ভূ-পৌৰাণিক বিদ্যা
ভূ-পৌৰাণিক বিদ্যা (ইংৰাজী: Geomythology; জিঅ’মিথ’লজী, যাক “পৃথিৱীৰ আখ্যান,” “ভূ-দৃশ্য ধৰ্মীয় আখ্যান,” “পৰ্যৱেক্ষণৰ শ্ৰুতি,” “প্ৰাকৃতিক জ্ঞান” বুলিও কোৱা হয়) হৈছে বিজ্ঞানৰ বিকাশৰ পূৰ্বৰ সংস্কৃতিসমূহে প্ৰায়েই কাব্যিক বা পৌৰাণিক চিত্ৰকল্পৰ জৰিয়তে পৃথিৱীৰ বিভিন্ন ভৌগোলিক পৰিঘটনা যেনে— ভূমিকম্প, আগ্নেয়গিৰি, বানপানী, ছুনামি, ভূমি গঠন, জীৱাশ্ম আৰু প্ৰাকৃতিক ভূ-দৃশ্যৰ বিৱৰণ দিবলৈ সৃষ্টি কৰা মৌখিক আৰু লিখিত পৰম্পৰাৰ অধ্যয়ন।[1] ইণ্ডিয়ানা বিশ্ববিদ্যালয়ৰ এগৰাকী ভূতত্ত্ববিদ ড’ৰথী ভাইটেলিয়ানোৱে ১৯৬৮ চনত এই শব্দটো পোনপ্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল।[2]
ভূ-পৌৰাণিক বিদ্যই তেনে প্ৰতিটো ক্ষেত্ৰকে সূচায় য’ত শ্ৰুতি আৰু আখ্যানসমূহৰ মূল উৎসত ভৌগোলিক পৰিঘটনা আৰু দিশসমূহৰ উল্লেখ পোৱা যায়। বহল অৰ্থত ইয়াৰ ভিতৰত জ্যোতিৰ্বিজ্ঞানৰ দিশসমূহো (ধূমকেতু, গ্ৰহণ, উল্কাপাত আদি) অন্তৰ্ভুক্ত। ভাইটেলিয়ানোৱে (১৯৭৩) উল্লেখ কৰা মতে 'মূলত দুই ধৰণৰ ভৌগোলিক লোককথা আছে— প্ৰথমটো হ’ল য’ত কোনো ভৌগোলিক বৈশিষ্ট্য বা পৰিঘটনাই লোককথাৰ জন্ম দিছে, আৰু দ্বিতীয়টো হ’ল কোনো প্ৰকৃত ভৌগোলিক ঘটনা বা প্ৰাকৃতিক দুৰ্যোগৰ এক খেলিমেলি বা অসংলগ্ন ব্যাখ্যা'।[2][3]
প্ৰকৃতি সম্পৰ্কীয় মৌখিক পৰম্পৰাসমূহ প্ৰায়েই পৌৰাণিক ভাষাৰে প্ৰকাশ কৰা হয়। ইয়াত প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি কৰা সূক্ষ্ম পৰ্যৱেক্ষণৰ ওপৰত ভিত্তি কৰি প্ৰকৃত প্ৰাকৃতিক জ্ঞান নিহিত থাকিব পাৰে। কিছুমান ক্ষেত্ৰত ভূ-পৌৰাণিক কাহিনীয়ে অতীতৰ ভূমিকম্প, চুনামি, বানপানী, উল্কাপাত, জীৱাশ্ম আৱিষ্কাৰ আৰু অন্যান্য ঘটনাৰ বিষয়ে মূল্যৱান তথ্য যোগান ধৰিব পাৰে।[4]
ভূ-পৌৰাণিক কাহিনীসমূহৰ ভিতৰত চকুত পৰা ভৌগোলিক বৈশিষ্ট্যসমূহৰ লোক-ব্যাখ্যা আৰু কেতিয়াবা প্ৰাচীন কালত প্ৰত্যক্ষ কৰা বিধ্বংসী ভৌগোলিক ঘটনাসমূহৰ ৰূপকধৰ্মী বৰ্ণনা অন্তৰ্ভুক্ত থাকে। মানুহৰ আৱিৰ্ভাৱৰ পূৰ্বৰ বিশাল ভৌগোলিক পৰিৱৰ্তনসমূহৰ ক্ষেত্ৰত (যেনে পৰ্বত গঠন) পৰ্যৱেক্ষণ আৰু কল্পনাৰ মিশ্ৰণেৰে পৌৰাণিক ব্যাখ্যা তৈয়াৰ কৰা হৈছিল যিবোৰ হাজাৰ হাজাৰ বছৰ ধৰি মৌখিকভাৱে চলি আহিছে। একেদৰে মানৱ ইতিহাসৰ ভিতৰত ঘটা প্ৰাকৃতিক দুৰ্যোগসমূহৰ বৰ্ণনাও প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি আহিছে। এই উভয় ধৰণৰ কাহিনীতে প্ৰায়েই অলৌকিক বিৱৰণ দেখিবলৈ পোৱা যায়। যিহেতু