সমললৈ যাওক

ম'ন'চেৰছ (কিংবদন্তিমূলক জীৱ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ম'ন'চেৰছ (ওপৰৰ ছবিত)

ম'ন'চেৰছ (ইংৰাজী: Monoceros, প্ৰাচীন গ্ৰীক: μονόκερως) কেৱল মাত্ৰ এটা শিং থকা এবিধ কিংবদন্তিমূলক জীৱ৷ এই কিংবদন্তিমূলক জীৱটো ইউনিকৰ্ণৰ সৈতে সম্পৰ্কিত।

শ্ৰুতিকথা

[সম্পাদনা কৰক]

ম'ন'চেৰছ শব্দৰ উৎপত্তি গ্ৰীক শব্দ μονόκερως (ম'ন'কেৰছ) শব্দৰ পৰা হৈছিল৷ μόνος (ম'ন'চ) যাৰ অৰ্থ "কেৱল এটা" / "একক" আৰু κέρας (কেৰছ) যাৰ অৰ্থ "শিং"; এই দুয়োটা শব্দৰ যৌগিক ৰূপেই হৈছে μονόκερως (ম'ন'কেৰছ) অৰ্থাৎ “এটা শিং থকা প্ৰাণী”৷

প্লিনি দ্য এলডাৰৰ নেচাৰেল হিষ্ট্ৰিত প্ৰথমে ম'ন'চেৰছক ঘোঁৰাৰ দৰে শৰীৰ, হৰিণৰ দৰে মূৰ (শিং দুটা নাথাকে), হাতীৰ দৰে ভৰি আৰু বনৰীয়া গাহৰিৰ দৰে নেজ থকা জীৱ বুলি বৰ্ণনা কৰা হৈছিল। ইয়াৰ কপালৰ মাজত এটা ক'লা শিং থাকে, যিটো দুহাত (প্ৰায় ১ মিটাৰ বা ৩ ফুট) দীঘল আৰু ইয়াক জীৱিত অৱস্থাত ধৰাটো অসম্ভৱ।[1]

কচমাছ ইণ্ডিক’প্লেউষ্টেছে খ্ৰীষ্টান ট’প’গ্ৰাফীত লিখিছে যে তেওঁ এই জন্তুটো দেখা নাছিল যদিও ইথিওপিয়াৰ ৰজাৰ ৰাজপ্ৰসাদত ইয়াৰ নগ্ন আকৃতি দেখিছিল আৰু এই আকৃতিবোৰৰ পৰা তেওঁ ইয়াক আঁকিবলৈ সক্ষম হৈছিল। তেওঁ লগতে উল্লেখ কৰিছে যে মানুহে ইয়াক ভয়ংকৰ জন্তু আৰু অজেয় বুলি কয় আৰু ইয়াৰ সকলো শক্তি ইয়াৰ শিঙত নিহিত হৈ থাকে। যেতিয়া ইয়াক বহু চিকাৰীয়ে খেদি ফুৰে আৰু ধৰিবলৈ ওলায়, তেতিয়া ই কোনোবা এটা শিখৰৰ ওপৰলৈ খুব খৰকৈ উঠি যায় আৰু তাৰ পৰা ই তললৈ পৰি দিয়ে। তাৰ পিছত পৰি থকাৰ সময়ত ই ঘূৰি থাকে যাতে শিংটোৱে পতনৰ সকলো জোকাৰণি সহ্য কৰে আৰু ই কোনো আঘাত নোপোৱাকৈয়ে পলায়ন কৰে।[2]

বৰ্তমানৰ ইংৰাজী ভাষাত ম'ন'চেৰছ শব্দটোৱে সাধাৰণতে ইউনিকৰ্ণ বা অনুৰূপ এক শিংযুক্ত জীৱক বুজায়।[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. introduction, Pliny the Elder; translated with an; Healy, notes by John F. (1991). Natural history.. প্ৰকাশক London, England: Penguin Books. ISBN 9780140444131. 
  2. "Cosmas Indicopleustis - Christiana Topographia (MPG 088 0051 0476) [0500-0600 Full Text"]. Documenta Catholica Omnia. http://www.documentacatholicaomnia.eu/04z/z_0500-0600__Cosmas_Indicopleustis__Christiana_Topographia_(MPG_088_0051_0476)__GM.pdf.html. 
  3. "monoceros". Oxford University PressOED Online. http://www.oed.com/view/Entry/121310?redirectedFrom=monocerus#eid। আহৰণ কৰা হৈছে: 30 October 2014.