ভীমকল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভীমকল
Musa balbisiana
ভীমকলৰ গছ
ভীমকল
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Monocots
(অশ্ৰেণীকৃত): Commelinids
বৰ্গ: Zingiberales
পৰিয়াল: Musaceae
গণ: Musa
প্ৰজাতি: M. balbisiana
বৈজ্ঞানিক নাম
Musa balbisiana
Colla 1820
Original native ranges of the ancestors of modern edible bananas: M. acuminata is shown in green and M. balbisiana in orange.[1]

ভীমকল এবিধ সুস্বাদু কল আৰু এটি অতি বহুলভাৱে ব্যৱহৃত বনৌষধি। অন্যান্য কলৰ প্ৰজাতিৰ পৰা পৃথক হোৱাৰ মুখ্য কাৰণ হৈছে ইয়াৰ মৌলিক আৰু আকাৰত ডাঙৰ বীজ বা গুটি। কিছুমানে ভীমকলক আঠীয়া কল বুলিও কয়।[2] ইয়াক অকল খাদ্য হিচাপেই নহয় আন আন বহু কাৰণটো ইয়াক ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে ইয়াৰ বাকলিক খাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি।

বিৱৰণ[সম্পাদনা কৰক]

ই বেছিভাগ খেতি কৰা কলতকৈ অধিক ৰসাল, দীঘল আৰু শকত গা-গছৰ হোৱা দেখা যায়। কলপাতবোৰৰ আকাৰ দীঘল আৰু বহল। কলফুলবোৰ মেৰুণ ৰঙৰ। ভীমকলত সাধাৰণতে বীজৰ সংখ্যা অধিক। ফলৰ সোৱাদ মিঠা। ভীমকলৰ ডিল এবিধ আইৰণ যুক্ত পাচলি।

শ্ৰেণীবিভাজন[সম্পাদনা কৰক]

ইয়াক প্ৰথমবাৰৰ বাবে ১৮২০ চনত ইটালীৰ উদ্ভিদবিজ্ঞানী লুইজি এলয়ছিয়াছ ক'লাই বৈজ্ঞানিকভাৱে বৰ্ণনা কৰিছিল।[3] এইবিধ কলৰে বিভিন্ন প্ৰকাৰ (varieties) উপলব্ধ।

বিতৰণ[সম্পাদনা কৰক]

এইবিধ প্ৰজাতিৰ কল পূব দক্ষিণ এছিয়া, ভাৰতীয় উপমহাদেশৰ পূব অঞ্চল, উত্তৰ দক্ষিণ-পূব এছিয়া আৰু দক্ষিণ চীনৰ স্থানীয় অঞ্চলত পোৱা যায়। প্ৰৱৰ্তিত গছৰসংখ্যাৰ ভিতৰত বন্যপ্ৰজাতি বিদ্যমান, যিবোৰ স্থানীয় পৰিসৰৰ পৰা যথেষ্ট বাহিৰৰ।[4]

ব্যৱহাৰ[সম্পাদনা কৰক]

খাবৰ বাবে অনা এটা ভীমকলৰ ডিল।

ভীমকল সাধাৰণতে ফল হিচাপে খোৱা হয় যদিও ইয়াৰ বিভিন্ন অংশসমূহ বিভিন্ন প্ৰকাৰে ব্যৱহাৰ কৰা হয়। কলখাৰ বা কলাখাৰ, কলপচলা, কলডিল, কলৰ পাত, ডোং আদি হৈছে ইয়াৰ উদাহৰণ।

