সমললৈ যাওক

ভেলেণ্টিনা ষ্টুপিনা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভেলেণ্টিনা ষ্টুপিনা
প্ৰকৃত নাম Валентина Сергеевна Ступина
জন্ম ৪ জুন ১৯২০
ষ্টাভ্ৰোপ’ল-অন-ভল্গা, ৰাছিয়ান ছোভিয়েট ফেডাৰেটিভ ছোচিয়েলিষ্ট ৰিপাব্লিক
মৃত্যু ২২ আগষ্ট, ১৯৪৩
ইয়েচেণ্টুকি, ছোভিয়েট ইউনিয়ন
আনুগত্য সাঁচ:USSR
চাকৰি/শাখা Soviet Air Force
চাকৰিৰ কাৰ্যকাল ১৯৪১-৪৩
পদমৰ্যদা কনিষ্ঠ লেফটেনেণ্ট
ইউনিট ৫৮৮ম নাইট বোম্বাৰ ৰেজিমেণ্ট
(পিছলৈ ৪৬ নং তামান গাৰ্ডছ নাইট বোম্বাৰ ৰেজিমেণ্টৰ নাম সলনি কৰা হয়)
যুদ্ধ-বিগ্ৰহ
পুৰস্কাৰ মেডেল ফৰ কাৰেজ

ভেলেণ্টিনা চাৰ্গেভনা ষ্টুপিনা (৪ জুন ১৯২০ – ২২ আগষ্ট ১৯৪৩) আছিল এগৰাকী ছোভিয়েট-ৰাছিয়ান পাইলট, বিমান নেভিগেটৰ আৰু ১৯৪৩ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ৫৮৮ নং নাইট বোম্বাৰ ৰেজিমেণ্টৰ যোগাযোগৰ মুৰব্বী, যাৰ পিছত তেওঁৰ ভূমিকা গ্ৰহণ কৰিছিল খিউয়াজ ডস্পানোভাই।

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

১৯২০ চনৰ ৪ জুনত ষ্টাভ্ৰোপল-অন-ভল্গা (বৰ্তমান টলিয়াট্টি)ত পিতৃ-মাতৃৰ তিনিটা সন্তানৰ মাজৰ ভেলেণ্টিনা ষ্টুপিনাৰ জন্ম হয়। বন বিভাগত কাম কৰা তাইৰ পিতৃৰ মৃত্যু হয় ১৯৩৩ চনত আৰু তাৰ পিছত তাই ডাঙৰ ভাতৃ আনাতোলিৰ সৈতে সমৰালৈ গুচি যায় য’ত তাই প্ৰথমে পেৰাচুট খেলিবলৈ শিকিছিল। এবছৰ ধৰি ছামাৰাত থকাৰ পিছত তেওঁ ষ্টাভ্ৰোপললৈ যায় আৰু তাৰপৰাই তেওঁ ক্ৰীড়াত সক্ৰিয় হৈ পৰে আৰু ১৯৩৭ চনত মাধ্যমিক বিদ্যালয়ৰপৰা সন্মানসহকাৰে স্নাতক ডিগ্ৰী লাভ কৰে, তাৰ পিছত তেওঁ মস্কো বিমান পৰিবহণ প্ৰতিষ্ঠানত প্ৰৱেশ কৰে আৰু ১৯৪১ চনত জাৰ্মানীয়ে ছোভিয়েট ইউনিয়ন আক্ৰমণৰ আগলৈকে অধ্যয়ন কৰে। যুদ্ধ আৰম্ভ হোৱাৰ পিছত তেওঁ স্কুল এৰি টেংক বিৰোধী খাদ খান্দি আৰু প্ৰতিৰক্ষামূলক দুৰ্গ নিৰ্মাণৰ কাম কৰে।[1][2]

সামৰিক কেৰিয়াৰ

[সম্পাদনা কৰক]

