সমললৈ যাওক

ভীষ্ম চাহনী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভীষ্ম চাহনী আধুনিক হিন্দী সাহিত্যৰ এগৰাকী উল্লেখযোগ্য লেখক। ইয়াৰ লগতে তেওঁ অভিনয় ক্ষেত্ৰ, শিক্ষাৰ ক্ষেত্ৰ তথা সাংস্কৃতিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত জড়িত কৰ্মী। তেওঁৰ জন্ম হয় ১৯১৫ চনৰ ৮ আগষ্টত ৰাৱলপিন্দীত (অবিভাজিত পাঞ্জাবত)। তেওঁ লাহোৰ কলেজৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু ১৯৫৮ চনত পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা পি-এইছ.ডি ডিগ্ৰী লাভ কৰে। ১৯৯৮ চনত তেওঁ সাহিত্যৰ বাবে পদ্মভূষণ সন্মান লাভ কৰে।[1] আৰু ২০০২ চনত সাহিত্য অকাডেমি ফেলোশ্বিপ লাভ কৰে।

চমু জীৱনী

[সম্পাদনা কৰক]

তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনতো অংশগ্ৰহণ কৰে। ভাৰত-পাকিস্তানৰ বিভাজনৰ কালছোৱাত তেওঁ সক্ৰিয়ভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে কাম কৰে। ১৯৪৮ চনত তেওঁ 'ইণ্ডিয়ান পীপ'ল্ছ থিয়েটাৰ এছ'ছিয়েছন'ত কাম কৰে। তেওঁৰ ককায়েক বলৰাজ চাহানীও এই অনুষ্ঠানৰ সৈতে পূৰ্বৰে পৰা জড়িত হৈ আছিল। তেওঁ অভিনেতা হিচাপে কাম কৰাৰ লগতে পৰিচালক হিচাপেও কাম কৰিছিল। পিছলৈ তেওঁ 'ভূত গাড়ী'[2] নাটকখন‌ পৰিচালনা কৰে। উক্ত নাটকখন ঔপন্যাসিক তথা পৰিচালক খ্বাজা আহমেদ আব্বাছৰ দ্বাৰা অভিযোজনা কৰা হৈছিল। ভীষ্ম চাহানীয়ে বহুত কেইখন ফিল্মত অভিনেতা হিচাপে কাম কৰিছে। সেয়া হৈছে -চৈয়দ মিৰ্জাৰ 'মোহন জোসী হাজিৰ হো' (১৯৮৪), তামস' (১৯৮৮), কুমাৰ চাহানীৰ 'কস্বা' (১৯৯১), বাৰ্নাডো বাৰ্টল'চিৰ 'লিটল বুদ্ধা'(১৯৯৩), আৰু অপৰ্ণা সেনৰ 'মিষ্টাৰ এণ্ড মিছেছ আয়াৰ (২০০২)।

ইণ্ডিয়ান পীপ'ল্ছ থিয়েটাৰ এছ'ছিয়েছনত জড়িত হৈ থকাৰ ফলস্বৰূপে তেওঁ কংগ্ৰেছ দল এৰি ভাৰতীয় কমিউনিষ্ট পাৰ্টিত অংশগ্ৰহণ কৰে। ইয়াৰ পিছতে তেওঁ বোম্বাই এৰি পাঞ্জাৱত প্ৰবক্তা হিচাপে কাম কৰিছিল। প্ৰথমে তেওঁ আম্বালাৰ মহাবিদ্যালয়ত আৰু পিছলৈ অমৃতসৰৰ খালচা মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে কাম কৰে। সমান্তৰালকৈ তেওঁ 'পাঞ্জাব কলেজ টীচাৰ্ছ ইউনিয়ন' গঠনৰ কামতো অংশগ্ৰহণ কৰে লগতে ইণ্ডিয়ান পীপ'ল্ছ থিয়েটাৰ এছ'ছিয়েছনৰ কামত সমানে জড়িত হৈ থাকে। ১৯৫২ চনত তেওঁ দিল্লী মহাবিদ্যালয়ত (বৰ্তমানৰ জাকিৰ হুছেইন মহাবিদ্যালয়)ইংৰাজীৰ প্ৰবক্তা হিচাপে নিয়োজিত হয়।

১৯৫৬ ৰ পৰা ১৯৬৩ চনলৈ তেওঁ মৰ'স্ক'ৰ বিদেশী ভাষা প্ৰকাশক গোষ্ঠীৰ অনুবাদক হিচাপে কাম কৰে। ইয়াৰ লগতে তেওঁ লেভ' টলষ্টয়ৰ চুটি গল্প আৰু তেওঁৰ উপন্যাস 'ৰেজাৰেক্শ্যন' হিন্দীলৈ অনুবাদ কৰে। ভাৰতলৈ অহাৰ পিছত তেওঁ দিল্লী মহাবিদ্যালয়ত পুনৰ শিক্ষা দান কৰিবলৈ লয় আৰু১৯৬৫ৰ পৰা ১৯৬৭ চনলৈ 'নই কহানিয়া' শীৰ্ষক আলোচনীখনৰ সম্পাদনাৰ কাম হাতত লয়। তেওঁ ১৯৮০ চনত তেওঁৰ চাকৰি জীৱনৰ পৰা অৱসৰ লাভ কৰে। চাহনীয়ে পাঞ্জাবী, উৰ্দু, ইংৰাজী, সংস্কৃত আৰু হিন্দী ভাষা ভালদৰে জানিছিল।