এই বৰ্ণনাসমূহ পৌৰাণিক ভাষাৰে লিখা হৈছিল, সেয়েহে বিজ্ঞানী আৰু ইতিহাসবিদসকলে দীৰ্ঘদিন ধৰি ইয়াৰ ভিতৰত সোমাই থকা প্ৰকৃত ঘটনা আৰু যুক্তিপূৰ্ণ ধাৰণাসমূহৰ বিষয়ে অৱগত নাছিল। ভূ-পৌৰাণিক কাহিনীৰ এক প্ৰকাৰ হ’ল কল্পনা বা জনপ্ৰিয় ভ্ৰান্ত ধাৰণাৰ পৰা উদ্ভৱ হোৱা আখ্যান; উদাহৰণস্বৰূপ কোনো ভূ-অৱয়বৰ ব্যাখ্যা দিবলৈ কোনো জীৱক যাদুকৰীভাৱে শিললৈ ৰূপান্তৰিত কৰাৰ কাহিনী। অৱশ্যে এই বিষয়ত অধিক অধ্যয়ন হোৱাৰ লগে লগে বিজ্ঞানী আৰু ইতিহাসবিদসকলে ভৌগোলিক প্ৰক্ৰিয়াৰ বিষয়ে সঠিক ধাৰণা লাভ কৰিবলৈ সক্ষম হৈছে। ছুনামি, ভূমিকম্প আৰু আগ্নেয়গিৰিৰ উদগীৰণৰ দৰে ঘটনাৰ সাক্ষী হিচাপে হাজাৰ হাজাৰ বছৰ পুৰণি কাহিনীত এইবোৰৰ নথিভুক্ত তথ্য পোৱা গৈছে।[1]
কিছুমান শ্ৰুতিয়ে প্ৰকৃত ঘটনা আৰু পৰ্যৱেক্ষণৰ সঠিক তথ্য বহন কৰে আৰু নিৰক্ষৰ সংস্কৃতিৰ মাজতো হাজাৰ হাজাৰ বছৰ ধৰি ভৌগোলিক তথ্য সংৰক্ষণ কৰি ৰাখে। ইয়াৰ এক সুন্দৰ উদাহৰণ হ’ল মাউণ্ট মাজামা খহি পৰাৰ ফলত অৰেগনৰ ক্ৰেটাৰ লেক সৃষ্টি হোৱাৰ কাহিনী। ক্ৰেটাৰ লেকৰ সৃষ্টি সম্পৰ্কে ভূতত্ত্ববিদসকলৰ বৈজ্ঞানিক ব্যাখ্যা আৰু প্ৰায় ৮০০০ বছৰ পূৰ্বে এই ঘটনা প্ৰত্যক্ষ কৰা স্থানীয় ক্লামাথ ইণ্ডিয়ান জনজাতিৰ লোকসকলৰ পৌৰাণিক কাহিনীৰ মাজত হুবহু মিল পোৱা গৈছে।[5]
২০০৪ চনৰ আগষ্ট মাহত ৩২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় ভূতাত্ত্বিক কংগ্ৰেছত "শ্ৰুতি আৰু ভূতত্ত্ব" শীৰ্ষক এক অধিৱেশন অনুষ্ঠিত হৈছিল,[6] যাৰ ফলশ্ৰুতিতে ২০০৭ চনত এই বিষয়ৰ ওপৰত প্ৰথমবাৰৰ বাবে গৱেষণা পত্ৰৰ সংগ্ৰহ প্ৰকাশ পায়।[7]
উদাহৰণসমূহ
[সম্পাদনা কৰক]ফিম্বুলউইণ্টাৰ
[সম্পাদনা কৰক]নৰ্ছ পৌৰাণিক কাহিনীৰ অন্তহীন শীতকালৰ আখ্যান— ফিম্বুলউইণ্টাৰক ভূ-পৌৰাণিক বিদ্যাৰ এক উদাহৰণ হিচাপে গণ্য কৰা হয়।[8] ইয়াত ফিম্বুলউইণ্টাৰক ভাইকিংসকলৰ এক লোক-স্মৃতি হিচাপে দেখা হয়, য’ত মধ্য আমেৰিকাৰ ইলোপাংগো হ্ৰদত হোৱা এক আগ্নেয়গিৰিৰ উদগীৰণৰ ফলত সমগ্ৰ পৃথিৱীত এক দীঘলীয়া শীতকালৰ সৃষ্টি হৈছিল। এই উদগীৰণৰ ফলত বায়ুমণ্ডললৈ ৮৭ ঘন কিলোমিটাৰ ছাই নিৰ্গত হৈ সূৰ্যৰ পোহৰ বাধা দিছিল। সূৰ্যৰ পোহৰৰ অভাৱত গছ-গছনি শুকাই গৈছিল আৰু খেতি-বাতি নষ্ট হৈছিল। স্কাণ্ডিনেভিয়াত খাদ্যৰ অভাৱত বহু লোকৰ মৃত্যু হৈছিল; এক অনুমান অনুসৰি এই দীঘলীয়া শীতকালত স্কাণ্ডিনেভিয়াৰ আধা জনসংখ্যাৰ মৃত্যু হৈছিল আৰু ইয়াৰ প্ৰভাৱ অতি কমেও তিনি বছৰ ধৰি চলিছিল।[9] পুৰাতত্ত্ববিদ নীল প্ৰাইচে যুক্তি দিছে যে ফিম্বুলউইণ্টাৰৰ আখ্যানটো সম্ভৱতঃ সেই সময়ৰ এক স্মৃতি। অৱশ্যে তেওঁ সোঁৱৰাই দিছে যে ভূ-পৌৰাণিক বিদ্যা প্ৰকৃতিগতভাৱেই এক অনিশ্চিত ধাৰণা আৰু ই প্ৰমাণযোগ্য নহ’বও পাৰে।[8] প্ৰাইচে ফিম্বুলউইণ্টাৰৰ কাহিনীটো ভূ-পৌৰাণিক বিদ্যাৰ উদাহৰণ হোৱাৰ কেইবাটাও কাৰণ দৰ্শাইছে। ইয়াৰ এটা উদাহৰণ স্নোৰীৰ কবিতা পোৱেটিক এড্ডাত পোৱা যায়:
পোনপ্ৰথমে এক শীতকাল আহিব যাক ফিম্বুলউইণ্টাৰ বুলি কোৱা হ’ব।
তাৰ পিছত সকলো দিশৰ পৰা বৰফ উৰি আহিব।
প্ৰচণ্ড তুষাৰপাত আৰু তীব্ৰ বতাহ বলিব।
সূৰ্যই কোনো উপকাৰ নকৰিব।
একেৰাহে তিনিটা এনে শীতকাল আহিব
আৰু মাজত কোনো গ্ৰীষ্ম নাথাকিব।
প্ৰাইচে লিখিছে, "ঋতুসমূহৰ এই ভয়ংকৰ পৰিৱৰ্তনৰ বিৱৰণটো আগ্নেয়গিৰিৰ উদগীৰণৰ প্ৰভাৱৰ বিষয়ে বিজ্ঞানীসকলে দিয়া ব্যাখ্যাৰ সৈতে আচৰিত ধৰণে মিলি যায়।"[10]
দক্ষিণ আফ্ৰিকাৰ শিং থকা সৰ্প
[সম্পাদনা কৰক]দক্ষিণ আফ্ৰিকাৰ লা বেলে ফ্ৰান্স গুহাত শিং থকা এক সৰ্পৰ গুহা চিত্ৰ পোৱা গৈছে, যাক প্ৰায়ে ডিংগোনেকৰ সৈতে একাকাৰ কৰা হয়। ই সম্ভৱতঃ ডাইচাইলোডনৰ জীৱাশ্মৰ ওপৰত আধাৰিত হ’ব পাৰে।[11]
আমেৰিকাৰ পশ্চিম উপকূলৰ মহাপ্লাৱন
[সম্পাদনা কৰক]জে. জি স্বানৰ (১৮৬৮) মতে, আমেৰিকাৰ ৱাশ্বিংটন ৰাজ্যৰ অলিম্পিক উপদ্বীপৰ মূৰৰ ফালে বাস কৰা মাকাহ ইণ্ডিয়ান জনজাতিৰ লোকসকলৰ মাজত এক মহাপ্লাৱনৰ প্ৰাচীন কাহিনী প্ৰচলিত আছে। স্বানক জনোৱা হৈছিল যে বহু কাল পূৰ্বে পথাৰ আৰু তৃণভূমিৰ ওপৰেৰে পানী বৈ আহিছিল আৰু কেপ ফ্লেটাৰীক এক দ্বীপত পৰিণত কৰিছিল। চাৰি দিনৰ পিছত পানী কমি গৈছিল আৰু নিয়াহ বে’ শুকাই পৰিছিল। ইয়াৰ পিছত পানী পুনৰ ঘূৰি আহি গোটেই অঞ্চলটো বুৰাই পেলাইছিল, যাৰ ফলত বহু লোকৰ মৃত্যু হৈছিল আৰু বাকী থকা সকলে নাৱেৰে পলাই সাৰিছিল। তাৰো চাৰি দিনৰ পিছত পানী স্বাভাৱিক স্তৰলৈ নামি আহিছিল।[12]
দ্য ললেণ্ড হাণ্ড্ৰেড (কেণ্ট্ৰেৰ গৱেলড)
[সম্পাদনা কৰক]এইটো এটা পৌৰাণিক প্ৰাচীন নিমজ্জিত ৰাজ্য যি মৌখিক পৰম্পৰা অনুসৰি ৱেলছৰ পশ্চিমে বৰ্তমানৰ কাৰ্ডিগান বে’ৰ ৰামছে দ্বীপ আৰু বাৰ্ডছে দ্বীপৰ মাজত অৱস্থিত আছিল। অধিক গৱেষণাৰ পৰা জানিব পৰা গৈছে যে এই ভূখণ্ডত সঁচাকৈয়ে মানুহৰ বসতি আছিল আৰু তাত পানীৰ তলত থকা অৰণ্য তথা প্ৰাচীন জনবসতিৰ প্ৰমাণ পোৱা গৈছে।[13][14]
আৰু চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 Mayor, A. (2004). "Geomythology". In Selley, R.; Cox, R.; Palmer, I. Encyclopedia of Geology. Elsevier.
