অসমৰ ভূঞাসকল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ভূঞাসকলৰ পৰা পুনঃনিৰ্দেশিত)

অসমৰ ভূঞাসকল খৃষ্টীয় ত্ৰয়োদশ শতিকাৰ পৰা সপ্তদশ শতিকামানলৈ অসমৰ বিভিন্ন ঠাইত সৰু সৰু ৰাজ্য শাসন কৰা এক জনগোট আছিল৷ এই ভূঞা জনগোটৰ কেইবাটাও ফৈদ আছিল৷ তেওঁলোক কনৌজৰ পৰা অসমলৈ আহে৷ ভূঞাসকলে কোনো এটা জাতিক প্ৰতিনিধিত্ব কৰা নাছিল৷[1] তেওঁলোকৰ মাজত ব্ৰাহ্মণ, কলিতা(কায়স্থ) আৰু কিছুমান মুছলমান মানুহো ভূঞা উপাধিৰ আছিল৷ অসমৰ বাহিৰত ভূঞা উপাধিৰ আন আন জাতৰ মানুহো পোৱা যায়৷ “শিয়ালা বৈষ্ণৱ চৰিত্ৰ’’ৰ নায়ক সম্বৎসৰৰ পিতৃ ধম্মদেৱ গোস্বামী জাতত ব্ৰাহ্মণ আছিল যদিও ভূঞা বংশৰ এজন বৰ ভূঞা আছিল৷[2] অসমৰ ভূঞাসকলৰ বংশধৰ আছিল বৈষ্ণৱ গুৰু শংকৰদেৱ আৰু মাধৱদেৱ৷ অৱশ্যে কমতাধিপতি দুৰ্লভনাৰায়ণে কনৌজৰ পৰা সাতঘৰ ব্ৰাহ্মণ আৰু সাতঘৰ কায়স্থ আনি বহুওৱাৰ আগৰ পৰাই অসমত ভূঞাসকলৰ বসতি আছিল৷ এইকথাৰ প্ৰমাণ “ৰাউতকুছি দান বা শাসন’’ৰ পৰা জানিব পাৰি৷[3]

ভূঞা শব্দৰ উৎস[সম্পাদনা কৰক]

ভূঞা শব্দৰ অৰ্থ হৈছে, ভূ-স্বামী বা মাটিৰ গৰাকী৷ প্ৰতিপত্তিশালী ভূঞা বা জমিদাৰ শ্ৰেণীৰ একোজন লোকৰ অধীনলৈ বৃহৎ এলেকাৰ কৰ্তৃত্ব যোৱাৰ পাছত তেওঁক সেই অঞ্চলৰ গৰাকী বা ৰজা বোলা হৈছিল৷ অধিক প্ৰতিপত্তিশালী ভূঞাজনক “গামথা’’ বোলা হৈছিল৷ তেওঁৰ নেতৃত্বত বাকী ভূঞাসকলে নিজ নিজ ৰাজ্য শাসন কৰিছিল৷ শ্ৰেষ্ঠ বংশৰ পৰিচায়ক হিচাপে ভূঞাসকলে তেতিয়া পাৰ্চী উপাধি “খাঁ’’ ব্যৱহাৰ কৰিছিল৷[3] শংকৰদেৱৰ সময়লৈ এই খাঁ উপাধিৰ প্ৰচলন আছিল৷ গাভৰু খাঁ, বুঢ়া খাঁ, কেতাই খাঁ ৰাম খাঁ আদি নামৰ উল্লেখ চৰিত পুথিত উল্লেখ আছে৷

ভূঞাৰ ভাগ[সম্পাদনা কৰক]

অসমৰ ভূঞাসকলৰ বৰভূঞা আৰু সৰুভূঞা নামে দুটা ঠাল পোৱা যায়৷ এই সম্পৰ্কে এটা কাহিনী প্ৰচলিত আছে৷ কাহিনীমতে আৰিমত্তৰ এজন মন্ত্ৰীৰ নাম আছিল সমুদ্ৰ৷ এওঁৰ শান্তনু আৰু সামন্ত নামৰ দুজন পুত্ৰ আছিল আৰু তেওঁলোক আছিল সমুদ্ৰৰ নাতিয়েক৷ শান্তনু বৈষ্ণৱ আৰু সামন্ত শাক্তধৰ্মী আছিল৷ শান্তনুৰ বংশধৰসকল নগাঁৱত আৰু সামন্তৰ বংশধৰসকল লক্ষীমপুৰত বসতি কৰিবলৈ লৈছিল৷ শান্তনুৰ বংশধৰসকলক বৰভূঞা আৰু সামন্তৰ বংশধৰসকলক সৰুভূঞা বোলা হৈছিল৷[4]। এই শান্তনুৰ বংশধৰ শংকৰদেৱ আৰু সামন্তৰ বংশধৰ মাধবদেৱ৷ শান্তনুৰ বংশধৰসকলক বৰ বাৰভূঞা আৰু সামন্তৰ বংশধৰসকলৰ সৰু বাৰভূঞা বুলি জনা যায়৷ [5]