মেৰিনা ৰাস্কোভাই প্ৰতিষ্ঠা কৰা মহিলা বিমান ৰেজিমেণ্টত যোগদান কৰিবলৈ কমছমোলৰদ্বাৰা উৎসাহিত হোৱাৰ পিছত অক্টোবৰ মাহত ষ্টুপিনাই স্বেচ্ছাই কাম কৰে। এংগেলছ মিলিটাৰী এভিয়েশন স্কুলত নেভিগেচন প্ৰশিক্ষণৰ পিছত ১৯৪২ চনৰ মে' মাহৰ শেষৰফালে তেওঁক দক্ষিণ ফ্ৰণ্টত নিয়োজিত কৰা হয়। ষ্টুপিনাই ৰেজিমেণ্টৰ যোগাযোগ বিভাগৰ মুৰব্বী হিচাপে নিযুক্তি পোৱাৰ আগতে ১৫ বাৰ বিমান চলাইছিল, যদিও তেওঁ প্ৰকাশ কৰিছিল যে তেওঁ যুদ্ধৰ বিমান চলাই থাকিবলৈ পছন্দ কৰে।[3][4]

১৯৪২ চনৰ নৱেম্বৰ মাহত তেওঁ ৰেজিমেণ্টৰ প্ৰথম সদস্যসকলৰ ভিতৰত অন্যতম হৈ এই বঁটা লাভ কৰে। ১৯৪৩ চনত আঘাত বা অসুস্থতাৰ বাবে ফিল্ড হস্পিতালত মৃত্যু হয়, ৰেজিমেণ্টত থাকিব বিচৰাৰ বাবে চিকিৎসালয়খনত অতি বেছি সময় থাকিবলৈ অস্বীকাৰ কৰাৰ পাছত। সমগ্ৰ ৰেজিমেণ্টে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে আৰু স্থানীয় অসামৰিক কবৰস্থানত তেওঁক সম্পূৰ্ণ সামৰিক সন্মানেৰে সমাধিস্থ কৰা হয়। ৰেজিমেণ্টৰ অধিনায়ক য়েভডকিয়া বেৰশ্বানস্কাই মাতৃ পোলিনা ষ্টুপিনাক ভেলেণ্টিনাৰ মৃত্যুৰ কথা জনাই টেলিগ্ৰাম পঠিয়াইছিল যদিও সমাধিস্থ কৰাৰ পাছতহে ভেলেণ্টিনাৰ মৃত্যুৰ কথা জনায়। বেৰশ্বানস্কাই তেওঁক ৰেল ষ্টেচনত লগ পাইছিল আৰু তেওঁৰ মৃতদেহৰ লগত কবৰস্থানলৈ গৈছিল।[4][5][6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Ступина Валя". tamanskipolk46.narod.ru. http://tamanskipolk46.narod.ru/p49aa1.html আহৰণ কৰা হৈছে: 2018-04-25.
  2. Melnik, Sergei. "Девочка в шлеме". www.relga.ru. http://www.relga.ru/Environ/WebObjects/tgu-www.woa/wa/Main?textid=492&level1=main&level2=articles আহৰণ কৰা হৈছে: 2018-04-25.
  3. "Портал о Фронтовиках". www.pobeda1945.su. Archived from the original on 2018-04-26. https://web.archive.org/web/20180426012317/http://www.pobeda1945.su/frontovik/72885/ আহৰণ কৰা হৈছে: 2018-04-25.
  4. 1 2 Rakobolskaya, Irina; Kravtsova, Natalya (2005). Нас называли ночными ведьмами : так воевал женский 46-й гвардейский полк ночных бомбардировщиков. প্ৰকাশক Moscow: University of Moscow Press. পৃষ্ঠা. 336. ISBN 5211050088. OCLC 68044852.
  5. "Ступина Валентина Сергеевна, Медаль "За отвагу"". pamyat-naroda.ru. Archived from the original on 2017-10-06. https://web.archive.org/web/20171006162525/https://pamyat-naroda.ru/heroes/podvig-chelovek_nagrazhdenie150099346/ আহৰণ কৰা হৈছে: 2018-04-25.
  6. Chechneva, Marina (1975) (ru ভাষাত). Fighting friends of mine. প্ৰকাশক Moscow.