সমললৈ যাওক

মংগল প্ৰভাত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মংগল প্ৰভাত  
লেখক মহাত্মা গান্ধী
শিৰোনাম મંગળપ્રભાત
দেশ ভাৰত
ভাষা গুজৰাটী
বিষয় গান্ধী দৰ্শন
প্ৰকাশক নৱজীৱন ট্ৰাষ্ট
প্ৰকাশ ১৯৫৮
আই.এচ.বি.এন. 9788172290634

মংগল প্ৰভাত মহাত্মা গান্ধীয়ে লিখা এখন গ্ৰন্থ। দত্তাত্ৰেয় বালকৃষ্ণ কলেলকাৰৰ দ্বাৰা লিখা প্ৰস্তাৱনাৰে ১৯৫৮ চনত ই মৰণোত্তৰভাৱে প্ৰকাশ পায়।

উৎপত্তি আৰু প্ৰকাশৰ ইতিহাস

[সম্পাদনা কৰক]

গান্ধীয়ে প্ৰতি মঙলবাৰে প্ৰাৰ্থনাৰ পিছত আশ্ৰমৰ ব্ৰত ওপৰত ভাষণ দিছিল। এই ভাষণসমূহ পিছলৈ নৰন্দাস গান্ধীয়ে সংকলন কৰে আৰু ১৯৫৮ চনত মংগল প্ৰভাত গ্ৰন্থ হিচাপে প্ৰকাশ পায়।[1]

মংগল প্ৰভাতে গান্ধীয়ে গ্ৰহণ কৰা এঘাৰটা ব্ৰতৰ বিষয়ে বিতংভাৱে আলোচনা কৰিছে।[2]

এই গ্ৰন্থখন হিন্দীলৈ অনুবাদ কৰিছিল অমৃতলাল ঠাকুৰদাস নানাৱতীয়ে।[3] ইয়াক মাৰাঠী ভাষাত পদ্যলৈও অভিযোজিত কৰা হৈছিল আৰু ইয়াৰ শিৰোনামা আছিল আভং ব্ৰতেন[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Pyarelal (1995). Mahatma Gandhi: Salt satyagraha: the watershed. Navajivan Publishing House. পৃষ্ঠা. xvii. ISBN 978-81-7229-133-4. https://books.google.com/books?id=yRFWAAAAYAAJ. 
  2. 2.0 2.1 Tandon, Vishwanath (1992). Acharya Vinoba Bhave. Publication Division, Ministry of Information and Broadcasting, Government of India. পৃষ্ঠা. 182. https://books.google.com/books?id=EvDsAAAAMAAJ. 
  3. "Mangal Prabhat". 1958. https://archive.org/details/in.ernet.dli.2015.307565/page/n3/mode/2up.