সমললৈ যাওক

মই কিয় নাস্তিক

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মই কিয় নাস্তিক (ইংৰাজী: Why I Am an Atheist, হিন্দী: मैं नास्तिक क्यों हूँ) হৈছে ভাৰতীয় বিপ্লৱী ভগত সিঙে ১৯৩০ চনত লাহোৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকাৰ সময়ত লিখা ৰচনা-শৈলীৰ প্ৰবন্ধ।[1][2] উক্ত প্ৰবন্ধটোৰ যোগেদি তেওঁ তেওঁৰ ধৰ্মীয় বন্ধুসকলৰ উত্তৰ দিছিল, যিয়ে তেওঁক নিজৰ অহংকাৰৰ বাবে নাস্তিক হোৱা বুলি ভাবিছিল।[3]

বুৰঞ্জীবিদ বিপিন চন্দ্ৰৰ মতে, ভগত সিঙে কাৰাগাৰত বহু গ্ৰন্থ আৰু প্ৰবন্ধ ৰচনা কৰিছিল যদিও ইয়াৰে অধিকাংশই ধ্বংস হৈছিল। এই প্ৰবন্ধটো কেনেবাকৈ পিতৃৰ জৰিয়তে কাৰাগাৰৰ পৰা ওলাই আহি লালা লাজপত ৰায়ে প্ৰতিষ্ঠা কৰা দ্য পিপল কাকতত প্ৰকাশ পাইছিল৷[4]

১৯২৯ চনত ভগৎ সিং

ভগত সিং আছিল ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ বিপ্লৱী দল “হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েচন”ৰ সদস্য।[5] তেওঁ এজন নাস্তিক আছিল যিয়ে সমাজবাদত বিশ্বাস কৰিছিল, আৰু অৰাজকতাবাদৰ ওপৰত কেইবাটাও প্ৰবন্ধ লিখিছিল।[6][7] ১৯২৯ চনৰ ৮ এপ্ৰিলত কেন্দ্ৰীয় বিধানসভাৰ বোমা বিস্ফোৰণৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হয় আৰু ১৪ বছৰৰ যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়। ১৯২৮ চনত লালা লাজপত ৰায়ৰ মৃত্যুৰ প্ৰতিশোধ হিচাপে সুখদেৱ থাপাৰ, শিৱৰাম ৰাজগুৰু আৰু ভগত সিঙে হত্যা কৰা উপ-আৰক্ষী অধীক্ষক জন চণ্ডাৰছৰ হত্যাৰ গোচৰত তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হয়।[8] ভগত সিং লাহোৰ কাৰাগাৰত থকাৰ সময়ত আন এজন স্বাধীনতা সংগ্ৰামী বাবা ৰণধীৰ সিংও একেখন কাৰাগাৰতে আছিল। ৰণধীৰ সিং আছিল ভগৱানক বিশ্বাস কৰা এজন ধৰ্মীয় ব্যক্তি। তেওঁ ১৯৩০ চনৰ ৪ অক্টোবৰত মৃত্যুদণ্ডৰ শাৰীত থকাসকলৰ বাবে সংৰক্ষিত কোঠাত বন্দী হৈ থকা ভগত সিঙক তেওঁ লগ পায়। ভগৎ সিং নাস্তিক বুলি গম পাই তেওঁ গভীৰভাৱে আঘাত পায়। ভগৎ সিঙক তেওঁ ঈশ্বৰৰ অস্তিত্বৰ বিষয়ে পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল যদিও বিফল হৈছিল। খং নিয়ন্ত্ৰণ কৰিব নোৱাৰি বাবা ৰণধীৰ সিঙে ভগৎ সিঙক ঠাট্টা কৰি ক'লে, "আপুনি খ্যাতিৰ বাবে মূৰ ঘমাই আছে, আপুনি অহংকাৰী; ই আপোনাৰ আৰু ঈশ্বৰৰ মাজত ক'লা পৰ্দা টানিছে।" ইয়াৰ উত্তৰত তেওঁ "Why I am an Atheist" নামৰ এটা ৰচনা-শৈলীৰ প্ৰবন্ধ লিখিছিল।[2] ভগৎ সিঙে ১৯৩০ চনৰ ৫ আৰু ৬ অক্টোবৰ তাৰিখে উক্ত প্ৰবন্ধটো লিখিছিল।[9] ১৯৩০ চনৰ ৭ অক্টোবৰত ভগৎ সিং, সুখদেৱ আৰু ৰাজগুৰুক চণ্ডাৰছৰ হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত কৰি মৃত্যুদণ্ড ঘোষণা কৰা হয় আৰু ১৯৩১ চনৰ ২৩ মাৰ্চত লাহোৰৰ কাৰাগাৰত তেওঁলোকক ফাঁচী দিয়া হয়।[10]