  • কলাখাৰ : কলাখাৰ হৈছে অসমীয়া খাদ্যাভ্যাসৰ এবিধ অবিচ্ছেদ্য উপকৰণ। কলগছৰ বিভিন্ন অংশৰ যেনে শুকান পাত আৰু ঠাৰি, কলডিলৰ বাকলি (পটুৱা), কলৰ মুঢ়া (মধুনা) আদি শুকুৱাই লৈ জ্বলাই ছাই কৰি কলখাৰ প্ৰস্তুত কৰা হয়। এই কলখাৰ খাদ্যৰ উপকৰণ হিচাপে ব্যৱহাৰ কৰাৰ উপৰিও কাপোৰ ধোৱা,মুৰ –চুলি ধোৱা আদি কামতো ব্যৱহাৰ কৰা হয়।[5]
  • কলপচলা : কলপচলা অসমীয়া খাদ্যাভ্যাসৰ এবিধ পাচলি।[5] ভীমকল গছৰ সৰু পুলি ব্যঞ্জন হিচাপে ৰান্ধি খোৱা হয়, ইয়াকে কলপচলা বোলে।
  • কলগছ : কল গছৰ অপ্ৰকৃত কাণ্ড কাটি বিয়া সবাহত ৰভাৰ খুটাঁ হিচাপে ব্যৱহাৰ কৰা হয়। বাৰিষা কালত গৰু-ম’হৰ ঘাঁহৰ নাটনিৰ সময়ত কলগছ সৰু সৰুকৈ কাটি সিজাই গৰু-ম’হক দানা হিচাপে খাবলৈ দিয়া হয়।[5]
  • কলপুলি : অসমৰ বিভিন্ন মাংগলিক কাম-কাজত ভীমকলৰ পুলি ব্যৱহাৰ কৰা হয়।[5] পদূলি মুখত দুয়োফালে দুটা কলপুলি পুতি বিয়া-সবাহত অতিথিক আদৰণি জনোৱাটো অসমীয়া সমাজৰ নিয়ম।[5] তদুপৰি বিহু,পূজা-পাৰ্বণ,দহা-কাজ আদি অনুষ্ঠানতো কলপুলি ব্যৱহাৰ কৰা হয়।[5]
  • কলপটুৱা আৰু পাত : বিয়া, সবাহৰ দৰে অসমৰ বিভিন্ন মাংগলিক অনুষ্ঠানত ভীম কলৰ পটুৱাৰ পৰা প্ৰস্তুত কৰা ‘ডোং’ আৰু পাত ব্যৱহাৰ কৰা হয়।[5] ভীম কলৰ পাতত প্ৰসাদ আদি বিতৰণ কৰাৰ লগতে ৰভাঘৰৰ ওপৰত কলপাত দি ছাঁৰ ব্যৱস্থা কৰা হয়। পাতত দিয়া খাদ্য প্ৰস্তুত কৰিবৰ বাবে ভীমকলৰ পাত বহুলভাৱে ব্যৱহৃত হয়।
  • কলডিল : ভীমকলৰ ফুল বা কলডিল এবিধ পুষ্টিকৰ খাদ্য।[5] অসমত বহুলভাবে এই খাদ্য ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Edmond de Langhe & Pierre de Maret (2004). "Tracking the banana: its significance in early agriculture". In Jon G. Hather. The Prehistory of Food: Appetites for Change. Routledge. পৃষ্ঠা. 372. ISBN 978-0-203-20338-5. https://books.google.com/books?id=DMgKW9HleFoC&lpg=PP1&pg=PA372#v=onepage&q&f=false. 
  2. "ভীমকল খাওক আৰু পাওক অনেক লাভালাভ! ভীমকলৰ আছে বহু আশ্চৰ্যকৰ গুণ". প্ৰাগ নিউজ. https://pragnews.com/health-assamese/health-benefits-of-bhimkol-balbisiana-banana। আহৰণ কৰা হৈছে: ১৬ জুলাই ২০২২. 
  3. "Musa paradisiaca". users.globalnet.co.uk. http://www.users.globalnet.co.uk/~drc/mparadisiaca.htm. 
  4. Perrier, Xavier; Langhe, Edmond De; Donohue, Mark; Lentfer, Carol; Vrydaghs, Luc; Bakry, Frédéric; Carreel, Françoise; Hippolyte, Isabelle et al. (2011-07-12). "Multidisciplinary perspectives on banana (Musa spp.) domestication" (en ভাষাত). Proceedings of the National Academy of Sciences খণ্ড 108 (28): 11311–11318. doi:10.1073/pnas.1102001108. ISSN 0027-8424. PMID 21730145. 
  5. 5.0 5.1 5.2 5.3 5.4 5.5 5.6 5.7 "ভীমকলৰ গুণ". বিকাশপেডিয়া. https://as.vikaspedia.in/health/nutrition/9ad9c09ae9959b29f0-9979c19a3। আহৰণ কৰা হৈছে: ১৬ জুলাই ২০২২.