ভি এছ বিজয়ন
| ভি এছ বিজয়ন | |
|---|---|
| চিত্ৰ:File:V s vijayan.JPG ড° ভি এছ বিজয়ন | |
| জন্ম | ১৯৪৭ কেৰালা |
| জাতীয়তা | ভাৰতীয় |
| ক্ষেত্ৰ | পৰিৱেশ বিজ্ঞান, জলাশয় পৰিৱেশ বিজ্ঞান, পক্ষী বিজ্ঞান। |
| কৰ্মস্থান | বম্বে নেচাৰেল হিষ্ট্ৰী ছ'চাইটি, চালিম আলি চেণ্টাৰ ফৰ অৰ্নিথ'লজি এণ্ড নেচাৰেল হিষ্ট্ৰী, কেৰালা ষ্টেট বায়'ডাইভাৰচিটি ব'ৰ্ড |
| শিক্ষানুষ্ঠান | মুম্বাই বিশ্ববিদ্যালয় |
| ডক্তৰেল পৰামৰ্শদাতা | চালিম আলি |
| জনা যায় | গাডগিল কমিটি জলবিদ্যুৎ আৰু উন্নয়নমূলক প্ৰকল্পৰ ওপৰত প্ৰভাৱ অধ্যয়ন |
ভাদাইল শংকৰণ বিজয়ন (ইংৰাজী: V. S. Vijayan; জন্ম ২৯ মে' ১৯৪৫) এজন ভাৰতীয় পৰিৱেশবিদ, বন্যপ্ৰাণী জীৱবিজ্ঞানী, পক্ষীবিজ্ঞানী, প্ৰাকৃতিক চিকিৎসাৰ প্ৰশংসক আৰু চালিম আলি চেণ্টাৰ ফৰ অৰ্নিথ'লজি এণ্ড নেচাৰেল হিষ্ট্ৰীৰ প্ৰতিষ্থাপক সঞ্চালক। বৰ্তমান তেওঁ চালিম আলি ফাউণ্ডেশ্যনৰ অধ্যক্ষ।[1]
বিজয়নে বৰোদাৰ এম.এছ.ইউনিভাৰ্চিটিৰপৰা প্ৰাণীবিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। চালিম আলিৰ তত্ত্বাৱধানত ১৯৭৬ চনত বম্বে বিশ্ববিদ্যালয়ৰপৰা ফিল্ড অৰ্নিথ’লজীত তামিলনাডুৰ পইণ্ট কেলিমেৰত পাইকন'টাছ কেফাৰ (এল) আৰু পাইকন'টাছ লুটিঅ'লাছ (লেশ্বন)ৰ বিশেষ উল্লেখসহ বুলবুল (ক্লাছ এভেছ, পাইকন'ন'টিডে পৰিয়াল)ৰ পৰিৱেশগত পৃথক্কৰণৰ বিষয়ে গৱেষণা কৰি তেওঁ পি এইচ ডি লাভ কৰে। তেওঁ চালিম আলিৰ পি এইচ ডিৰ ছাত্ৰী ললিতা বিজয়ন নামৰ এগৰাকী বিখ্যাত পক্ষী বিজ্ঞানীৰ সৈতে বিবাহ পাশত আবদ্ধ হয়, ললিতা বিজয়ন চেলিম আলী চেণ্টাৰ ফৰ অৰ্নিথ’লজি এণ্ড নেচাৰেল হিষ্ট্ৰীৰ প্ৰাক্তন বিজ্ঞানী। দম্পতীহালৰ পুত্ৰ ভি.ভি. ৰবিন এজন বিৱৰ্তনশীল বিজ্ঞানৰ জীৱবিজ্ঞানী।
পৰিৱেশ সংৰক্ষণৰ বাবে অৱদান
[সম্পাদনা কৰক]চাইলেণ্ট ভেলীৰ বন্যপ্ৰাণীৰ ওপৰত জলবিদ্যুৎ বান্ধৰ প্ৰভাৱৰ ওপৰত তেওঁৰ প্ৰতিৱেদনেই আছিল চাইলেণ্ট ভেলী ৰক্ষা আন্দোলন আৰম্ভ কৰাৰ প্ৰথম বৈজ্ঞানিক ভিত্তি।[2][3] তেওঁৰ নেতৃত্বত কেওলাদেও ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ বিজ্ঞানৰ ওপৰত কৰা দীৰ্ঘম্যাদী অধ্যয়নে উদ্যানখনৰ পৰিচালনা পৰিকল্পনা প্ৰস্তুত কৰাত সহায়ক হৈছিল। বৃহৎ পৰিসৰৰ চৰাইৰ বেণ্ডিঙৰ সৈতে এই অধ্যয়নেও ভাৰতীয় উপমহাদেশৰ পৰিভ্ৰমী চৰাইৰ বিষয়ে জ্ঞান লাভ কৰাত অৰিহণা যোগাইছিল। বিজয়নে প্ৰস্তাৱিত পাথৰকাদভু জলবিদ্যুৎ প্ৰকল্প, পূয়ামকুটি জলবিদ্যুৎ প্ৰকল্প, আথিৰাপিলি জলবিদ্যুৎ প্ৰকল্প, আৰানমুলা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ,[4][5] জিনীয়ভাৱে পৰিৱৰ্তিত শস্যৰ[6] পৰিৱেশ ওপৰত পৰিব পৰা প্ৰভাৱৰ বিষয়ে তেওঁৰ প্ৰতিৱেদনৰ জৰিয়তে জনসাধাৰণ আৰু নীতি নিৰ্ধাৰকসকলৰ দৃষ্টি আকৰ্ষণ কৰে। দেশৰ প্ৰধান পক্ষী বিজ্ঞান প্ৰতিষ্ঠান চালিম আলী চেণ্টাৰ ফৰ অৰ্নিথ’লজি এণ্ড নেচাৰেল হিষ্ট্ৰীৰ প্ৰতিষ্থাপক সঞ্চালক হিচাপে তেওঁ ভাৰতত ভাবুকিৰ সন্মুখীন হোৱা চৰাইৰ সংৰক্ষণৰ বাবে কেইবাটাও অধ্যয়নৰ নেতৃত্ব দিছিল। তেওঁ সদস্য হিচাপে গাডগিল কমিটি নামেৰে জনাজাত পশ্চিম ঘাট পৰিৱেশ বিশেষজ্ঞ পেনেল (WGEEP)ত অৰিহণা যোগাইছিল যিয়ে সমগ্ৰ পশ্চিম ঘাট ৰাজ্যসমূহত কেইবাটাও বিতৰ্ক আৰু আন্দোলনৰ সৃষ্টি কৰিছিল।[7] কেৰেলা ৰাজ্যৰ প্ৰতিটো গ্ৰাম পঞ্চায়তৰ বাবে ছাত্ৰৰ জীৱ বৈচিত্ৰ্য পঞ্জী প্ৰস্তুত কৰাত তেওঁ যথেষ্ট সহায় কৰিছিল।[8] কেৰালা ৰাজ্যিক জৈৱ-বৈচিত্ৰ্য ব'ৰ্ডৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ছোৱাত তেওঁ কেৰালা ৰাজ্যৰ বাবে জৈৱিক কৃষি নীতিও প্ৰস্তুত কৰিছিল।[8]
গ্ৰহণ কৰা পদ
[সম্পাদনা কৰক]সদস্য: পশ্চিম ঘাট পৰিৱেশ বিশেষজ্ঞ পেনেল (WGEEP) যাক গাডগিল কমিটি নামেৰে জনা যায়; অধ্যক্ষ: কেৰালা ৰাজ্যিক জৈৱ বৈচিত্ৰ্য ব’ৰ্ড, ২০১৬; পৰিচালক (১৯৯১-২০০৫): চালিম আলি চেণ্টাৰ ফৰ অৰ্নিথ'লজি এণ্ড নেচাৰেল হিষ্ট্ৰী; বিশেষ কৰ্তব্যৰত বিষয়া (১৯৯০): চালিম আলি চেণ্টাৰ ফৰ অৰ্নিথ'লজি এণ্ড নেচাৰেল হিষ্ট্ৰী; জ্যেষ্ঠ বিজ্ঞানী (১৯৮৭-১৯৯০): বম্বে প্ৰাকৃতিক ইতিহাস সমাজ; প্ৰকল্প বিজ্ঞানী (১৯৮১-১৯৮৭): বম্বে প্ৰাকৃতিক ইতিহাস সমাজ; সদস্য (১৯৮০-১৯৮৪): কালিকাট বিশ্ববিদ্যালয়ৰ চেনেট; সদস্য (১৯৭৯-১৯৮৩): কেৰালা ৰাজ্যিক বন্যপ্ৰাণী পৰামৰ্শদাতা ব’ৰ্ড, ২০১৬; সদস্য (১৯৭৯ ১৯৮২): আই ইউ চি এনৰ এছিয়ান হাতী বিশেষজ্ঞ গোট; বন্যপ্ৰাণী জীৱবিজ্ঞানী আৰু বন্যপ্ৰাণী জীৱবিজ্ঞান বিভাগৰ মুৰব্বী (১৯৭৭-১৯৮১): কেৰালা বন গৱেষণা প্ৰতিষ্ঠান; গৱেষণা সহায়ক (১৯৭৬-১৯৭৭): কেৰালা বন গৱেষণা প্ৰতিষ্ঠান; ৰিচাৰ্চ এছ'চিয়েট (১৯৭৬): বম্বে নেচাৰেল হিষ্ট্ৰী ছ'চাইটি; ভ্ৰমণকাৰী বিজ্ঞানী (১৯৭৫-১৯৭৬): ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, বাংগালুৰু, ১৯৭৬; চালিম আলি-লোকে ৱান থো গৱেষক ফেলো (১৯৭২ ৭৫): বম্বে নেচাৰেল হিষ্ট্ৰী ছ'চাইটি; গৱেষণা সহায়ক (১৯৬৯ ৭১): বম্বে প্ৰাকৃতিক ইতিহাস সমাজ।