ভগত সিঙৰ মৃত্যুৰ পিছত এই প্ৰবন্ধটো ১৯৩১ চনৰ ২৭ ছেপ্টেম্বৰত লালা লাজপত ৰায়ৰ ইংৰাজী কাকত দ্য পিপলত প্ৰকাশিত হয়।[11]

তামিল সংস্কৰণ

[সম্পাদনা কৰক]

প্ৰবন্ধটোৰ তামিল অনুবাদ ১৯৩৫ চনত "কুদি আৰাছি" আলোচনীত প্ৰকাশ পাইছিল। তাৰ পিছত মাদ্ৰাজ প্ৰাদেশিক নাস্তিক সন্থাৰ লগত জড়িত পি জীৱনন্দমে ইয়াক কিতাপৰ ৰূপত অনুবাদ কৰিছিল আৰু ই ভি ৰামাছামীৰ ৰিপাব্লিকা পাব্লিছিং হাউছে প্ৰকাশ কৰিছিল। কিন্তু এই গ্ৰন্থখনৰ ওপৰত নিষেধাজ্ঞা আৰোপ হৈছিল। শেহতীয়াকৈ এছ এ পেৰুমালে অনুবাদ কৰা আৰু পাৱৈ প্ৰকাশনে প্ৰকাশ কৰা "ভগৎ সিঙৰ চিঠি আৰু ৰচনা" খণ্ডটোৰ এটা সৰু অংশ মানুহৰ চাহিদাৰ প্ৰতি লক্ষ্য কৰি নিউ চেঞ্চুৰী বুক হাউচ লিমিটেডে প্ৰকাশ কৰিছে। বৰ্তমান যিহেতু মূল ইংৰাজী প্ৰবন্ধটো উপলব্ধ নহয়, সেয়েহে তামিল ভাষালৈ অনূদিত গ্ৰন্থখনেই অন্য ভাষালৈ অনুবাদৰ ভিত্তি।[12][13]

  • সমালোচনা আৰু স্বতন্ত্ৰ চিন্তাধাৰা দুয়োটা বিপ্লৱী এজনৰ অপৰিহাৰ্য গুণ।
  • নিজকে বাস্তৱবাদী বুলি দাবী কৰা মানুহে প্ৰাচীন পৰম্পৰাগত সকলো বিশ্বাসক প্ৰত্যাহ্বান জনাব লাগিব।
  • মই সুধিছো যে আপোনাৰ সৰ্বশক্তিমান ঈশ্বৰে প্ৰতিজন মানুহক পাপ বা অপৰাধ কৰি থকাৰ সময়ত কিয় বাধা নিদিয়ে? সেইটো তেওঁ অতি সহজে কৰিব পাৰিব লাগিছিল। তেওঁ কিয় যুদ্ধাধীন ৰজাসকলৰ যুদ্ধ মনোভাৱৰ অন্ত পেলোৱা নাছিল আৰু বিশ্বযুদ্ধৰ দুৰ্যোগৰ পৰা মানৱজাতিক ৰক্ষা কৰা নাছিল? ভাৰতক মুক্ত কৰাৰ মনোভাৱ তেওঁ কিয় ইংৰাজৰ মনলৈ সঞ্চাৰ কৰিব পৰা নাছিল?
  • ভগৱানে বিচৰাৰ বাবে ইয়াত ইংৰাজৰ শাসন চলি থকা নাই। তেওঁলোকে আমাক শাসন কৰি আছে, কাৰণ তেওঁলোকৰ ক্ষমতা আছে আৰু তেওঁলোকৰ বিৰোধিতা কৰিবলৈ আমাৰ সাহস নাই। তেওঁলোকে ভগৱানৰ সহায়ত নহয়, বন্দুক, ৰাইফল, বোমা আৰু গুলী, আৰক্ষী আৰু সেনাৰ সহায়ত আমাক নিয়ন্ত্ৰণত ৰাখিছে। আমাৰ উদাসীনতাৰ বাবেই তেওঁলোকে সফলতাৰে সমাজৰ বিৰুদ্ধে আটাইতকৈ জঘন্য অপৰাধ সংঘটিত কৰিছে, এটা জাতিয়ে আন এটা জাতিক নিষ্ঠুৰভাবে শোষণ কৰি আছে। ভগৱান ক'ত আছে? তেওঁ মানৱজাতিৰ এই দুখ-কষ্টবোৰ উপভোগ কৰি আছে নেকি?

