সমললৈ যাওক

ভেন্নিৰা আদাই নিৰ্মলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভেন্নিৰা আদাই নিৰ্মলা
জন্ম শান্তি
কুম্বকোনম, তাঞ্জাভুৰ জিলা
মাদ্ৰাচ প্ৰেচিডেঞ্চি
অন্য নাম নিৰ্মলা (নিম্মি), উষা কুমাৰী
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৬৫- বৰ্তমান
পিতৃ-মাতৃ অৰণমনাই এল বালকৃষ্ণন (পিতৃ)
ৰুক্মণী (মাতৃ)

ভেন্নিৰা আদাই নিৰ্মলা (জন্ম:এ বি শান্তি; ইংৰাজী: Vennira Aadai Nirmala ; এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে তামিল, মালয়ালম আৰু তেলেগু ছবিত অভিনয় কৰিছে। তেওঁ ১৯৬০ আৰু ১৯৭০ দশকৰ এগৰাকী বিশিষ্ট মুখ্য অভিনেত্ৰী আছিল। মালয়ালম চলচ্চিত্ৰ জগতত তেওঁক উষাকুমাৰী হিচাপে জনা যায়।[1]

অভিনয় জীৱন

[সম্পাদনা কৰক]

১৯৬৫ চনত চি ভি শ্ৰীধৰৰ ভেন্নিৰা আদাইৰ জৰিয়তে অভিষেক হোৱা নিৰ্মলাই তামিল, মালয়ালম, তেলেগু আৰু কানাড়া, এই চাৰিটা ভাষাত ৪০০তকৈও অধিক ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। মালয়ালম ছবিত তেওঁৰ পৰ্দাৰ নাম আছিল 'উষা কুমাৰী'। অভিনয়ৰ উপৰিও নিৰ্মলা এগৰাকী প্ৰশিক্ষিত ভাৰতনাট্যম নৃত্যাংগনা।[2][3] তেওঁ টিভি ধাৰাবাহিক - দেৱমগলতো অভিনয় কৰিছিল।

ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

এম জি ৰামচন্দ্ৰনে তেওঁক ভনীয়েক হিচাপে দত্তক লৈছিল আৰু তেওঁক ৰাজনৈতিক উত্তৰাধিকাৰী কৰিব বিচাৰিছিল। কিন্তু নিৰ্মলাই সেই প্ৰস্তাৱ নাকচ কৰে।[4] তথাপি এম জি আৰে তেওঁক তামিলনাডু বিধান পৰিষদলৈ মনোনীত কৰিছিল। ১৯৮৬ চনৰ ২৩ এপ্ৰিলত তেওঁৰ শপত গ্ৰহণ অনুষ্ঠানৰ কথা আছিল যদিও নিৰ্মলাই ইয়াৰ পূৰ্বে নিজকে দেওলীয়া ঘোষণা কৰে। ভাৰতীয় সংবিধানৰ ১০২-(১)(গ) অনুচ্ছেদ অনুসৰি দেওলীয়া ব্যক্তিয়ে সংসদ বা ৰাজ্যিক বিধায়িনী দলৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিব নোৱাৰে।[5][6]


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]