- 1 2 Piccardi, Luigi (2007). "Preface". In Piccardi, Luigi; Masse, W. Bruce. Myth and Geology. Special publication – Geological Society of London. 273. প্ৰকাশক London: Geological Society of London. পৃষ্ঠা. vii. ISBN 9781862392168. https://books.google.com/books?id=F7pZfLUoHJIC। আহৰণ কৰা হৈছে: 2017-10-10. "[...] the study of the geological foundation to human myths, an emerging discipline in the Earth sciences galled 'geomythology'. This term was coined by Dorothy Vitaliano, in her pioneering book Legends of the Earth: their geologic origins (1973), as, 'the study of the actual geologic origins of natural phenomena which were long explained in terms of myth and folklore'."
- ↑ Vitaliano, Dorothy (1973). "dustjacket text". Legends of the Earth: their geologic origins.
- ↑ Burbery, T. (2021). Geomythology: How Common Stories Reflect Earth Events. Routledge.
- ↑ Barber, E. W.; Barber, P. (2005). When They Severed Earth from Sky: How the Human Mind Shapes Myth. Princeton University Press.
- ↑ Piccardi, L. (2004). A Legendary Session: Myth and Geology. 32nd IGC Informs. http://www.32igc.org/stampa/32igc%20informs6%20.pdf.)
- ↑ Piccardi, Luigi (2007). "Preface". In Piccardi, Luigi; Masse, W. Bruce. Myth and Geology. Special publication – Geological Society of London. 273. প্ৰকাশক London: Geological Society of London. ISBN 9781862392168. http://sp.lyellcollection.org/content/273/1.
- 1 2 Price 2022, পৃষ্ঠা. 77.
- ↑ Price 2022, পৃষ্ঠা. 75–77.
- ↑ Price 2022, পৃষ্ঠা. 78.
- ↑ Benoit J (2024) A possible later stone age painting of a dicynodont (Synapsida) from the South African Karoo. PLoS ONE 19(9): e0309908. https://doi.org/10.1371/journal.pone.0309908
- ↑ "Native American Legends of Tsunamis in the Pacific Northwest". Pacific Coastal and Marine Science Center, US Geological Center, United States Department of the Interior. https://www.usgs.gov/centers/pacific-coastal-and-marine-science-center/native-american-legends-tsunamis-pacific। আহৰণ কৰা হৈছে: November 27, 2024.
