ভেলেৰী লিঅ’ন
| ভেলেৰী লিঅ’ন | |
|---|---|
২০০৪ চনত লিঅ’ন (৬০ বছৰ বয়সত) | |
| জন্ম | ভেলেৰী থেৰেছ লিঅ’ন ১২ নৱেম্বৰ, ১৯৪৩ হেম্পষ্টেড, লণ্ডন, ইংলেণ্ড |
| পেচা | অভিনেত্ৰী, মডেল |
| সক্ৰিয় হৈ থকা সময় | ১৯৬৭–বৰ্তমান |
| দাম্পত্যসঙ্গী | মাইকেল মিলছ (বিবাহ ১৯৭৪; মৃত্যু ১৯৮৮) |
| সন্তান | ২ |
| ৱেবছাইট | |
| valerieleon.com/ | |
ভেলেৰী থেৰেছ লিঅ’ন (জন্ম: ১২ নৱেম্বৰ, ১৯৪৩) এগৰাকী ইংৰাজ অভিনেত্ৰী আৰু মডেল। তেওঁ বহুতো চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰযোজনাত অভিনয় কৰিছে। ইয়াৰ ভিতৰত কেৰী অন চলচ্চিত্ৰ শৃংখলাৰ ছয়খন ছবি আৰু দুখন জেমছ বণ্ডৰ বোলছবি— ৰজাৰ মূৰৰ সৈতে দ্য স্পাই হু লাভড মি (১৯৭৭) আৰু চান কেনাৰীৰ সৈতে নেভাৰ চে নেভাৰ এগেইন (১৯৮৩) অন্যতম। তেওঁ দ্য ইটালিয়ান জব (১৯৬৯), দ্য ৱাইল্ড গিজ (১৯৭৮), আৰু ৰিভেঞ্জ অৱ দ্য পিংক পেন্থাৰ (১৯৭৮) ৰ দৰে উচ্চ পৰ্যায়ৰ ছবিত অভিনয় কৰাৰ লগতে হেম্মাৰ হৰৰ বোলছবি ব্লাড ফ্ৰম দ্য মামিজ টম্বত (১৯৭১) মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।
১৯৭০-ৰ দশকত লিঅ’নে হাই কাৰাটেৰ টেলিভিছন বিজ্ঞাপনত ভূমুকি মাৰিছিল, যাৰ জৰিয়তে তেওঁ যথেষ্ট চৰ্চা লাভ কৰিছিল। নিজৰ আকৰ্ষণীয় চেহেৰাৰ বাবে তেওঁ বিশ্বজুৰি পৰিচিত হৈছিল আৰু তেওঁক প্ৰায়ে "ইংৰাজ ৰাকেল ৱেলচ" বুলি অভিহিত কৰা হৈছিল।
আদি জীৱন
[সম্পাদনা কৰক]১৯৪৩ চনত লণ্ডনৰ হেম্পষ্টেডত হেনৰী আৰু ডাফনে লিঅ’নৰ চাৰিটা সন্তানৰ ভিতৰত জ্যেষ্ঠ সন্তান হিচাপে লিঅ’নৰ জন্ম হৈছিল। তেওঁৰ পিতৃ এখন বস্ত্ৰ কোম্পানীৰ সঞ্চালক আছিল আৰু তেওঁৰ মাতৃয়ে ৰাডাত (RADA) প্ৰশিক্ষণ গ্ৰহণ কৰিছিল যদিও এগৰাকী পূৰ্ণকালীন মাতৃ হ’বলৈ নিজৰ অভিনয় কেৰিয়াৰ ত্যাগ কৰিছিল।
চেনিং স্কুল ফৰ গাৰ্লছত অধ্যয়ন কৰাৰ পাছত লিঅ’নে কলেজ ফৰ ডিষ্ট্ৰিবিউটিভ ট্ৰেডছত যোগদান কৰে। ইয়াৰ পিছত তেওঁ পেৰিছলৈ যায় আৰু তাত এগৰাকী 'অ’ পেয়াৰ গাৰ্ল' হিচাপে কাম কৰে। ইংলেণ্ডলৈ উভতি অহাৰ আগতে তেওঁ কিছুসময় মডেলিং কৰিছিল।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]লিঅ’নে ১৯৭৪ চনত টেলিভিছন প্ৰযোজক মাইকেল মিলছৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু ১৯৮৮ চনত তেওঁৰ মৃত্যুৰ লৈকে তেওঁলোক বিবাহিত হৈ আছিল। এই দম্পতীটোৰ দুটা সন্তান আছিল: ১৯৭৫ চনত জন্ম হোৱা এজন পুত্ৰ, লিঅ’ন; আৰু ১৯৭৭ চনত জন্ম হোৱা এগৰাকী কন্যা, মেৰোপ।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Official website, including biography and showreel". Valerie Leon. http://www.valerieleon.com/। আহৰণ কৰা হৈছে: 29 December 2016.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিউদ্ধৃতিত ভেলেৰী লিঅ’ন বিষয় সংক্ৰান্তত উদ্ধৃতি আছে। |
- আধিকাৰিক ৱেবছাইট
- ভেলেৰী লিঅ’ন সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Audio interview at BBC Wiltshire