সমললৈ যাওক

মই ভাল দেউতা হ'ব নোৱাৰিলোঁ (গ্ৰন্থ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মই ভাল দেউতা হ'ব নোৱাৰিলোঁ  
লেখক মইনা গোস্বামী
প্ৰচ্ছদ শিল্পী সুমন দাস
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় শিক্ষামূলক
প্ৰকাৰ উপন্যাস
প্ৰকাশক আঁক-বাঁক
প্ৰকাশ ডিচেম্বৰ, ২০১২
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১৭২
আই.এচ.বি.এন. 978-93-90610-18-1

মই ভাল দেউতা হ'ব নোৱাৰিলোঁ (ইংৰাজী: Moi Val Deuta Hobo Nuarilu) হৈছে অসমীয়া সাহিত্যিক, শিক্ষাবিদ মইনা গোস্বামীয়ে ৰচনা কৰা এখন উপন্যাস।[1]

লেখকৰ চমু পৰিচয়

[সম্পাদনা কৰক]

মইনা গোস্বামী হৈছে অসমৰ এজন বিশিষ্ট চিন্তাবিদ, লেখক আৰু নাট্যকাৰ । সুলেখক মইনা গোস্বামী দীৰ্ঘদিন ধৰি শিক্ষকতাৰ লগত জড়িত । শিক্ষকতাৰ কালছোৱাত তেখেতে অৰ্জন কৰিছিল বিচিত্ৰ-বৰ্ণিল অভিজ্ঞতা আৰু উপলব্ধি৷ [2]তেওঁ সচেতন সতীৰ্থ আৰু কঠীয়া আলোচনীৰ সম্পাদনাৰ সৈতে জড়িত। কেইবাখনো নাটক, শিশুগ্ৰন্থকে ধৰি তেওঁৰ মুঠ প্ৰকাশিত গ্ৰন্থ চৈধ্যখন। সংস্কৃতি মানুহৰ সংগ্ৰামৰ অস্ত্ৰ, গণবোধ সৃষ্টিৰ অমোঘ মন্ত্ৰ, মোক বন্ধু কৰি লোৱা, সূৰ্য এদিন সকলোৰে বাবে উদয় হ'ব আদি তেওঁৰ কেইখনমান গ্ৰন্থ। [3]

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. মইনা গোস্বামী. মই ভাল দেউতা হ'ব নোৱাৰিলো. আঁক-বাঁক. ISBN 978-93-90610-18-1.
  2. ঈশান (৬ জুলাই,২০২১). "মই ভাল শিক্ষক হ'ব নোৱাৰিলোঁ". you tube. কথাবৃক্ষ- Books, Movies and Thoughts. https://www.youtube.com/embed/JMT9OX4BDms আহৰণ কৰা হৈছে: 29 July 2021.
  3. মইনা গোস্বামী (জানুৱাৰী,২০১৩). মই ভাল শিক্ষক হ'ব নোৱাৰিলোঁ. আঁক-বাঁক. ISBN 978-93-82726-16-6.

লগতে চাওক

[সম্পাদনা কৰক]