ভূপেন্দ্ৰনাৰায়ণ ভট্টাচাৰ্য
অৱয়ব
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
| ড° ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য | |
|---|---|
| জন্ম | ৬ আগষ্ট ১৯৫২ চামতা, নলবাৰী, অসম |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | গল্পকাৰ, ঔপন্যাসিক, অধ্যাপক |
| উল্লেখযোগ্য কৰ্ম | কাউৰী কাউৰী কাউৰী, ঘৰুণা পৰিৱেশত নাচিৰুদ্দিন শ্বাহ, দালাল, বৰহ্মপুত্ৰৰ বুকুত সূৰ্যাস্ত |
ড° ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য (জন্ম: ৬ আগষ্ট ১৯৫২) এগৰাকী উল্লেখযোগ্য অসমীয়া গল্পকাৰ, ঔপন্যাসিক আৰু অধ্যাপক৷ তেওঁ ১৯৯১ চনত কাউৰী কাউৰী কাউৰী নামৰ গল্পটোৰ বাবে "সৰ্বভাৰতীয় কথা বঁটা" লাভ কৰিছিল৷ তেওঁ ব্যংগ গল্পৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে৷
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]ড° ভট্টাচাৰ্যৰ জন্ম ১৯৫২ চনৰ ৬ আগষ্ট তাৰিখে নলবাৰী জিলাৰ চামতাত হৈছিল৷ ১৯৭৬ চনত কটন কলেজৰ পৰা উদ্ভিদ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ চিত্ৰশিল্প চৰ্চাৰ লগতো জড়িত আছিল৷ ১৯৭৬ চনত দৈনিক অসম কাকতে আয়োজন কৰা গল্প প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰি সাহিত্যজীৱন আৰম্ভ কৰে৷
কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৭৭ চনৰ পৰা গুৱাহাটী আৰ্যবিদ্যাপীঠ মহাবিদ্যালয়ত উদ্ভিদ বিজ্ঞান বিভাগত অধ্যাপনা কৰে আৰু বিভাগীয় মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰে৷
সাহিত্যৰচনা
[সম্পাদনা কৰক]গল্প সংকলন
[সম্পাদনা কৰক]- দালাল (১৯৮৩)
- কোৰাছ (১৯৮৫)
- ঘৰাপাক (১৯৯২)
- গৰম বতাহ – ব্যংগ গল্প (১৯৯২)
- ব্ৰহ্মপুত্ৰৰ বুকুত সূৰ্যাস্ত (২০০৩)
- কুৰি শতিকাৰ অসমীয়া ব্যংগ গল্প সংকলন (১৯৮৩, কুমুদ গোস্বামীৰ সৈতে যৌথ সম্পাদনা)
উপন্যাস
[সম্পাদনা কৰক]- ঘৰুৱা পৰিৱেশত নাচিৰুদ্দিন শ্বাহ (১৯৮৭)
- মৰূদ্যান (১৯৯১)
- দুৰ্জন (১৯৯১)
- সাগৰতীৰত আমি (১৯৯৪)
- প্ৰেম ছবি আৰু কবিতা (১৯৯৫)
- নৰককুণ্ডত কেইজনমান অতিথি (১৯৯৩)
- অনুভৱ (২০০০)
- বালিঘৰ (২০০৩)
বঁটা
[সম্পাদনা কৰক]- ১৯৯১ চনত কাউৰী কাউৰী কাউৰী গল্পটোৰ বাবে সৰ্বভাৰতীয় কথা বঁটা লাভ কৰে৷
তথ্য উৎস
[সম্পাদনা কৰক]- কথা বৰেণ্য ১০০, সম্পাদক: শোণিত বিজয় দাস আৰু মুনীন বায়ন, কথা প্ৰকাশন, গুৱাহাটী, ২০০৬
- অসমীয়া গল্প সঙ্কলন(তৃতীয় খণ্ড), সম্পাদক হোমেন বৰগোহাঞি, সহকাৰী সম্পাদক অৰিন্দম বৰকটকী, অসম প্ৰকাশন পৰিষদ, ২০০৫, ডিচেম্বৰ
- প্ৰকাশ, ষষ্ঠ বছৰ, অষ্টম সংখ্যা, মে, ১৯৮১ চন