ভিল ভাষাসমূহ
| ভিল | |
|---|---|
| জাতি: | ভিল জনগোষ্ঠী |
| ভৌগোলিক বিস্তৃতি: |
ভাৰত |
| ভাষাৰ শ্ৰেণীবিভাজন: | Indo-European |
| উপশ্ৰেণীসমূহ: |
উত্তৰ
মধ্য
বাৰেলী
|
ভাৰতত ভিলী ভাষাভাষী অঞ্চলসমূহ | |
ভিল ভাষাসমূহ হৈছে ভিল লোকসকলে ব্যৱহাৰ কৰা ভাষা/উপভাষাসমূহৰ এটা গোট, যাক সাধাৰণতে ইণ্ডো-আৰ্য ভাষাসমূহৰ অন্তৰ্গত গুজৰাটী আৰু ৰাজস্থানী ভাষাৰ উপভাষা হিচাপে শ্ৰেণীবদ্ধ কৰা হয়।[2][3] ২০১১ চনৰ তথ্য অনুসাৰে, পশ্চিম আৰু মধ্য ভাৰতত প্ৰায় ১.০৪ কোটি ভিল লোকে এই ভাষাসমূহ ব্যৱহাৰ কৰে।[4] এই ভাষাসমূহ ৰাজস্থানৰ দক্ষিণ আৰাৱলী পৰ্বতমালা আৰু মধ্য প্ৰদেশৰ পশ্চিম সাতপুৰা পৰ্বতমালা, উত্তৰ-পশ্চিম মহাৰাষ্ট্ৰ আৰু দক্ষিণ গুজৰাট অঞ্চলত মুখ্য ভাষা হিচাপে ব্যৱহৃত।
ভাৰত চৰকাৰৰ সংখ্যালঘু বিষয়ক মন্ত্ৰালয়ৰ অধীনত ভাষাগত সংখ্যালঘু আয়ুক্তৰ ৫২তম প্ৰতিবেদন অনুসাৰে, দাদৰা আৰু নগৰ হাভেলী জিলাত ভিলী হৈছে আটাইতকৈ অধিক ব্যৱহৃত ভাষা, যি জিলাখনৰ মুঠ জনসংখ্যাৰ ৪০.৪২%। গুজৰাট (৪.৭৫%), মধ্য প্ৰদেশ (৪.৯৩%) আৰু ৰাজস্থান (৪.৬০%) ৰাজ্যতো ভিলী ভাষাভাষীৰ সংখ্যা উল্লেখযোগ্য।[5]
সম্পৰ্ক
[সম্পাদনা কৰক]ভিল ভাষাসমূহে গুজৰাটী ভাষা আৰু ৰাজস্থানী–মাৰোৱাৰী ভাষাসমূহৰ মাজত এটা সংযোগসূত্ৰ গঠন কৰে।
ভৌগোলিকভাৱে শ্ৰেণীবদ্ধ কৰিলে ভিল ভাষাসমূহ তলত দিয়া ধৰণে বিভক্ত—
- উত্তৰ ভিল
- বাউৰিয়া
- ৱাগড়ী (সম্ভৱতঃ মধ্য শাখাৰ; আদিৱাসী, পাটেলীয়া আদি ভিল উপভাষাৰ সৈতে যথেষ্ট বুজাবুজি সম্ভৱ)
- ভিলোৰী (নইৰী, ডুংগ্ৰা)
- মাগৰী (মাগ্ৰা কি বোলী; Ethnologueত ভিলীৰ অন্তৰ্গত)
- মধ্য ভিল
- ভিলী (প্ৰকৃত) (পাটেলীয়া), ভিলোডী, আদিৱাসা আৰু ৰাজপুত গাৰাছিয়া
- ভিলালী (ৰাঠাৱী)
- চোদ্ৰী
- ধোধীয়া–কুকনা
- ধাঙ্কী
- ডুবলী
- পূৰ্ব ভিল (বাৰেলী)
- পাল্যা বাৰেলী
- পৌৰী বাৰেলী
- ৰাঠৱী বাৰেলী
- পাৰ্ধী
- কলতো (নিহালী)
অন্যান্য ভিল ভাষাসমূহৰ ভিতৰত গামিত (গামটি) আৰু মাওচী উল্লেখযোগ্য। বাসাভী ভিল জনগোষ্ঠীয় লোকসকলে ব্যৱহাৰ কৰে যদিও ই গুজৰাটীৰ অধিক ওচৰ। তেনেদৰে মালৱী আৰু নিমাড়ী ভাষা ৰাজস্থানীৰ অধিক ওচৰ বুলি ধৰা হয়। শেহতীয়া বৰ্ণিত বাগ্ৰী বোলি ভাষাটোকো ভিল ভাষা হিচাপে গণ্য কৰা হয়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Ernst Kausen, 2006. Die Klassifikation der indogermanischen Sprachen (Microsoft Word, 133 KB)
- ↑ George L. van Driem (25 May 2021). Ethnolinguistic Prehistory. BRILL. পৃষ্ঠা. 220. ISBN 978-90-04-44837-7. https://books.google.com/books?id=6EswEAAAQBAJ.
- ↑ Prakash Chandra Mehta (2004). Ethnographic Atlas of Indian Tribes. Discovery Publishing House. পৃষ্ঠা. 191. ISBN 978-81-7141-852-7. https://books.google.com/books?id=hoQqpkfrXfAC.
- ↑ "ABSTRACT OF SPEAKERS' STRENGTH OF LANGUAGES AND MOTHER TONGUES - 2011". Indian Census 2011, Government of Indiawww.censusindia.gov.in. http://www.censusindia.gov.in/2011Census/Language-2011/Statement-1.pdf। আহৰণ কৰা হৈছে: 7 July 2018.
- ↑ "Report of the Commissioner for linguistic minorities: 52nd report (July 2014 to June 2015)". Commissioner for Linguistic Minorities, Ministry of Minority Affairs, Government of India. http://nclm.nic.in/shared/linkimages/NCLM52ndReport.pdf। আহৰণ কৰা হৈছে: 21 February 2018.