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "2021-Marchi, Suggerimenti e Prezzi". Archived from the original on 2020-02-04. https://web.archive.org/web/20200204153657/http://salimalifoundation.org/people/vsvijayan/। আহৰণ কৰা হৈছে: 2025-11-29.
- ↑ "Alarm Call!" (en ভাষাত). Sanctuary Asia খণ্ড XXXII (1). February 2012. Archived from the original on October 7, 2017. https://web.archive.org/web/20171007201122/http://www.sanctuaryasia.com/magazines/commentary/8218-alarm-call.html। আহৰণ কৰা হৈছে: November 29, 2025.
- ↑ "Impact of hydroelectric project on wildlife". Archived from the original on 2023-03-15. https://web.archive.org/web/20230315031414/http://docs.kfri.res.in/KFRI-RR/KFRI-RRS1.pdf। আহৰণ কৰা হৈছে: 2024-01-16.
- ↑ "The proposed Aranmula Greenfield Airport: its potential ecological, social and economic impacts – a preliminary appraisal" (en ভাষাত). March 2012. Archived from the original on 2016-03-09. https://web.archive.org/web/20160309193956/http://salimalifoundation.org/wordpress/wp-content/uploads/2014/06/Aranmula_Report.pdf। আহৰণ কৰা হৈছে: 2023-04-13.
- ↑ "Aranmula airport will destroy wetlands: Salim Ali Foundation". The Hindu. 21 March 2012. http://www.thehindu.com/todays-paper/tp-national/aranmula-airport-will-destroy-wetlands-salim-ali-foundation/article3019009.ece.
- ↑ "Environmentalist warns about GM crops" (en-IN ভাষাত). The Hindu. 11 January 2011. https://www.thehindu.com/sci-tech/agriculture/Environmentalist-warns-about-GM-crops/article15515653.ece.
- ↑ Sudhi, K. S. (17 October 2013). "Kerala just shrunk fence around Westerm Ghats: V.S. Vijayan". The Hindu. http://www.thehindu.com/news/cities/Kochi/kerala-just-shrunk-fence-around-westerm-ghats-vs-vijayan/article5241250.ece.
- ↑ "Organic farming drive in Kerala from November". 11 September 2007. https://www.livemint.com/Politics/UnKDwB3QLz1ZfKOxq5XbiL/Organic-farming-drive-in-Kerala-from-November.html.