ভূত মেলা (নেপাল)
ভূত মেলা (নেপালী: भुतमेला) নেপালৰ ছিৰাহা জিলাৰ কমলা নদীৰ তীৰত কাৰ্তিক মাহৰ (অক্টোবৰ/নৱেম্বৰ) পূৰ্ণিমা তিথিত অনুষ্ঠিত হোৱা এক পৰম্পৰাগত উৎসৱ।[1] এই উৎসৱত ওজাসকলে নিজৰ পৰিয়ালৰ দেৱতাৰ দ্বাৰা, বা নিজৰ গাঁৱৰ দুষ্ট লোকৰ দ্বাৰা হোৱা যিকোনো ৰোগ তান্ত্ৰিক শক্তি ব্যৱহাৰ কৰি নিৰাময় কৰে।[2]
ইতিহাস
[সম্পাদনা কৰক]ভূত-প্ৰেত আৰু বোক্সীৰ প্ৰভাৱ নিয়ন্ত্ৰণৰ বাবে প্ৰতি বছৰে কাৰ্তিক মাহৰ পূৰ্ণিমা দিৱসত পালন কৰা এই উৎসৱৰ ইতিহাস বহু শতিকা পুৰণি। এই উৎসৱ দঁশেই উৎসৱৰ সৈতে একে সময়তে অনুষ্ঠিত কৰা হয়।[3] এই উৎসৱৰ উৎপত্তিৰ বিষয়ে জানিব পৰা হোৱা নাই।
কাৰ্যকলাপ
[সম্পাদনা কৰক]এই অনুষ্ঠানত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে, বেছিভাগেই নেপালৰ ধনুষা জিলা আৰু ভাৰতৰ পৰা আহে। ৰাতি মানুহে মন্ত্ৰ জপ কৰে আৰু ওজাসকলে সোণামাই (सोनामाई) মন্দিৰৰ ওচৰত বিভিন্ন আচাৰ-অনুষ্ঠান কৰে। ওজাসকলে পূজাৰ নৈবদ্যসমূহক দুটা ভাগত ভাগ কৰে। প্ৰথম ভাগটো হ’ল অকালতে বা অবাঞ্চিতভাবে মৃত্যু (ভূত) হোৱা ব্যক্তিৰ আত্মাই আৱদ্ধ কৰা লোকসকলৰ বাবে। দ্বিতীয়তে, দেৱতা বা দেৱীৰ বংশৰ দ্বাৰা আক্ৰান্ত আৰু সেয়েহে ঈশ্বৰীয় বুলি গণ্য কৰাসকলৰ বাবে।
সাধাৰণতে তীৰ্থযাত্ৰাৰ বাবে আয়োজক সমিতিৰ দ্বাৰা খাদ্য আৰু অস্থায়ী বাসস্থানৰ ব্যৱস্থা কৰা হয়।
বিতৰ্ক
[সম্পাদনা কৰক]এই প্ৰথাক অন্ধবিশ্বাসী আৰু নিম্নবৰ্ণৰ দলিত সম্প্ৰদায়ৰ দৰে প্ৰান্তীয় সম্প্ৰদায়ক ভুক্তভোগী কৰা হয় বুলি গণ্য কৰা হয়।[4] [5]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Once-over". The Himalayan Times. 2008-11-14. https://thehimalayantimes.com/nepal/once-over-288/। আহৰণ কৰা হৈছে: 2020-06-12.
- ↑ "Victim of Superstition: Nepali photographer takes on ‘Ghost Festival’ – OnlineKhabar". https://english.onlinekhabar.com/victim-superstition-nepali-photographer-takes-ghost-festival.html। আহৰণ কৰা হৈছে: 2020-06-12.
- ↑ "'Ghost Fair' commences at Sonamai temple". The Rising Nepal. Archived from the original on 2020-06-12. https://web.archive.org/web/20200612163502/http://www.therisingnepal.org.np/index/news/26541। আহৰণ কৰা হৈছে: 2020-06-12.
- ↑ "Complexities of injustice". https://kathmandupost.com/34/2019/11/30/complexities-of-injustice। আহৰণ কৰা হৈছে: 2020-06-12.
- ↑ Research Study on Violence against Dalit Women in Different States of India by studying the Sources ofMaterials that are Available and Conducting Interview of the Perpetrators, Victims and Witnesses. প্ৰকাশক New Delhi: Centre for Alternative Dalit Media (. http://ncwapps.nic.in/pdfReports/ViolenceagainstDalitWomen.pdf। আহৰণ কৰা হৈছে: 2020-06-12.