- ↑ "BBC - Mid Wales Coast - Submerged Forest". 2012-06-17. http://www.bbc.co.uk/wales/mid/sites/coast/pages/5.shtml। আহৰণ কৰা হৈছে: 2025-01-21.
- ↑ Haughton, Brian (2008). Haunted spaces, sacred places. New Page Books. ISBN 9781601630001. https://archive.org/details/hauntedspacessac00haug/page/n1/mode/2up.
গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]- Price, Neil (2022). The Children of Ash and Elm: A History of the Vikings. প্ৰকাশক London: Penguin.
অধিক জানিবলৈ পঢ়ক
[সম্পাদনা কৰক]- Burbery T. (2021). Geomythology: How Common Stories Reflect Earth Events. Routledge.
- Hamacher, D.W. (2014). Geomythology and Cosmic Impacts in Australia. West Australian Geologist, No. 505, pp. 11–14.
- Hamacher, D.W. and Goldsmith, J. (2013). Aboriginal oral traditions of Australian impact craters Archived 2018-08-20 at the Wayback Machine. Journal of Astronomical History and Heritage, Vol. 16(3), pp. 295–311.
- Hamacher, D.W. and Norris, R.P., (2009). Australian Aboriginal Geomythology: eyewitness accounts of cosmic impacts? Archaeoastronomy, Vol. 22, pp. 60–93.
- Mayor, A., (2011). The First Fossil Hunters: Dinosaurs, Mammoths, and Myth in Greek and Roman Times. Princeton University Press.
- Mayor, A. (2005). Fossil Legends of the First Americans. Princeton University Press.
- Piccardi, L. (2000). Active faulting at Delphi: seismotectonic remarks and a hypothesis for the geological environment of a myth. Geology, Vol. 28 (7), pp. 651–654. doi:10.1130/0091-7613(2000)28<651:AFADGS>2.0.CO;2
- Piccardi, L. (2001). Fault-related sanctuaries. EOS Transactions, American Geophysical Union, 52 (47), U52B-03. https://www.researchgate.net/publication/234424583_Fault-Related_Sanctuaries
- Piccardi, L. (2005). Paleoseismic evidence of legendary earthquakes: the apparition of Archangel Michael at Monte Sant’Angelo (Italy). Tectonophysics, Vol. 408, pp. 113–128. doi:10.1016/j.tecto.2005.05.041
- Piccardi, L. (2005). The head of the Hydra of Lerna (Greece). Archaeopress, British Archaeological Reports, International Series, Vol. 1337/2005, pp. 179–186.
- Piccardi, L. (2007). The AD 60 Denizli Basin earthquake and the apparition of Archangel Michael at Colossae (Aegean Turkey). in Piccardi, L. and Masse, W.B. (eds) (2007). Myth and Geology. Geological Society, London, Special Publications No. 273, pp. 95–105. doi:10.1144/GSL.SP.2007.273.01.08
- Piccardi, L., Monti, C., Vaselli, O., Tassi, F., Gaki-Papanastassiou, K., Papanastassiou, D. (2008). Scent of a myth: tectonics, geochemistry and geomythology at Delphi (Greece). Journal of the Geological Society, London, Vol. 165, pp. 5–18. doi:10.1144/0016-76492007-055
- Piccardi, L. (2014). Post-glacial activity and earthquakes of the Great Glen Fault (Scotland). Memorie Descrittive della Carta Geologica d’Italia, vol. XCVI, pp. 432–446. https://www.isprambiente.gov.it/it/pubblicazioni/periodici-tecnici/memorie-descrittive-della-carta-geologica-ditalia/memdes_96_piccardi2.pdf
- Stewart, I.S., Piccardi, L. (2017). Seismic faults and sacred sanctuaries in Aegean antiquity. Proceedings of the Geologists Association, vol. 128, pp. 711–721. https://core.ac.uk/download/pdf/151192491.pdf
- Vitaliano, D. B. (1968). Geomythology. Journal of the Folklore Institute, Vol. 5, No. 1 (June 1968), p. 11.
- Vitaliano, D. B. (2007). “Geomythology: Geological Origins of Myths and Legends”. In: Myth and Geology. Piccardi, L., Masse, W. B (ed). GSL, Special Publications. 273: 1–7.