সমললৈ যাওক

ভি. এন. জানাকী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভি. এন.জনাকী ৰামচন্দ্ৰন

জনাকী ১৯৫৯ চনত
৪ৰ্থ তামিলনাডুৰ মুখ্যমন্ত্ৰী
কাৰ্যকাল
৭ জানুৱাৰী ১৯৮৮ – ৩০ জানুৱাৰী ১৯৮৮
ৰাজ্যপাল [[সুন্দৰ লাল খুৰানা ]]
পূৰ্বসূৰী [[এম জি ৰামচন্দ্ৰন ]][টোকা 1]
উত্তৰসূৰী [[ৰাষ্ট্ৰপতিৰ শাসন ]]
সমষ্টি প্ৰতিদ্বন্দ্বিতা কৰা নাছিল
President of All India Anna Dravida Munnetra Kazhagam
কাৰ্যকাল
2 January 1988 – 7 February 1989
ব্যক্তিগত তথ্য
জন্ম
Vaikom Narayani Janaki

৩০ নৱেম্বৰ, ১৯২৩[1]
Vaikom, Travancore Kingdom, British India (present-day Kerala, India)
মৃত্যু ১৯ মে', ১৯৯৬ (৭২ বছৰ)[1]
Chennai, Tamil Nadu, India[উদ্ধৃতিৰ প্ৰয়োজন]
মৃত্যুৰ কাৰণ Cardiac arrest[2]
সমাধিস্থল M.G.R. Thottam
ৰাজনৈতিক দল All India Anna Dravida Munnetra Kazhagam
দাম্পত্যসঙ্গী
  • Ganapathy Bhat (বি. ১৯৩৯; divorce ১৯৫১)
    M. G. Ramachandran (বি. ১৯৬২; মৃ. ১৯৮৭)
সন্তান 1
মাতৃ Narayani Amma
পিতৃ Rajagopala Iyer
সম্বন্ধীয় Papanasam Sivan
(paternal uncle)
বাসস্থান M. G. R. Thottam
Ramapuram, Chennai, Tamil Nadu, India
জীৱিকা
  • Actress
  • Politician

বৈকম নাৰায়ণী জানাকী (ইংৰাজী: : Vaikom Narayani Janki ; ৩০ নৱেম্বৰ ১৯২৩[1] – ১৯ মে' ১৯৯৬), যাক জনাকী ৰামচন্দ্ৰন বুলিও জনা যায়,[3] এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, অভিনেত্ৰী আৰু কৰ্মী আছিল যিয়ে তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী স্বামী এম জি ৰামচন্দ্ৰনৰ মৃত্যুৰ পিছত ২৩ দিন তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে চমুকৈ কাৰ্যনিৰ্বাহ কৰিছিল। তামিলনাডুৰ মুখ্যমন্ত্ৰী হোৱা প্ৰথমগৰাকী মহিলা। ইয়াৰ উপৰিও ভাৰতৰ ইতিহাসত মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হোৱা প্ৰথমগৰাকী অভিনেত্ৰী।

জানকীৰ জন্ম হৈছিল ট্ৰাভাংকুৰৰ কোট্টায়ম জিলাৰ বৈকম চহৰত ।[4] তেওঁৰ মাতৃ নাৰায়ণী আম্মা আছিল ট্ৰেভাংকুৰ ৰাজ্যৰ এগৰাকী মালয়ালী নাইৰ[3] তেওঁৰ পিতৃ ৰাজগোপাল আয়েৰ কেৰালাত জন্মগ্ৰহণ কৰা আৰু তাতেই ডাঙৰ-দীঘল হোৱা এজন তামিল ব্ৰাহ্মণ আৰু উল্লেখযোগ্য যে তেওঁ সংগীতজ্ঞ আৰু সুৰকাৰ পাপনাসম শিৱনৰ ভাতৃ আছিল।[5]

