ম'ল দিৱস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিখ্যাত ৰসায়ন বিজ্ঞানী এমাদিঅ এভ'গেদ্ৰ

ম'ল দিৱস (ইংৰাজী:Mole Day) ৰসায়নবিদ, বিজ্ঞানী আৰু ছাত্ৰসকলে উদযাপন কৰা এক বিজ্ঞান বিষয়ৰ দিৱস। প্ৰতি বছৰে অক্টোবৰ মাহৰ ২৩ তাৰিখৰ পুৱা ৬ বাজি ২ মিনিটৰ পৰা আবেলি ৬ বাজি ২ মিনিটলৈ এই দিৱস পালন কৰা হয়।[1][2][3][4] দিন লিখাৰ আমেৰিকান শৈলী মতে এই সময়ছোৱাক ৬:০২ ১০/২৩ হিচাপে লিখা হয়। এই দিন আৰু সময় বিখ্যাত এভ'গেদ্ৰ সংখ্যাৰ পৰা লোৱা হৈছে। এই সংখ্যাৰ আনুমানিক মান ৬.০২ × ১০২৩। এক ম'ল পদাৰ্থত থকা কণা (অণু, পৰমাণু বা আয়ন)ৰ সংখ্যাক এভ'গেদ্ৰ সংখ্যাৰে সূচোৱা হয়। ম'ল হৈছে আন্তৰ্জাতিক একক পদ্ধতিৰ পদাৰ্থৰ পৰিমাণ বুজোৱা মৌলিক একক।

ম'ল দিৱসৰ আৰম্ভণি ১৯৮০ৰ দশকৰ "বিজ্ঞান শিক্ষক" (The Science Teacher) এক প্ৰবন্ধৰ যোগেৰে হৈছিল।[5] এই প্ৰবন্ধৰ পৰা প্ৰেৰণা লাভ কৰি ১৫ মে, ১৯৯১ চনত মাউৰিক অহলেৰ নামৰ উত্তৰ আমেৰিকাৰ হাইস্কুল এখনৰ ৰসায়ন বিজ্ঞানৰ শিক্ষক এজনে ৰাষ্ট্ৰীয় ম'ল দিৱস ফাউণ্ডেচন প্ৰতিষ্ঠা কৰে।[5]

আমেৰিকা যুক্তৰাষ্ট্ৰ, দক্ষিণ আমেৰিকা, অষ্ট্ৰেলিয়া আৰু কানাডাৰ হাইস্কুল সমূহত ম'ল দিৱস সোনকালে জনপ্ৰিয় হৈ পৰিল। তেওঁলোকে ৰসায়ন আৰু ম'ল সম্বন্ধীয় কাৰ্যসূচী গ্ৰহণ কৰি মল দিৱস পালন কৰে।

আমেৰিকান কেমিকেল ছ'ছাইটিয়ে অক্টোবৰ মাহৰ ২৩ তাৰিখ অন্তৰ্ভুক্ত দেওবাৰৰ পৰা শনিবাৰলৈ পালন কৰা ৰাষ্ট্ৰীয় ৰসায়ন সপ্তাহ মল দিৱসৰ লগত জড়িত। বৰ্তমান ম'ল দিৱস এই সপ্তাহৰ মূল আকৰ্ষণ তথা অবিচ্ছেদ্য অংগ।

বৰ্তমান পৃথিৱীৰ প্ৰায়বোৰ দেশতে ভিন ভিন কাৰ্যসূচীৰ মাজেৰে ম'ল দিৱস পালন কৰা হয়।

লগতে চাওক[সম্পাদনা কৰক]

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]