সমললৈ যাওক

ভেণ্ডি বজাৰ ঘৰানা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভেণ্ডি বজাৰ ঘৰানা হৈছে ভাৰতীয় শাস্ত্ৰীয় সংগীত অন্যতম কণ্ঠ ঘৰানা, যাৰ উৎপত্তি ১৮৯০ চনত মুম্বাইৰ‌ ভেণ্ডি বজাৰৰ পৰা হৈছিল।

ঘৰানাৰ প্ৰতিষ্ঠাপকসকল মূলতঃ উত্তৰ প্ৰদেশৰ মোৰাদাবাদ অঞ্চলৰ ব্যক্তি আছিল। মুম্বাইলৈ প্ৰব্ৰজন কৰাৰ পিছত তেওঁলোকৰ ঘৰানা মোৰাদাবাদ ঘৰানাৰ পৰিৱৰ্তে ভেণ্ডি বজাৰ ঘৰাণা নামেৰে অধিক পৰিচিত হৈ পৰিছিল। লতা মংগেশকাৰ এই ঘৰানাৰ এগৰাকী বিশিষ্ট প্ৰতিনিধি আছিল।[1][2]

ইতিহাস আৰু বৈশিষ্ট্যসমূহ

[সম্পাদনা কৰক]

১৮৯০ চনৰ আশে-পাশে মুম্বাইৰ ভেণ্ডী বজাৰ অঞ্চলত ভাতৃদ্বয় ছজ্জু খান, নাজিৰ খান আৰু খাদিম হুছেইন খানে ভেণ্ডী বজাৰ ঘৰানা প্ৰতিষ্ঠা কৰিছিল।[3] এই ঘৰানাৰ বৈশিষ্ট্যসমূহৰ ভিতৰত আছে মুকলি কণ্ঠস্বৰত খেয়াল উপস্থাপন কৰিবলৈ 'আকাৰ' ব্যৱহাৰ কৰা। য'ত স্পষ্ট স্বৰধ্বনিৰ সৈতে, শ্বাস-প্ৰশ্বাস নিয়ন্ত্ৰণৰ ওপৰত জোৰ দিয়া হয়, এটা উশাহতে দীঘল অংশবোৰ গোৱা হয়। ইয়াৰ উপৰিও মধ্যালয়ৰ বাবে অগ্ৰাধিকাৰ (মিডিয়াম টেম্পো) আৰু সম্প্ৰসাৰিত আলাপ বাবে সুপৰিচিত মেৰুখণ্ড বা খাণ্ডমেৰু প্ৰণালী ব্যৱহাৰ কৰা হয়। ছাজ্জু খানৰ পুত্ৰ অমন আলী খান আৰু অঞ্জনীবাই মালপেকাৰ এই ঘৰানাৰ সুপৰিচিত প্ৰতিনিধি। আমিৰ খান পিতৃ শ্বাহমিৰ খান এই ঘৰানাৰ অন্তৰ্গত ব্যক্তি আছিল আৰু তেওঁৰ পুত্ৰসকলৰ হাতত এই পৰম্পৰা অৰ্পণ কৰিছিল।[2][3][4]

বিশিষ্ট প্ৰচাৰকসকল

[সম্পাদনা কৰক]

চতুৰ্থ প্ৰজন্ম- অমন আলী খানৰ শিষ্য (১৮৮৮-১৯৫৩)

[সম্পাদনা কৰক]
  • পণ্ডিত শিৱকুমাৰ শুক্লা (১৯১৮–১৯৯৮)[1][2]
  • ৰমেশ নাডকাৰ্ণী (১৯২১–১৯৯৫)[2]
  • টি ডি জানোৰিকাৰ (১৯২১–২০০৬)[1]

পঞ্চম প্ৰজন্ম

[সম্পাদনা কৰক]
  • নীলটাই নাগপুৰকাৰ; উপেন্দ্ৰ কামত; মন্দাকিনি গাদ্ৰে; পণ্ডিত জগন্নাথ ‘সংগীতমূৰ্তি’ প্ৰসাদ; বসন্তী শাঠে

আন শিষ্যসকল

[সম্পাদনা কৰক]
  • অঞ্জনীবাঈ মালপেকাৰৰ শিষ্যসকল[3]

কুমাৰ গন্ধৰ্ব; কিশোৰী আমোংকাৰ; বেগম আখতাৰ; নাইনা দেৱী

  • শিৱকুমাৰ শুক্লাৰ শিষ্যসকল:

পণ্ডিত দয়ানন্দ দেৱগন্ধৰ্ব, মনোজ পেটেল, বসন্তী সাথে, মুকুন্দ ব্যাস, সংগীতা পন্ধৰপুৰকাৰ, অনিল বৈষ্ণৱ, দ্বাৰকানাথ ভনছলে, পণ্ডিত ঈশ্বৰভন্দ্ৰ, সুভাষ দেশাই, নীলম যজ্ঞিক, মিতালী সিং, কিৰণ শুক্লা, আৰু চিন্তন পেটেল[5]

  • নৱৰাং নাগপুৰকাৰৰ শিষ্যসকল:

আশা ভোছলে; জিতেন্দ্ৰ অভিষেকী; সুমন কল্যাণপুৰ; পংকজ উধাছ

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 "Bhendi Bazaar gharana". ITC Sangeet Research Academy website. Archived from the original on 16 June 2018. https://web.archive.org/web/20180616103759/http://www.itcsra.org/Gharana-Details.aspx?SubId=8&GharanaId=35&Type=V। আহৰণ কৰা হৈছে: 2025-08-12. 
  2. 2.0 2.1 2.2 2.3 2.4 . 4 January 2018. Archived from the original on 22 January 2021. https://web.archive.org/web/20210122154745/https://www.thehindu.com/entertainment/music/bhendi-bazaar-gharana/article22366824.ece.  উদ্ধৃতি ত্ৰুটি: Invalid <ref> tag; name "TheHindu" defined multiple times with different content
  3. 3.0 3.1 3.2 3.3 "Profile of Bhendi Bazaar gharana". Hindustaniclassical.com website. Archived from the original on 9 August 2016. https://web.archive.org/web/20160809171414/https://hindustaniclassical.com/gharana/bhendi-bazaar। আহৰণ কৰা হৈছে: 12 August 2025. 
  4. Bagchee, Sandeep (1998). Nād: Understanding Rāga Music. BPI (India) PVT Ltd. পৃষ্ঠা. 189–190. ISBN 81-86982-07-8. 
  5. Pandit Shivkumar Shukla Felicitation Momento; Presentation on December 2, 1992. প্ৰকাশক Vadodara: Sangeet Rasraj Pandit Shivkumar Shukla Felicitation Committee, Faculty of Performing Arts, M.S. University of Baroda. 1992. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]