সমললৈ যাওক

ভিল জনগোষ্ঠী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ভীল জনগোষ্ঠীৰ পৰা পুনঃনিৰ্দেশিত)

ভিল জনজাতি হৈছে চাওঁতাল আৰু গণ্ডৰ পিছতেই ভাৰতবৰ্ষৰ তৃতীয়টো বৃহৎ জনজাতি। ভাৰতৰ গুজৰাট, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু ৰাজস্থানত মূলত ভিলসকলৰ বসতি দেখা পোৱা যায়।[1]

উৎপত্তি

[সম্পাদনা কৰক]

ভিল (Bhil) শব্দটো দ্ৰাৱিড়িয়ান ভাষাৰ বিল (Bil) শব্দৰ পৰা আহিছে,যাৰ অৰ্থ 'ধনু' (Bow)।[2]

ভিলসকল পাহাৰীয়া জনজাতি। আৰাৱলী পৰ্বত, বিন্ধ্যা পৰ্বত আৰু সাতপুৰা পৰ্বতৰ পাহাৰীয়া অঞ্চলত আৰু পাহাৰৰ পাদদেশত এওঁলোকে বসবাস কৰে।

প্ৰাকৃতিক ভাৱে উপলব্ধ সামগ্ৰীৰে এওঁলোকে নিজৰ বাসস্থানসমূহ প্ৰস্তুত কৰি লয়। ঘৰৰ চালখন বোকামাটিৰে লেপা থাকে। ঘৰৰ বেৰবোৰ সাধাৰণতে বাঁহৰ আৰু বোকাৰে লেপা। ঘৰৰ ভিতৰভাগত বাহঁ আৰু গছৰ ডাল পাত,শুকান ঘাহঁৰে তৈয়াৰ কৰা বিছনা আদি আচবাব আছে। ঘৰৰ সন্মুখৰ বেৰত সাধাৰণতে বিভিন্ন ধৰণৰ ৰঙীন চিত্ৰ অংকন কৰে।[3]

খাদ্যাভ্যাস

[সম্পাদনা কৰক]

মেইজ (maize) হৈছে এওঁলোকৰ মুখ্য আহাৰ। ভাত (rice) বিশেষ উৎসৱৰ সময়ত পৰিবেশন কৰা এবিধ আহাৰ। বিভিন্ন মাহজাতীয় শস্য আৰু ঘেহুঁ খেতিও তেওঁলোকে কৰে। হাবিত পোৱা জীৱ জন্তু, মাছ, চৰাই আদিও চিকাৰ কৰে।[4]

পুৰুষ সকলে মূৰত ফেটা (Feta) নামৰ প্ৰায় ৬/৭ মিটাৰ কাপোৰৰ পাগুৰি মাৰে। গাত খাদী কাপোৰৰ চোলা আৰু ধুতী পৰিধান কৰে। কিন্তু বৰ্তমান যুৱচামে চাৰ্ট পেণ্ট পিন্ধিবলৈ ধৰিছে। মহিলাসকলে পেটিকোত বা ঘাঘৰা (ghaghara), কাপদা(kapda), আৰু শাৰী (sari) পৰিধান কৰে। তেওঁলোকে বিভিন্ন ধৰণৰ ৰূপ, যিংক, নিকেল আদি সস্তীয়া ধাতুৰ অলংকাৰ পিন্ধে।[5]

সা-সজুঁলি

[সম্পাদনা কৰক]

বাহঁৰ ধেনু-কাঁড় প্ৰধান অস্ত্ৰ। কাঁড়ৰ আগটো লোহাৰৰ দ্বাৰা নিৰ্মিত। ডাঙৰ জন্তু চিকাৰৰ বাবে এনে কাঁড় ব্যৱহাৰ কৰে। ডেগাৰ, দা, জাঠী আদি অস্ত্ৰ ব্যৱহাৰ কৰা দেখা যায়।[6]

কৃষিকাৰ্যত সুবিধা হ'বৰ বাবে এওঁলোকে কম বয়সতে বিয়া পাতে। বিধবা বিবাহক সন্মতি জনোৱা হয়। বিয়া নপতাসকলক হীন দৃষ্টিৰে চোৱা হয়।

বৰ্তমানেও প্ৰায় ৮৫% ভিল অশিক্ষিত হৈ আছে। যদিও কিছুসংখ্যক ভিল যুৱ- যুৱতী শিক্ষিত হৈছে সামগ্ৰিকভাৱে অধিকাংশই অশিক্ষিত হৈ থকা দেখা যায়।[7]

পাহাৰৰ বিশেষ কিছুমান গছ, যেনে আম, তেঁতেলি, আৰু কল গছক তেওঁলোকে দেৱতা জ্ঞান কৰি পূজা অৰ্চনা কৰে।

হোলী এওঁলোকৰ প্ৰধান উৎসৱ। হ'লীক জগান মাতা(jogan mata) বুলিও কোৱা হয়। দেৱালী এওঁলোকৰ আন এটা প্ৰধান উৎসৱ।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. http://www.ecoindia.com/tribes/bhils.html
  2. http://www.ecoindia.com/tribes/bhils.html
  3. http://www.ecoindia.com/tribes/bhils.html
  4. "আৰ্কাইভ কপি". Archived from the original on 2015-12-03. https://web.archive.org/web/20151203064645/http://www.indiantribalheritage.org/?p=12864 আহৰণ কৰা হৈছে: 2015-11-04.
  5. http://www.ecoindia.com/tribes/bhils.html
  6. http://www.ecoindia.com/tribes/bhils.html
  7. "আৰ্কাইভ কপি". Archived from the original on 2015-12-03. https://web.archive.org/web/20151203064645/http://www.indiantribalheritage.org/?p=12864 আহৰণ কৰা হৈছে: 2015-11-04.