ভূমি (বেণ্ড)
ভূমি | |
|---|---|
| সংগীতৰ ধৰণ | লোক সংগীত |
| সক্ৰিয়তাৰ বছৰ | ১৯৯৯-বৰ্তমান |
| লেবেল | সাৰেগামা,ইউনিভাৰ্সেল মিউজিক গ্ৰুপ, টাইমস মিউজিক |
| সদস্য |
|
| পূৰ্ব সদস্য |
|
| ৱেবছাইট | bhoomimusic |
ভূমি[1] হৈছে পশ্চিমবঙ্গৰ কলকাতা-ভিত্তিক এটা বাংলা লোক সংগীতৰ দল। এই দলটো ১৯৯৯ চনত গঠন হৈছিল[1] আৰু অচিৰেই বহুল জনপ্ৰিয় হৈ পৰে; স্থানীয়, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বহু মঞ্চত তেওঁলোকে অনুষ্ঠান কৰিছিল। ২০০৬ চনৰ জুলাই মাহত তেওঁলোকে নিউয়ৰ্ক চিটিত স্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠান কৰে।[2][3] ভূমিয়ে ২০০৮ চনত মণ্ট্ৰিয়েল আন্তঃৰাষ্ট্ৰীয় জাজ মহোৎসৱতো অনুষ্ঠান পৰিবেশন কৰিছিল।[4]
যাত্ৰা
[সম্পাদনা কৰক]এই গোটটো ১৯৯৯ চনত প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ মূল লক্ষ্য আছিল বাংলা লোকগীতক নগৰীয়া ৰূপত সকলো স্তৰৰ মানুহৰ মাজত জনপ্ৰিয় কৰা। প্ৰথম অৱস্থাত পশ্চিমীয়া সংগীতৰ শৈলীত পৰম্পৰাগত আৰু লোকগীতৰ বিশাল শৃংখলৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰাৰ লক্ষ্যৰে দুজন প্ৰতিষ্ঠাপক সদস্য - সুৰজিৎ চেটাৰ্জী আৰু সৌমিত্ৰ ৰায়ৰ উদ্যোগত ভূমি গঠন কৰা হৈছিল।
বৈশিষ্ট্যসমূহ
[সম্পাদনা কৰক]এইটো এটা গোট যিয়ে নিজৰ সংগীত শৈলীক বিশুদ্ধ নাগৰিক লোকসংগীত বুলি সংজ্ঞায়িত কৰিছে। বাউল, ভটিয়ালি, লোকগীতৰ পৰা তেওঁলোকৰ গীতৰ কথা সংগ্ৰহ কৰিছে। তেওঁলোকে এই গীতবোৰ নতুন ৰূপত সৃষ্টি কৰিছে।
দলৰ সদস্য
[সম্পাদনা কৰক]- সৌমিত্ৰ ৰায়
- সুৰজিৎ চট্টোপাধ্যায়
- সঞ্জয় মুখোপাধ্যায়
- হেমন্ত গোস্বামী
- অভিজিৎ ঘোষ
- ৰবিন লাই
প্ৰকাশিত এলবাম
[সম্পাদনা কৰক]- যাত্ৰা শুৰু (২০০০)
- উড়ান (২০০১)
- ইস্পেশাল (২০০২)
- পাল ছুটেছে (২০০৩)
- লোকগীতি লোকাল (২০০৪)
- দেখতে দেখতে (২০০৪)
- বোঝাই কৰা গানেৰ গাড়ি (২০০৫)
- গান বাহন (২০০৭)
- লোকগীতিৰ দেশে (২০০৮)
- আমৰা নতুন যৌবনেৰ দূত (২০০৯)
- গান ধৰিয়া (২০১০)
বহিঃসংযোগ
[সম্পাদনা কৰক]- ভূমিৰ ৰাষ্ট্ৰসংঘত অভ্যৰ্থনা
- ভূমি ৰাষ্ট্ৰসংঘত গান গাব
- ভূমি আৰু সৌৰভ গাঙ্গুলী
- ভূমিৰ ইণ্টাৰভিউ[সংযোগবিহীন উৎস]
- ভূমিৰ ৱেবছাইট
- ভূমিৰ ই-মেইল
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 বঙালী পৃথিৱীৰ পৰা গান: ভূমিৰ শীৰ্ষ ১০ Archived 2012-11-16 at the Wayback Machinegibsonguitar.in. সংগৃহীত: ২০ মাৰ্চ ২০১৩
- ↑ ভূমি ৰাষ্ট্ৰসংঘলৈtimesofindia.indiatimes.com. সংগৃহীত: ২০ মাৰ্চ ২০১৩
- ↑ ৰাষ্ট্ৰসংঘত গীতত- ভূমিক প্ৰশংসাtelegraphindia.com. সংগৃহীত: ২০ মাৰ্চ ২০১৩
- ↑ "In the city" (en ভাষাত). India Today. https://www.indiatoday.in/magazine/supplement/story/20080714-in-the-city-736796-2008-07-03। আহৰণ কৰা হৈছে: ২৩ অক্টোবৰ ২০১৮.