ভোগী
| ভোগী | |
|---|---|
অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰ জিলাৰ গোৰন্তলাত ভোগী অগ্নিকুণ্ড | |
| সম্পূৰ্ণ নাম | ভোগী |
| অন্য নাম | ভোগী, লোহৰি |
| পালন কৰে | উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ হিন্দু, শ্ৰীলংকা, ছিংগাপুৰ, মালয়েছিয়া, ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া[1] |
| প্ৰকাৰ | ঋতুভিত্তিক, পৰম্পৰাগত |
| মহত্ব | মধ্য শীতকালীন উৎসৱ |
| তাৰিখ | হিন্দু সৌৰ কেলেণ্ডাৰৰ আঘোণ মাহৰ অন্তিম দিন |
| উদযাপন | অগ্নিকুণ্ড |
| আচাৰ | অগ্নিকুণ্ড প্ৰজ্বালন |
| সম্পৰ্কিত | মকৰ সংক্ৰান্তি বিহু (ভোগালী / মাঘ / ভোগী) লোহৰি |
| পৰৱৰ্তী তাৰিখ | হিন্দু কেলেণ্ডাৰ অনুসৰি একে দিনত |
| অৱধি | ১ দিন |
ভোগী (কন্নড়: ಭೋಗಿ, তেলুগু: భోగి, তামিল: போகி) হৈছে চাৰিদিনীয়া মকৰ সংক্ৰান্তি উৎসৱৰ প্ৰথম দিন। এই দিনটো হিন্দু সৌৰ পঞ্জিকা অনুসৰি আঘোণ মাহৰ শেষ দিনত পৰে, যি গ্ৰেগৰিয়ান কেলেণ্ডাৰ অনুসাৰে সাধাৰণতে ১৩ জানুৱাৰীত হয়। ভোগী মকৰ সংক্ৰান্তিৰ আগদিনা উদ্যাপন কৰা হয় আৰু ই মূলতঃ অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, কৰ্ণাটক, তামিলনাডু আৰু মহাৰাষ্ট্ৰত ব্যাপকভাৱে পালন কৰা হয়।[2][3]
ভোগী দিনা মানুহে পুৰণি আৰু ব্যৱহাৰ অনুপযোগী বস্তু ত্যাগ কৰি নতুন পৰিৱৰ্তন আৰু ৰূপান্তৰৰ ওপৰত গুৰুত্ব দিয়ে। পুৱাৰ ভাগত লোকসকলে কাঠ, কঠিন জ্বালানি আৰু ব্যৱহাৰ অযোগ্য কাঠৰ আচ-বাব জ্বলাই অগ্নিকুণ্ড প্ৰজ্বালন কৰে। ইয়াৰ জৰিয়তে পুৰণি বছৰটোৰ হিচাপ সমাপ্তি আৰু পৰৱৰ্তী দিনা আৰম্ভ হ’বলগীয়া নতুন শস্য বৰ্ষৰ সূচনা সূচিত কৰা হয়। পংগল উৎসৱৰ সময়ত বৰষুণৰ আশীৰ্বাদ লাভৰ বাবে ইন্দ্ৰ দেৱতাৰ পূজা কৰা হয়।[4][5][6]
কাপে কট্টু
[সম্পাদনা কৰক]কাপে কট্টু হৈছে কংগু নাডু অঞ্চলত পালন কৰা এক পৰম্পৰাগত আচাৰ। এই আচাৰত নিম (Azadirachta indica), আৱৰাম (Senna auriculata) আৰু পুল্লাপ্পু (Aerva lanata) গছৰ পাতা ঘৰৰ চাল আৰু বেৰত বান্ধি থোৱা হয়। তামিল ভাষাৰ "কাপ্পু" শব্দৰ অৰ্থ হৈছে "সুৰক্ষা" বা "ৰক্ষা কৰা।"
কাপে কট্টুৰ মূল উদ্দেশ্য হৈছে অশুভ শক্তি আৰু দুষ্ট আত্মাক দূৰ কৰি পৰিয়ালৰ সুৰক্ষা আৰু মঙ্গল নিশ্চিত কৰা।
মহাৰাষ্ট্ৰত এই দিনা লোকসকলে বাজ্ৰাৰ ৰুটি তিল ছটিয়াই খায় আৰু পালং শাক, গাজৰ, মটৰ, সেউজীয়া চানা, পাপড়ি আদিৰে প্ৰস্তুত কৰা শাক-তৰকাৰী ব্যৱহাৰ কৰে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Dhoraisingam, Samuel S. (2006). Peranakan Indians of Singapore and Melaka: Indian Babas and Nonyas—Chitty Melaka. ISBN 9789812303462. https://books.google.com/books?id=QHwcAgAAQBAJ&dq=bhogi+festival&pg=PA45.
- ↑ "Bhogi 2022: What Bhogi Means? How Is It Celebrated?" (en ভাষাত). Sakshi Post. 2022-01-11. Archived from the original on 2022-04-05. https://web.archive.org/web/20220405033013/https://english.sakshi.com/news/editors-picks/bhogi-2022-what-bhogi-means-how-it-celebrated-149643। আহৰণ কৰা হৈছে: 2022-01-13.
- ↑ Srih, Sri Sri Rangapriya Sri (2019-03-23) (en ভাষাত). Festivals of Bharata. Bharatha Samskruthi Prakashana. ISBN 978-93-89028-69-0. https://books.google.com/books?id=5nOODwAAQBAJ&dq=bhogi+festival&pg=PT521.
- ↑ "About Bogi Festival". templesinindiainfo.com. 1 January 2017. https://templesinindiainfo.com/about-bogi-festival-bhogi-festival-bhogi-celebrations/.
- ↑ "Bhogi Pandigai 2022: Check date, time & significance". The Times of India. 13 January 2022. https://timesofindia.indiatimes.com/religion/festivals/bhogi-pandigai-2022-date-time-significance/articleshow/88715597.cms.
- ↑ Murthy, Neeraja (2020-01-13). "Citizens speak about the change they would want to see this Bhogi". The Hindu. https://www.thehindu.com/society/a-few-hyderabadis-speak-about-the-change-they-would-want-to-see-in-their-life-and-in-society/article30557580.ece.
| |||||||||||||||||||||||