সমললৈ যাওক

ভৈৰৱ দ্বীপম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভৈৰৱ দ্বীপম

পোষ্টাৰ
পৰিচালক ছিংগীতম শ্ৰীনিৱাস ৰাও
ৰচনা ৰাবি কোন্দালা ৰাও
সিংগীতম শ্ৰীনিৱাস ৰাও
প্ৰযোজক বি ভেংকটৰাম ৰেড্ডী
অভিনয়ত নন্দমূৰ্তি বালকৃষ্ণ
ৰোজা
সংগীত পৰিচালক মাধৱপেড্ডী সুৰেশ
মুক্তি
১৪ এপ্ৰিল ১৯৯৪ (1994-04-14)
দৈৰ্ঘ্য
১৬২ মিনিট[1]
দেশ ভাৰত
ভাষা তেলুগু
বাজেট 4.5 crore

ভৈৰৱ দ্বীপম (ইংৰাজী: Bhairava Dweepam) ১৯৯৪ চনত নিৰ্মিত, ছিংগীতম শ্ৰীনিবাস ৰাওৰ দ্বাৰা পৰিচালিত, ভাৰতীয় তেলেগু ভাষাৰ এখন হাই ফেণ্টাচি ছবি। নন্দমুৰি বালকৃষ্ণ আৰু ৰোজাই মুখ্য চৰিত্ৰত অভিনয় কৰা ছবিখনত বিজয়া ৰংগৰাজাই মুখ্য প্ৰতিদ্বন্দ্বী ভৈৰৱৰ চৰিত্ৰত অভিনয় কৰিছে। সহযোগী অভিনেতাসকলৰ ভিতৰত আছে কে আৰ বিজয়া, বিজয়কুমাৰ, কৈকলা সত্যনাৰায়ণ, আৰু বাবু মোহন। কাহিনীটোত জনজাতীয় মুখিয়ালৰ দ্বাৰা ডাঙৰ-দীঘল হোৱা বিজয় নামৰ যুৱকে ৰাজকুমাৰী পদ্মাৱতীক দুষ্ট যাদুকৰ ভৈৰৱৰ পৰা হাতৰ পৰা উদ্ধাৰৰ অভিযানত নামি পৰিছে।

চন্দামামা বিজয়া পিকচাৰ্ছৰ বেনাৰত বি ভেংকতৰাম ৰেড্ডীয়ে প্ৰযোজনা কৰা ভৈৰৱ দ্বীপমৰ লক্ষ্য আছিল তেলেগু চিনেমাত লোককথা-কাল্পনিক ধাৰাটোক পুনৰ সজীৱ কৰি তোলা। ৰবি কোণ্ডলা ৰাৱে পৰিচালক শ্ৰীনিবাস ৰাওৰ সৈতে সহযোগিতাৰে চিত্ৰনাট্য লিখিছিল আৰু ছবিখনৰ নিৰ্মাণৰ তদাৰক কৰিছিল। ১৯৯৩ চনৰ জুন মাহৰ পৰা চিত্ৰগ্ৰহণ আৰম্ভ হয়। বিজয়া বৌহিনী ষ্টুডিঅ' আৰু কেম্মনগুণ্ডীৰ এটা জলপ্ৰপাতকে ধৰি বিভিন্ন প্ৰত্যাহ্বানমূলক আউটডোৰত প্ৰধান ফটোগ্ৰাফী কৰা হয়। ₹৪.৫ কোটি বাজেটৰ সৈতে ২৪০ দিনীয়া এই নিৰ্মাণ কাৰ্যই লজিষ্টিক দিশটোত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। চিনেমেট’গ্ৰাফী কবীৰ লালে চম্ভালিছিল আৰু ছবিখন প্ৰধানকৈ প্ৰেকটিকেল ইফেক্টৰ ওপৰত নিৰ্ভৰশীল আছিল, যাৰ পৰিপূৰক আছিল ভিজুৱেল গ্ৰাফিক্সৰ সীমিত ব্যৱহাৰ।

১৯৯৪ চনৰ এপ্ৰিল মাহত মুক্তি পোৱা ভৈৰৱ দ্বীপমে ব্যৱসায়িকভাৱে বৃহৎ সফলতা লাভ কৰিছিল। ২৮টা ছবিগৃহত ১০০ দিনীয়া প্ৰদৰ্শন সম্পূৰ্ণ কৰিছিল। ইয়াৰ উপৰিও ইয়াৰ প্ৰাৰম্ভিক মুক্তিৰ সময়ত ৫৯টা ছবিগৃহত ৫০ দিনৰ বাবে চলিছিল আৰু সেই সময়ত এখন তেলেগু ছবিৰ বাবে সেয়া অভিলেখ আছিল।[2] ছবিখনে সমালোচকৰ প্ৰশংসা লাভ কৰে আৰু ছিংগীতম শ্ৰীনিবাস ৰাওৰ শ্ৰেষ্ঠ পৰিচালনাকে ধৰি ৯টা নন্দী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।[3] ইয়াক তামিল ভাষাত বিজয়া প্ৰথপন নামেৰে ডাব কৰাৰ উপৰিও হিন্দী ভাষাতো ডাব কৰা হৈছিল। এই ছবিখনক তেলেগু ফেণ্টাচী চিনেমাৰ এক মাইলৰ খুটি হিচাপে গণ্য কৰা হয়।[4][5]


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]