005, পৃষ্ঠা. 160.
- ↑ Ferrer Gómez & Aguilar Ayerra 2015, পৃষ্ঠা. 603.
- ↑ 7.0 7.1 Fenton, Alexandra. "Vilma Espín: Her Role in the Federation of Cuban Women and the Evolution of Women’s Roles in Revolutionary Cuba, 1960-1975.", 2013
- ↑ Gjelten, Tom (2008) (en ভাষাত). Bacardi and the Long Fight for Cuba: The Biography of a Cause. Penguin. ISBN 9780670019786. https://books.google.com/books?id=3BDH9FK6grMC&q=vilma+espin&pg=PA208.