ভীষ্ম চাহানী বহুত কেইটা সাহিত্য আৰু সাংস্কৃতিক সংস্থাৰ সৈতে জড়িত আছিল। তেওঁ 'অল ইণ্ডিয়া প্ৰগ্ৰেছিভ ৰাইটাৰছ্ এছ'ছিয়েছন'ৰ জেনেৰেল ছেক্ৰেটেৰী (১৯৭৫-৮৫) আছিল, 'এফ্ৰো-এছিয়া ৰাইটাৰ এচোছিয়েশ্যন'ৰ এক্টিং জেনেৰেল ছেক্ৰেটেৰী আছিল। তেওঁ SAMHAT অনুষ্ঠানটোৰ সৈতেও জড়িত হৈ আছিল।

সাহিত্য

[সম্পাদনা কৰক]

'তামস' (১৯৭৪) উপন্যাসখন তেওঁৰ জীৱনৰ এক উল্লেখনীয় সাহিত্য কৰ্ম।[3] উপন্যাসখনৰ মূল কাহিনী হৈছে ভাৰত বিভাজন যি তেওঁ ৰাৱলপিন্দীত দেখিছিল। উপন্যাসখন ইংৰাজী, ফ্ৰান্স, জাৰ্মান, জাপানীজ ভাৰতৰ বিভিন্ন ভাষা তামিল, গুজৰাটী, মালয়ালম, কাশ্মিৰী, মাৰাঠী আৰু মণিপুৰি[সংযোগবিহীন উৎস] আদি ভাষালৈ অনুবাদ কৰা হৈছে। উক্ত উপন্যাসখনে ১৯৭৫ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছে। পৰবৰ্তী সময়ত ১৯৮৭ চনত গোবিন্দ নিহালানিয়ে উক্ত উপন্যাসখনৰ কাহিনীভাগক ধাৰাবাহিক ৰূপ দিয়ে। ভাৰত বিভাজনকলৈ লিখা তেওঁৰ আৰু দুখন সাহিত্য কৰ্ম হৈছে 'পালি' আৰু 'অমৃতসৰ আ গয়া হে'।

তেওঁৰ অন্য উপন্যাসসমূহ হৈছে- 'ঝাৰোখে ঝাৰোখে' (১৯৬৭), 'কাডিয়া' (১৯৭১), 'বসন্তী' (১৯৭৯), 'মায়াদাস কী মদী' (১৯৮৭), 'কুন্ত' (১৯৯৩), 'নীলো, নিলিমা, নিলোফাৰ (২০০০)। চুটি গল্পৰ সংকলন হৈছে- 'ভাগ্যৰেখা'(১৯৫৩),'পহলা‌ পথা' (১৯৫৬), 'ভতকতি ৰাখ' (১৯৬৬), 'পত্ৰিয়া'‌ (১৯৭৩), 'ৱাং চু' (১৯৭৮), 'শোভা যাত্ৰা' (১৯৮১),' নিশাচৰ' (১৯৮৩),'পালি' (১৯৮৯), 'দায়া' (১৯৯৬)। তেওঁৰ পাঁচখন নাটক হৈছে - 'মানুহ', 'কবীৰা খড়া বাজাৰ মে',' মাধৱী', 'মুৱাবজে', 'আলামগীৰ'। তেওঁৰ শিশু গল্প সংকলন হৈছে 'গোলাল কা কীল'। তেওঁৰ 'চীফ কী দাৱত' গল্পটোৱে আধুনিক সময়ত হোৱা মানৱীয় অৱক্ষয়ৰ দিশটোক আঙুলিয়াই দিয়ে। লগতে আধুনিকতাৰ গ্ৰাসত ব্যক্তিৰ ভোগবাদী মানসিকতাই কেনেদৰে সম্পৰ্কিৰ মাজত দেৱালৰ সৃষ্টি কৰিছে সেই দিশটোকো উদঙাই দিয়ে। হিন্দী সাহিত্যত 'চীফ কী দাৱত' গল্পটি এটি অতি বাস্তৱ গল্প।[4]

তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থখন হৈছে 'আজ কা অতীত'(২০১৬) আৰু জীৱনীমূলক গ্ৰন্থখন হৈছে 'বলৰাজ মাই ব্ৰাদাৰ' যিখন তেওঁ ককায়েকৰ জীৱনকলৈ লিখিছিল।[5]

২০০৩ চনৰ ১১ জুলাইত ভীষ্ম চাহনীৰ মৃত্যু হয়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ""%20Ministry%20of%20Home%20Affairs,%20Government%20of%20India Padma Awards" Ministry of Home Affairs, Government of India. 2015. Archived from the Original on 15 October 2015. Retrieved 21 July 2015.
  2. Paul,Shyno Baby (11 July 2020), "This Bhishma 'Pitama of Indian Literature' held a mirror to society's ignorance".:cafeanblog.com. Retrieved 19 July 2020
  3. Tamas Archived 22 October 2006 at the Wayback Machine
  4. Kumar, Kuldeep (7 August 2015). "The shine beyond darkness ". The Hindu . Retrieved 19 July 2020.
  5. Bhishma Sahni at U.S. Library of Congress. Loc.gov(8 August 1915). Retrieved on 2018-11-06.