১৯৩৯ চনত ১৭ বছৰ বয়সত জানকীয়ে অভিনেতা গণপথী ভাটৰ সৈতে বিবাহপাশত আবদ্ধ হয় (১৯১৫–১৯৭২)।[6] জানকী আৰু গণপতি ভাটৰ যুগ্ম জীৱনৰ সাক্ষী হিচাপে সুৰেন্দ্ৰন নামৰ এজন পুত্ৰ জন্ম হৈছিল।[7]

চলচ্চিত্ৰ কেৰিয়াৰ

[সম্পাদনা কৰক]

জানকীৰ প্ৰাৰম্ভিক ছবিসমূহ হ'ল মনমথা বিজয়ম (১৯৩৯)[4] আৰু সাবিত্ৰী(১৯৪১)। ১৯৪৮ চনত চন্দ্ৰলেখাই তেওঁৰ জনপ্ৰিয়তা কঢ়িয়াই আনে।[5]

জানকীয়ে ৰামচন্দ্ৰনৰ সৈতে ৰাজা মুক্তি আৰু মোহিনীৰ দৰে ছবিত অভিনয় কৰিছিল। ১৯৫০ চনত ''ভেলাইকাৰী'' আৰু ''মৰুধনাট্টু ইলাবৰাছি''ৰ দৰে ছবিৰে অভিনয় কৰি গৈছিল যদিও ১৯৬০ চনৰ পৰা অভিনয় এৰি দিছিল। ৰামচন্দ্ৰনৰ দ্বিতীয় পত্নীৰ মৃত্যুৰ পিছত তেওঁ তেওঁৰ লগত থাকিবলৈ লয়।[4] ১৯৬২ চনত তেওঁলোকৰ বৈধ বিবাহ হয়। তিনিবাৰ বিবাহৰ পিচতো নিঃসন্তান ৰামচন্দ্ৰনে জানকীৰ সৈতে হোৱা বিবাহৰ পৰা পুত্ৰ সুৰেন্দ্ৰনক লাভ কৰি সুখী হৈছিল আৰু পুত্ৰ সুৰেন্দ্ৰনৰ মঙ্গলৰ প্ৰতি স্নেহভৰা মনোযোগ দেখুৱাইছিল বুলি কোৱা হয়।[8] [9]

ৰাজনৈতিক কেৰিয়াৰ

[সম্পাদনা কৰক]

ৰামচন্দ্ৰনৰ জীৱনকালত জানকী ৰাজনৈতিকভাৱে সক্ৰিয় নাছিল আৰু কেৱল এআইএডিএমকেৰ আৰম্ভণিৰ দিনবোৰত সীমিত সংখ্যক ৰাজহুৱা উপস্থিতি দেখিবলৈ পোৱা গৈছিল।[3] ৰামচন্দ্ৰনে তেওঁৰ দলৰ আন যুৱ নেতাসকলক ৰাজনৈতিক দায়িত্বৰ বাবে সাজু কৰিছিল, য'ত অভিনেত্ৰী জয়ললিতাও আছিল। জয়ললিতাৰ সৈতে তেওঁৰ এক বৃহৎ পেছাদাৰী সম্পৰ্ক আছে বুলি কোৱা হৈছিল।

১৯৮৪ চনত যেতিয়া ৰামচন্দ্ৰনৰ পক্ষাঘাতজনিত ষ্ট্ৰোক হয়, তেতিয়াৰ পৰা তেওঁ আৰু দলৰ মাজত মধ্যস্থতাকাৰী হৈ পৰে। ১৯৮৭ চনত ৰামচন্দ্ৰনৰ মৃত্যুৰ পিচত জানকীক তেওঁৰ ঠাইত দলৰ সদস্যসকলে স্থাল ল'বলৈ আগ্ৰহ প্ৰকাশ কৰে। [3]

মুখ্যমন্ত্ৰী, ১৯৮৮

[সম্পাদনা কৰক]

দলৰ ইচ্ছাৰ প্ৰতি সন্মান জনাই ১৯৮৮ চনৰ জানুৱাৰী মাহত তেওঁ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়। তেওঁৰ চৰকাৰ মাত্ৰ ২৪ দিনহে চলিছিল, যিটো তামিলনাডুৰ ইতিহাসৰ আটাইতকৈ কম কাৰ্য্যকাল আছিল।[10]