ভূঞা ৰাজ্য[সম্পাদনা কৰক]

ত্ৰয়োদশ শতিকামানৰ পৰাই সেইসময়ৰ অসমৰ বিভিন্ন স্থান ভূঞাসকলৰ ৰাজত্ব আছিল৷ অসমৰ মধ্য, পশ্চিম আৰু উত্তৰ ভাগত বৰ্তমান ধেমাজি জিলাৰ পৰা ওদালগুৰি জিলালৈ আৰু কলিয়াবৰৰ পৰা কাজলীমুখলৈ ভূঞাসকলে ঠায়ে ঠায়ে আসন কৰিছিল৷[5] ত্ৰয়োদশ শতিকাত আফগানিস্তানৰ চুলতান চাহাবুদ্দিনে কনৌজ আক্ৰমণ কৰাত বাৰঘৰ কায়স্থ আৰু সাতঘৰ বামুণ পলাই আহি গৌড় ৰাজ্যৰ মাজেৰে দুৰ্লভনাৰায়ণৰ কমতাপুৰত থিতাপি লয়৷ সেইসকলৰ ভিতৰত চণ্ডীবৰ সকলোতকৈ চতুৰ আছিল বাবে কমতেশ্বৰে তেওঁক “শিৰোমণি ভূঞা’’ খিতাপ দি কমতাৰ পূৰ্বাঞ্চলৰ শাসনকৰ্তা পাতে আৰু তেওঁ লেঙ্গামাগুৰী নামে ঠাইত ৰাজধানী পাতে৷ কিন্তু কম সময়ৰ ভিতৰতে ভূটীয়াসকলৰ আক্ৰমণত তেওঁলোক তিস্থিব নোৱাৰি চণ্ডীবৰকে আদি কৰি সকলো ভূঞাই দিহাদিহি ভাগি যায়৷ চণ্ডীবৰে ৰৌটাত ৰাজ্য পতিছিল যদিও তাতো ভূটীয়াৰ অত্যাচাৰত টিকিব নোৱাৰি টেম্বুৱানিলৈ উঠি যায়৷[6] এই টেম্বুৱানী বা বৰদোৱাতে চণ্ডীবৰ, ৰাজধৰ, সূৰ্যবৰ আৰু কুসুম্বৰ, এই চাৰিজন শিৰোমণি ভূঞাই ৰাজত্ব কৰিছিল৷[5] মাধৱদেৱৰ পিতৃ গোবিন্দগিৰি ভূঞা আছিল ধলেশ্বৰী নৈৰ পাৰৰ বাণ্ডুকাত আৰু ককায়েক দামোদৰ সেই ঠাইৰ ৰজাৰ মজিন্দাৰ আছিল৷ শংকৰদেৱে স্থাপন কৰা পাটবাউসী সত্ৰৰ ঠাইখন আগতে বৰলজাৰ নামে জনাজাত আছিল আৰু তাত গন্ধৰ্ব ৰায় নামে এজন বৰভূঞাই ৰাজত্ব কৰিছিল৷[7] কবিৰত্ন সৰস্বতীৰ পিতৃ চক্ৰপাণি কায়স্থ বৰপেটাৰ ছোটশিলা গাঁৱৰ শাসনকৰ্তা আছিল৷ তদুপৰি, ৰাণী, লুকি, ডিমৰুৱা, ৰংজুলি, চুচুং(মৈমনসিংহ জিলা) আদি ঠাইত ভূঞা ৰাজ্য আছিল৷ কমতাপুৰৰ ৰজা মৃগাংক নিঃসন্তান হোৱাত পঞ্চদশ শতিকাত এটি নতুন ভূঞাবংশ প্ৰতিষ্ঠিত হৈছিল৷ খেন বংশীয় ৰজাসকলেই এই ভূঞাৰ বংশ৷ এই বংশৰ নীলধ্বজ ১৪৪০ খৃ:ত কমতাপুৰৰ সিংহাসনত বহিছিল৷ সেই সময়ত কামৰূপী ভূঞা বহুতৰে উপাধি “খান’’ আছিল৷ আৰিমত্তৰ সময়ত মধ্য অসমৰ পশ্চিমাঞ্চলত কিছুমান শক্তিশালী ভূঞাই ৰাজত্ব কৰিছিল৷[5]

কোচ আৰু ভূঞাৰ সংঘাত[সম্পাদনা কৰক]

