সমললৈ যাওক

ভেলোৰী কাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভেলোৰী কাৰী

২০১৬ চনৰ টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত কাৰী
জন্ম ১২ ফেব্ৰুৱাৰী, ১৯৮৬ (৪০ বছৰ)
অৰেঞ্জ কাউণ্টি, কেলিফৰ্ণিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ
শিক্ষানুষ্ঠান কেলিফৰ্ণিয়া ষ্টেট ইউনিভাৰ্চিটি, ফুলাৰটন
পেচা অভিনেত্ৰী, কণ্ঠ অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৫–বৰ্তমান
দাম্পত্যসঙ্গী চেম আণ্ডাৰউড (বি. ২০১৬; বিবি. ২০২৩)

ভেলোৰী কাৰী (ইংৰাজী: Valorie Curry; জন্ম: ১২ ফেব্ৰুৱাৰী, ১৯৮৬[1]) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁৰ কেৰিয়াৰৰ উল্লেখযোগ্য কামসমূহৰ ভিতৰত আছে ভেৰোনিকা মাৰ্চ (২০০৫–০৬), দ্য ফলোয়িং (২০১৩–১৪) আৰু দ্য টিক (২০১৬–১৯)। তেওঁ প্লেষ্টেচন ৩-ৰ টেক ডেম’ কাৰাত (২০১২) নাম চৰিত্ৰত অভিনয় কৰিছিল আৰু ভিডিও গেম ডিট্ৰয়েট: বিকাম হিউমেনত (২০১৮) কাৰা হিচাপে পুনৰ অভিনয় কৰিছিল। ২০২৪ চনৰপৰা তেওঁ আমাজন প্ৰাইম ভিডিও ধাৰাবাহিক দ্য বয়জত ছুপাৰহিৰো ফায়াৰক্ৰেকাৰৰ চৰিত্ৰত অভিনয় কৰিছে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

কাৰী কেলিফৰ্ণিয়াৰ অৰেঞ্জ কাউণ্টিত তেওঁৰ ভাতৃ ডেভিদ আৰু ভগ্নী কলিনৰ সৈতে ডাঙৰ-দীঘল হৈছিল। ২০০৪ চনত তেওঁ কেলিফৰ্ণিয়াৰ লা হাব্ৰাৰ চন’ৰা হাইস্কুলৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।[2] তেওঁ কেলিফৰ্ণিয়া ষ্টেট ইউনিভাৰ্চিটি, ফুলাৰটনত অধ্যয়ন কৰিছিল আৰু ২০০৮ চনত থিয়েটাৰত স্নাতক ডিগ্ৰী লাভ কৰিছিল।[3] তেওঁ 'দ্য চেকেণ্ড চিটি' আৰু 'ফেণ্টম প্ৰজেক্টছ' থিয়েটাৰ গোটৰ সৈতেও কাম কৰিছে। তাত তেওঁ দ্য ডিভাইনৰ্ছত জেনি মে আৰু আউট, আউট, ব্ৰিফ কেণ্ডেল! -ত মনিক চৰিত্ৰত অভিনয় কৰাৰ লগতে ওকলাহোমা! , বাছ ষ্টপ, হাউ টু চাকচিড ইন বিজনেছ উইদাউট ৰিয়েলী ট্ৰায়িং আৰু দ্য ডায়েৰী অফ এনি ফ্ৰাংক আদি নাটকত অভিনয় কৰিছে।[4]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

কাৰীয়ে ২০১৯ চনত নিজকে প্যানচেক্সুৱেল (pansexual) বুলি বৰ্ণনা কৰিছিল,[5][6] আৰু পৰৱৰ্তী সময়ত একাংশ সংবাদ মাধ্যমে তেওঁক লেচবিয়ান বুলি উল্লেখ কৰিছে।[7][8]

২০১৬ চনত কাৰীয়ে তেওঁৰ দ্য ফলোয়িংৰ সহ-অভিনেতা চেম আণ্ডাৰউডৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।[9] ২০২২ চনত তেওঁলোকৰ মাজত বিচ্ছেদ ঘটে আৰু ২০২৩ চনৰ এপ্ৰিলত আইনীভাৱে বিবাহ বিচ্ছেদ হয়।[10]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ "Valorie Curry - Actress" (en-US ভাষাত). TV Insider. 2024-12-04. https://www.tvinsider.com/people/valorie-curry/। আহৰণ কৰা হৈছে: 2025-02-15.
  2. ↑ Gaede, Susan (2010-12-02). "Sonora grad cast in 'Twilight' movie". Orange County Register. https://www.ocregister.com/2010/12/02/gaede-sonora-grad-cast-in-twilight-movie/.
  3. ↑ Douglas, Cathy (2011-04-12). "Titans of Hollywood: Tinsel Town's Spotlights Shine on CSUF Alumni". Titan Magazine (California State University, Fullerton). Archived from the original on 2023-05-22. https://web.archive.org/web/20230522200455/https://calstate.fullerton.edu/titan/2011/entertainment.asp। আহৰণ কৰা হৈছে: 2024-06-24.
  4. ↑ "A View From the Inside - Phantom Projects Theatre Group" (en-GB ভাষাত). www.phantomprojects.com. Archived from the original on 2017-12-18. https://web.archive.org/web/20171218175429/http://www.phantomprojects.com/inside.html। আহৰণ কৰা হৈছে: 2017-09-17.
  5. ↑ "Valorie Curry on Instagram: "For the last several years, I've felt a deep need and a deep contraction about coming out on #nationalcomingoutday🌈 I felt like I didn't…"" (en ভাষাত). Instagram. https://www.instagram.com/p/B3fskf6gr6f/। আহৰণ কৰা হৈছে: 2020-08-01.
  6. ↑ Shatto, Rachel (August 22, 2022). "Out Actor Valorie Curry Joins The Cast of The Boys Season 4". Pride. https://www.pride.com/geek/2022/8/02/out-actor-valorie-curry-joins-cast-boys-season-4.
  7. ↑ "The Boys' lesbian star Valorie Curry on mocking her character" (en ভাষাত). The Advocate. https://www.advocate.com/arts-entertainment/valorie-curry-mocks-right-wing। আহৰণ কৰা হৈছে: 2024-06-21.
  8. ↑ Ferlita, Gabriella (2024-06-21). "The Boys' Valorie Curry on 'making a clown' out of her right-wing supe role" (en-US ভাষাত). PinkNews. https://www.thepinknews.com/2024/06/21/the-boys-valorie-curry/। আহৰণ কৰা হৈছে: 2024-06-21.
  9. ↑ Scharf, Lindzi (2016-09-13). "TIFF 2016: Valorie Curry Breaks Out in 'American Pastoral' and 'Blair Witch Project'". Women's Wear Daily. https://wwd.com/eye/people/tiff-2016-valorie-curry-american-pastoral-blair-witch-project-10541805/। আহৰণ কৰা হৈছে: 2024-06-24. "The wedding planning (they tied the knot two months ago) had to wait as Curry, 30, tackled the role of Rita Cohen...".
  10. ↑ Vasquez, Whitney (2023-10-16). "'Fear the Walking Dead' Star Sam Underwood's Ex-Wife Valorie Curry Not Alleged Victim in Felony Domestic Battery Arrest". Radar Online. https://radaronline.com/p/sam-underwoods-ex-wife-valorie-curry-not-domestic-battery-victim-arrest/। আহৰণ কৰা হৈছে: 2024-09-08.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]