১৯৮৮ চনৰ জানুৱাৰী মাহত তেওঁৰ মন্ত্ৰালয়ে অষ্টম তামিলনাডু বিধানসভাৰ আস্থাৰ স্পৰ্শকাতৰ ভোটৰ সন্মুখিন হৈছিল। জয়ললিতা আৰু তেওঁ দলৰ ৰাজনৈতিক মতানক্যৰ অন্তত ৰাজীৱ গান্ধীৰ অধীনস্থ কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় সংবিধানৰ ৩৫৬ অনুচ্ছেদ ব্যৱহাৰ কৰি ফেব্ৰুৱাৰী মাহত তেওঁৰ চৰকাৰক বৰ্খাস্ত কৰিছিল।[11] ইয়াৰ পিছত ১৯৮৯ চনত অনুষ্ঠিত হোৱা পৰৱৰ্তী নিৰ্বাচনত তেওঁৰ দল পৰাস্ত হয়। এআইএডিএমকেৰ দুটা ফৈদৰ একত্ৰীকৰণৰ পিছত জানকীয়ে ৰাজনীতি ত্যাগ কৰে।[12] কোনো বিধানসভাৰ নিৰ্বাচনত জয়ী নোহোৱা কেইজনমান মুখ্যমন্ত্ৰীৰ ভিতৰত জনাকী অন্যতম।[1]

১৯৯৬ চনৰ ১৯ ​​মে'ত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু হয়।তামিলনাডুৰ চেন্নাইৰ ৰামাপুৰমৰ এম জি আৰ থ'টামত তেওঁৰ বাসগৃহৰ কাষত সমাধিস্থ কৰা হয়।[2]

উত্তৰাধিকাৰ

[সম্পাদনা কৰক]

ভি.এন. জানকীয়ে তেওঁৰ স্বামীৰ সন্মানৰ স্বৰূপে ভি.পি. ৰামান সালাইৰ সম্পত্তি এ আই এ ডি এম কেক উপহাৰ হিচাপে দিছিল। তাৰ পাছত, ১৯৮৬ চনত এই স্থানত দলৰ মুখ্য কাৰ্যালয় হয়।[13]

তেওঁ চেন্নাইৰ বহুতো বিনামূলীয়া শিক্ষা প্ৰতিষ্ঠান পৰিচালনা কৰা সত্য এডুকেচনেল এণ্ড চেৰিটেবল ছ’চাইটিৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। তামিলনাডুত শিক্ষা আৰু পৰোপকাৰী প্ৰতিষ্ঠান স্থাপনৰ বাবে তেওঁ বহু নিযুত ডলাৰৰ সম্পত্তি দান কৰিছিল। তদুপৰি, তেওঁ জানকী ৰামচন্দ্ৰন এডুকেচনেল এণ্ড চেৰিটেবল ট্ৰাষ্ট স্থাপন কৰাতো গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছিল।[14]

চিনেমা পঞ্জী

[সম্পাদনা কৰক]

১৯৩০ ৰ দশকতঃ

১৯৫০ ৰ দশকতঃ

  • মৰুদনাট্টু ইলাৱৰাসী,
  • লাইলা মাজনু,
  • চন্দ্ৰিকা,
  • দেৱকী,
  • নাম

লগতে চাওক

[সম্পাদনা কৰক]
  • কলিউড
  • ড° এম.জি.আৰ. মহিলাৰ বাবে জনাকী কলা আৰু বিজ্ঞান মহাবিদ্যালয়
  • বাক আৰু শ্ৰৱণ ক্ষমতাহীন লোকৰ বাবে ড° এম জি আৰ হোম এণ্ড হায়াৰ চেকেণ্ডাৰী স্কুল

