ভেল্লুভা কোৰোথ বিষ্ময়া
ভি. কে. বিষ্ময়া | |||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ব্যক্তিগত তথ্যাৱলী | |||||||||||||||||||
সম্পূৰ্ণ নাম | ভেল্লুভা কোৰোথ বিষ্ময়া | ||||||||||||||||||
জন্ম | ১৪ মে', ১৯৯৭ (২৮ বছৰ) শ্ৰীকন্দপুৰম, কন্নুৰ জিলা, কেৰেলা, ভাৰত[1] | ||||||||||||||||||
ক্ৰীড়া | |||||||||||||||||||
দেশ | ![]() | ||||||||||||||||||
ক্ৰীড়া | ট্ৰেক এণ্ড ফিল্ড | ||||||||||||||||||
শিতান | ৪০০ মিটাৰ | ||||||||||||||||||
সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ | |||||||||||||||||||
ব্যক্তিগত শ্ৰেষ্ঠ | ৪০০ মি - ৫২.১২ (২০১৯) | ||||||||||||||||||
পদক অভিলেখ
|
ভেল্লুভা কোৰোথ বিষ্ময়া (ইংৰাজী: Velluva Koroth Vismaya; জন্ম: ১৪ মে' ১৯৯৭) কেৰালাৰ এগৰাকী ভাৰতীয় খেলুৱৈ৷ তেওঁ ৪০০ মিটাৰ দৌৰত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। তেওঁ ২০১৮ চনৰ এছিয়ান গেমছত সোণৰ বিজয়ী ভাৰতীয় দলৰ খেলুৱৈ আছিল।[2]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]কেৰালাৰ কান্নুৰত বিষ্ময়াৰ জন্ম হৈছিল।[2] তেওঁৰ দেউতাক এজন নিৰ্মাণ শ্ৰমিক আছিল। ১১ বছৰ বয়সত তেওঁ এথলেটিকছ আৰম্ভ কৰিছিল। তেওঁ গণিতৰ স্নাতক।[2]
কেৰিয়াৰ
[সম্পাদনা কৰক]বিষ্ময়া ২০১৮ চনৰ এছিয়ান গেমছত সোণৰ পদক লাভ কৰা ভাৰতীয় মহিলা ৪ × ৪০০ মিটাৰ ৰিলে দলৰ অংশ আছিল।[2] ২০১৯ চনৰ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত মহিলাৰ ৪ x ৪০০ মিটাৰ ৰিলেত ৰূপ আৰু মিক্সড ৪ x ৪০০ মিটাৰ ৰিলেত ৰূপৰ পদক লাভ কৰে। ২০১৯ চনৰ দোহাত অনুষ্ঠিত হোৱা বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত বিষ্ময়া, মহম্মদ আনাছ, নোয়া নিৰ্মল টম আৰু জিছনা মেথিউৰ চাৰিজনীয়া দলটোৱে ২০১৯ চনৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ৪ × ৪০০ মিটাৰ মিশ্ৰিত দলীয় ৰিলেত অংশগ্ৰহণ কৰিছিল, খেলখনত তেওঁলোকে ৩:১৬:১৪ সময় লৈ ফাইনেলত প্ৰৱেশ কৰে আৰু ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত স্থান নিশ্চিত কৰে।[3] বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ফাইনেলত ৩:১৫:৭৭ সময়ত দৌৰ সমাপ্ত কৰি দলটোৱে সপ্তম স্থান দখল কৰে।[4]
ঘৰুৱা খেল
[সম্পাদনা কৰক]২০১৯ চনৰ অক্টোবৰ মাহত অনুষ্ঠিত ৫৯ সংখ্যক ৰাষ্ট্ৰীয় মুকলি এথলেটিকছ চেম্পিয়নশ্বিপত ৪০০ মিটাৰ দৌৰত তেওঁ স্বৰ্ণ পদক লাভ কৰে৷[5]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "VELLUVA KOROTH Vismaya". Asian Games 2018 Jakarta Palembang. Archived from the original on 31 August 2018. https://web.archive.org/web/20180831002358/https://en.asiangames2018.id/athletes/athlete/VELLUVA-KOROTH-Vismaya-3009140/.
- ↑ 2.0 2.1 2.2 2.3 "Weak link Vismaya anchors India to relay gold" (en ভাষাত). ESPN. 2018-08-30. https://www.espn.in/athletics/story/_/id/24523975/weak-link-vismaya-anchors-india-relay-gold। আহৰণ কৰা হৈছে: 2024-01-22.
- ↑ Rayan, Stan (28 September 2019). "World Athletics Championships: Indian mixed relay team books Olympics berth, reaches final". The Hindu. https://sportstar.thehindu.com/athletics/world-championships-muhammed-anas-vk-vismaya-jisna-mathew-nirmal-noah-india-mixed-relay-team-final-olympic-berth/article29544397.ece.
- ↑ "Indian 4x400m mixed relay team finishes 7th in World Championships". The Hindu. 30 September 2019. https://www.thehindu.com/sport/athletics/indian-4x400m-mixed-relay-team-finishes-7th-in-world-championships/article29553304.ece.
- ↑ "Tajinder breaks shot put national record, gets closer to Tokyo Olympics". https://sportstar.thehindu.com/athletics/national-open-championships-2019-tajinderpal-singh-shot-put-national-record-tokyo-2020-olympics-vismaya-anjali-devi-400m/article29668100.ece.