বিশুৰ পিতৃ হাৰিয়া মণ্ডল ফুলগুৰিৰ ভূঞাৰ হাতত পৰাস্ত হৈছিল৷ পিতৃৰ এই অপমানৰ পোতক তুলিবলৈ ৰজা হোৱাৰ পিছত হাৰিয়া মণ্ডলৰ পুত্ৰ বিশুৱে ফুলগুৰিৰ ভূঞাক আক্ৰমণ কৰে৷ প্ৰথম যুদ্ধত বিশু পৰাস্ত হয় কিন্তু পিছত কিছু সমৰ্থকৰ সৈতে নিশাৰ ভাগত ভুঞাৰ বাসভৱনত সোমাই ফুলগুৰিৰ ভূঞাক বধ কৰে৷ ইয়াৰ পিছত তেওঁ কৰ্ণপুৰৰ ভূঞাৰ সন্মিলিত বাহিনীকো পৰাস্ত কৰে৷ বিশুৰ হাতত পৰাজিত হোৱা ভূঞাসকল হ’ল, কুসুম ভূঞা, দীঘলা ভূঞা, কলীয়া ভুঞা, বাৰগয়া ভূঞা, কবিলাস ভূঞা আৰু কৰ্ণপুৰৰ ভূঞা৷ ইয়াৰ পিছত বিশুৱে বিজনীৰ ভূঞাক পৰাস্ত কৰি পাণ্ডুৰ ভূঞা প্ৰতাপ ৰায়ক আক্ৰমণ কৰে; কিন্তু প্ৰতাপ ৰায় পলাই গৈ আহোম ৰাজ্যত আশ্ৰয় লয়৷ ইয়াৰ পিছত বিশুৱে চাৰু ভূঞাক পৰাস্ত কৰি কামৰূপৰ দক্ষিণ অংশ দখল কৰে৷ কামৰূপৰ উত্তৰফালে “গামথা’’ নাৰায়ণ ভূঞাৰ নেতৃত্বত বজালী, ক্ষেত্ৰী আৰু বাউসীৰ ভুঞাই শাসন কৰিছিল৷ দক্ষিণ পাৰৰ চাৰু ভূঞাৰ সহযোগত বিশুৱে আক্ৰমণ কৰে৷ কিন্তু বিশু পৰাস্ত হয়৷ পিছত চল-চাতুৰীৰে বাউসীৰ গন্ধৰ্ব ভূঞাক নিজৰ ফলীয়া কৰি বাকীসকল ভূঞাক পৰাস্ত কৰে৷[3][5] পাণ্ডুনাথৰ প্ৰতাপ ভূঞা আছিল যথেষ্ট শক্তিশালী৷ বিশুৱে এওঁক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰি ব্ৰহ্মপুত্ৰত গা ধুই থকা অৱস্থাত ভায়েকক বধ কৰাত প্ৰতাপ ভূঞা পলাই গৈ আহোম ৰাজ্যত আশ্ৰয় লয়৷[5]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Gait, Sir Edward (2018). A History of Assam. Eastern. পৃষ্ঠা. 39. ISBN 978-93-86302-39-7. 
  2. "শিয়ালা বৈষ্ণৱৰ চৰিত্ৰ". https://as.wikisource.org/wiki/%E0%A6%B6%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%B2%E0%A6%BE_%E0%A6%AC%E0%A7%88%E0%A6%B7%E0%A7%8D%E0%A6%A3%E0%A7%B1%E0%A7%B0_%E0%A6%9A%E0%A7%B0%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A7%B0। আহৰণ কৰা হৈছে: 18 October 2023. 
  3. 3.0 3.1 3.2 শৰ্মা, অঞ্জন (অনুবাদ) (২০২০). প্ৰাচীন কামৰূপৰ ইতিহাস (কনকলাল বৰুৱা). Powershift. পৃষ্ঠা. ২৫৭. ISBN 978-93-87494-38-1. 
  4. As per Asamar Buranji, Rang-gram(Rangagaon) was renamed as Lakshmipur after their mother Lakshmi
  5. 5.0 5.1 5.2 5.3 5.4 5.5 শইকীয়া, ড° ৰাজেন (সম্পাদনা) (২০১৫). নগাঁৱৰ বুৰঞ্জী. অসম সাহিত্য সভাৰ ত্ৰিসপ্ততিতম কলিয়াবৰ অধিৱেশন. পৃষ্ঠা. ১৭৪. 
  6. গোহাঞিবৰুৱা, পদ্মনাথ (২০১৭). অসমৰ বুৰঞ্জী. এ,বি টি পাব্লিকেছন. পৃষ্ঠা. ৪৯. 
  7. নেওগ, মহেশ্বৰ(সম্পা:) (১৯৯৯). গুৰু চৰিত কথা. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ভূমিকা.