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 "Janaki Ramachandran, the first woman chief minister of Tamil Nadu who ruled for 24 days". ThePrint. 19 May 2020. https://theprint.in/features/janaki-ramachandran-the-first-woman-chief-minister-of-tamil-nadu-who-ruled-for-24-days/424272/। আহৰণ কৰা হৈছে: 24 May 2021. 
  2. 2.0 2.1 "Not just Jayalalithaa: Find out how many TN CMs Karunanidhi outlived" (en ভাষাত). Asianet News Network Pvt Ltd. https://newsable.asianetnews.com/south/karunanidhi-jayalalithaa-tamil-nadu-chief-ministers-ten-dead। আহৰণ কৰা হৈছে: 8 May 2021. 
  3. 3.0 3.1 3.2 3.3 "Leading lady". S.H. Venkatramani. 31 January 1988. https://www.indiatoday.in/magazine/indiascope/story/19880131-janaki-ramachandran-has-a-lot-of-hidden-potential-which-will-slowly-become-evident-769023-2013-11-21। আহৰণ কৰা হৈছে: 18 September 2017. 
  4. 4.0 4.1 4.2 "The 'leading' lady". Vincent DSouza. 10 January 1988. https://www.theweek.in/webworld/features/society/vn-janaki-mgr.html। আহৰণ কৰা হৈছে: 2 June 2018. 
  5. 5.0 5.1 Guy, Randor (30 July 2016). "Thyagi (1947)". The Hindu. http://www.thehindu.com/features/cinema/Thyagi-1947/article14517030.ece. 
  6. ಮರೆಯಬಾರದ ಹಾಸ್ಯನಟ ಗಣಪತಿ ಭಟ್.. | Cinema Swarasyagalu Part 51 | Hariharapura Manjunath | Total Kannada (in ইংৰাজী). Total Kannada. 12 August 2021. Retrieved 26 November 2021. 
  7. Subramani, A (4 July 2012). "M G Ramachandran autobiography copyright belongs to Janaki son, rules HC". The Times of India. http://timesofindia.indiatimes.com/city/chennai/M-G-Ramachandran-autobiography-copyright-belongs-to-Janaki-son-rules-HC/articleshow/14661431.cms. 
  8. "Janaki's son alone has copyright to MGR's autobiography: court". The Hindu. 4 July 2012. http://www.thehindu.com/todays-paper/tp-national/janakis-son-alone-has-copyright-to-mgrs-autobiography-court/article3600414.ece. 
  9. Subramani, A (4 July 2012). "M G Ramachandran autobiography copyright belongs to Janaki son, rules HC". The Times of India. http://timesofindia.indiatimes.com/city/chennai/M-G-Ramachandran-autobiography-copyright-belongs-to-Janaki-son-rules-HC/articleshow/14661431.cms. 
  10. "Jayalalithaa : A political career with sharp rises and steep falls". The Hindu. 6 December 2016. http://www.thehindu.com/news/national/tamil-nadu/Jayalalithaa-a-political-career-with-sharp-rises-and-steep-falls/article16760118.ece. 
  11. "Jayalalitha Childhood Photos: MGR : Unbelievable Facts PART1". http://jayalalithachildhood.blogspot.com/2009/11/mgr-unbelievable-facts.html। আহৰণ কৰা হৈছে: 5 January 2020. 
  12. TAMIL NADU LEGISLATIVE ASSEMBLY (EIGHTH ASSEMBLY) REVIEW 1985–88, প্ৰকাশক Chennai: Secratriat of Legislative Assembly Secretariat, 1988, http://www.assembly.tn.gov.in/archive/8th_1985/8threview_85-88.pdf 
  13. "MGR Memorial House". Archived from the original on 22 March 2016. https://web.archive.org/web/20160322141749/http://www.mgrhome.org/memorial.html। আহৰণ কৰা হৈছে: 5 January 2020. 
  14. "Janaki Donations". Archived from the original on 21 March 2016. https://web.archive.org/web/20160321151457/http://www.mgrhome.org/janaki.html। আহৰণ কৰা হৈছে: 14 August 2013. 


উদ্ধৃতি ত্ৰুটি: <ref> টেগ্‌সমূহ "টোকা" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="টোকা"/> টেগ্‌ পোৱা নগ'ল