মংগলা দেৱী সিং
মংগলা দেৱী সিং | |
|---|---|
১৯৫১ চনত মংগলা দেৱী সিং | |
| নেপাল মহিলা সংঘৰ প্ৰথম সভানেত্ৰী | |
| কাৰ্যকাল ১৯৪৭ – ১৯৫২ | |
| ব্যক্তিগত তথ্য | |
| জন্ম | ১০ ডিচেম্বৰ, ১৯২৫ |
| মৃত্যু | ২৬ আগষ্ট, ১৯৯৬ (৭০ বছৰ)[1] |
| মৃত্যুৰ কাৰণ | বৃক্ক বিফলতা (Kidney Failure)[2] |
| দাম্পত্যসঙ্গী | গণেশ মান সিং |
| প্ৰখ্যাত | নাৰীবাদ নেপাল মহিলা সংঘৰ প্ৰতিষ্ঠাপক |
মংগলা দেৱী সিং (নেপালী: मंगलादेवी सिंह; ইংৰাজী: Mangala Devi Singh; জন্ম: ১০ ডিচেম্বৰ ১৯২৫ – মৃত্যু: ২৬ আগষ্ট ১৯৯৬) নেপালৰ এগৰাকী অগ্ৰণী নাৰীবাদী আৰু বিশিষ্ট গণতান্ত্ৰিক অধিকাৰ কৰ্মী আছিল।[3] সিঙে ১৯৪০ চনত ১৬ বছৰ বয়সতে ৰাজনীতিত জড়িত হৈছিল।[2] তেওঁৰ স্বামী আছিল নেপালী কংগ্ৰেছৰ অন্যতম নেতা গণেশ মান সিং।
১৯৪৮ চনত মংগলা দেৱী সিঙে মহিলাৰ শিক্ষা, নিয়োগ আৰু ভোটাৰ অধিকাৰৰ দাবী জনাই প্ৰধানমন্ত্ৰী পদ্ম ছমছেৰ জং বাহাদূৰ ৰাণাৰ ওচৰলৈ এটা প্ৰতিনিধি দলৰ নেতৃত্ব দিছিল।[4][5]
১৯৫২ চনত নেপাল মহিলা সংঘৰ মাজত এক আদৰ্শগত বিভাজন ঘটে। মংগলাই এটা গোটৰ নেতৃত্ব দিছিল যিয়ে বিশ্বাস কৰিছিল যে গণতান্ত্ৰিক সংস্কাৰৰ জৰিয়তেহে মহিলাৰ অধিকাৰ লাভ কৰিব পৰা যাব। আনহাতে কামাক্ষা দেৱীৰ নেতৃত্বত আনটো গোটে বিশ্বাস কৰিছিল যে কেৱল আমূল পৰিৱৰ্তনেহে মহিলাক তেওঁলোকৰ অধিকাৰ প্ৰদান কৰিব পাৰে। এই বিভাজন সেই বছৰৰে শেষৰফালে তীব্ৰতৰ হয় যেতিয়া ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ আগমনৰ বিৰোধিতা কৰাৰ সিদ্ধান্তই মংগলাৰ সমৰ্থন হ্ৰাস কৰে। প্ৰতিবাদৰ সময়ত আৰক্ষীয় ক’লা পতাকা প্ৰদৰ্শন কৰি উগ্ৰ প্ৰতিবাদ কৰিবলৈ চেষ্টা কৰা বহু মহিলাক গ্ৰেপ্তাৰ কৰিছিল, কিন্তু ইয়াৰ বিপৰীতে মংগলাই অকলে নেহৰুক আদৰণি জনাইছিল। এই কাৰ্যৰ বাবে তেওঁক সভানেত্ৰী পদৰপৰা আঁতৰাই কামাক্ষা দেৱীক নিযুক্তি দিয়া হয়।[5]
১৯৯৬ চনৰ আগষ্ট মাহত ৭০ বছৰ বয়সত বৃক্ক বিফলতাৰ বাবে তেওঁৰ মৃত্যু হয়।[2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Leader Mangaladevi remembered". The Rising Nepal. Archived from the original on 16 December 2019. https://web.archive.org/web/20191216171248/http://www.therisingnepal.org.np/news/5938। আহৰণ কৰা হৈছে: 17 December 2019.
- 1 2 3 "Asia Week Passage". CNN. Archived from the original on 16 December 2019. https://web.archive.org/web/20191216170418/http://edition.cnn.com/ASIANOW/asiaweek/96/0906/feat8.html। আহৰণ কৰা হৈছে: 17 December 2019.
- ↑ "Mangala Devi Remembered". Nepalnews Videos : Mercantile Communications Pvt. Ltd.. August 26, 2008. Archived from the original on 14 July 2011. https://web.archive.org/web/20110714163117/http://nnv.nepalnews.com/videoplay1.php?id=1290। আহৰণ কৰা হৈছে: 12 March 2011.
- ↑ "The Awakening II". Spotlight Nepal. 4 Feb 2018. https://www.spotlightnepal.com/2018/02/04/awakening-ii/। আহৰণ কৰা হৈছে: 17 December 2019.
- 1 2 Binda Pandey. "Women Participation in Nepali Labour Movement". GEFONT-Nepal. Archived from the original on 16 December 2019. https://web.archive.org/web/20191216171147/https://www.gefont.org/assets/upload/downloads/Women_Participation_in_Nepali_Labour_Movement.pdf। আহৰণ কৰা হৈছে: 17 December 2019.