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "On Bhagat Singh's anniversary: 'Why I am an atheist'". 23 March 2015. http://scroll.in/article/715660/on-bhagat-singhs-death-anniversary-why-i-am-an-atheist. 
  2. 2.0 2.1 "Bhagat Singh on atheism and death". Ahmedabadmirror.com. 18 April 2012. Archived from the original on 8 October 2009. https://web.archive.org/web/20091008001656/http://www.ahmedabadmirror.com/index.aspx?page=article&sectid=78&contentid=2012041820120418214700623bc7c28b। আহৰণ কৰা হৈছে: 17 February 2014. 
  3. "Why I am an atheist" (en ভাষাত). frontline.in. http://www.frontline.in/static/html/fl2421/stories/20071102501502500.htm। আহৰণ কৰা হৈছে: 2022-12-02. 
  4. चंद्र, बिपिन. "मैं नास्तिक क्यों हूं". नेशनल बुक ट्रस्ट, इंडियाpustak.org. http://pustak.org/books/bookdetails/4849। আহৰণ কৰা হৈছে: ১৯ ফেব্ৰুৱাৰী ২০১৭. 
  5. S. Irfan Habib (22 March 2008). "Bhagat Singh as seen by Ramasami Periyar". The Hindu. Archived from the original on 25 March 2008. https://web.archive.org/web/20080325230228/http://www.hindu.com/2008/03/22/stories/2008032251531100.htm। আহৰণ কৰা হৈছে: 18 February 2014. 
  6. Habib, S. Irfan (2019-03-23). "Revolutionary ideas that live on" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/opinion/op-ed/revolutionary-ideas-that-live-on/article26613250.ece. 
  7. Maia Ramnath (1 January 2012). Decolonizing Anarchism: An Antiauthoritarian History of India's Liberation Struggle. AK Press. পৃষ্ঠা. 17–. ISBN 978-1-84935-082-2. https://books.google.com/books?id=2dJtAAAAQBAJ&pg=PT17. 
  8. "Martyr Bhagat Singh lost in red tape on India's 67th Independence Day". India Today. 14 August 2013. http://indiatoday.intoday.in/story/india-67th-independence-day-bhagat-singh-not-a-martyr-government/1/299547.html। আহৰণ কৰা হৈছে: 23 February 2014. 
  9. "Is the BJP turning Marxist-Leninist?". Tehelka. 2 October 2004. http://archive.tehelka.com/story_main7.asp?filename=op100204LEAD_ARTICLE1.asp। আহৰণ কৰা হৈছে: 18 February 2014. 
  10. Anita Joshua (30 September 2012). "It's now Bhagat Singh Chowk in Lahore". The Hindu. http://www.thehindu.com/news/international/its-now-bhagat-singh-chowk-in-lahore/article3951829.ece। আহৰণ কৰা হৈছে: 18 February 2014. 
  11. "Martyr Bhagat Singh lost in red tape on India's 67th Independence Day". India Today. 14 August 2013. http://indiatoday.intoday.in/story/india-67th-independence-day-bhagat-singh-not-a-martyr-government/1/299547.html। আহৰণ কৰা হৈছে: 23 February 2014. 
  12. B. Kolappan (22 August 2011). "Periyar admired Bhagat Singh, criticised Gandhiji". The Hindu. http://www.thehindu.com/todays-paper/tp-opinion/periyar-admired-bhagat-singh-criticised-gandhiji/article2380792.ece। আহৰণ কৰা হৈছে: 18 February 2014. 
  13. V. N. Datta (11 March 2007). "Understanding Bhagat Singh". Tribune India. http://www.tribuneindia.com/2007/20070311/spectrum/book1.htm। আহৰণ কৰা হৈছে: 18 February 2014.