সমললৈ যাওক

মক্কাৰ বলী খেল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মক্কাৰ বলীখেল

চট্টগ্ৰামৰ দুজন বলীয়ে মক্কাৰ বলী খেল খেলিছে
অন্যান্য নাম ড়
Focus কাবু কৰা
উৎপত্তি স্থল  বাংলাদেশ
প্ৰসিদ্ধ অনুশীলনকাৰী দিদাৰুল আলম
Parenthood ঐতিহাসিক
অলিম্পিক ক্ৰীড়া নহয়

মক্কাৰ বলী খেল বাংলাদেশত প্ৰচলিত এক বিশেষ ধৰণৰ মল্লযুঁজ, যিখন প্ৰতি বছৰে বাংলা বৰ্ষৰ প্ৰথম মাহ বৈশাখৰ ৭ তাৰিখে চিটাগং সাতকনীয়া উপজিলাৰ অন্তৰ্গত মাদৰ্শা ইউনিয়নত অনুষ্ঠিত হয়। এই খেলত অংশগ্ৰহণকাৰীসকলক "বলী" বুলি কোৱা হয়। চট্টগ্ৰামৰ আঞ্চলিক ভাষাত ইয়াক বলী খেলা বুলি জনা যায়।[1]

ব্যুৎপত্তিবিজ্ঞান

[সম্পাদনা কৰক]

“বলী’’ মানে বাংলা ভাষাত মল্লযুঁজাৰু বা শক্তিশালী ব্যক্তি, আনহাতে “খেল’’য়ে খেল বা ক্ৰীড়াক বুজায়। গতিকে, বলীখেল মানে শক্তিশালী ব্যক্তিৰ মাজত হোৱা খেল।

প্ৰায় আঢ়ৈ-তিনিশতকৈয়ো বেছি বছৰ আগতে ইছলাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বাংলাদেশলৈ অহা ছৌদি আৰবৰ মক্কাৰ ইয়াছিন মক্কী চট্টগ্ৰামৰ সাতকনীয়া উপজিলাৰ মাদাৰ্ছাৰ পাৰ্বত্য এলেকাত বসবাস কৰিবলৈ লৈছিল, তেতিয়াৰপৰাই এই অঞ্চলটি মক্কাৰবাড়ী নামে জনাজাত হৈ পৰে। ইয়াছিন মক্কীয়ে অঞ্চলটোত ধৰ্ম প্ৰচাৰৰ লগে লগে সৰিসুৰা ব্যৱসায়ো আৰম্ভ কৰে। হজ যাত্ৰাৰ সময়ত তেওঁ বাংলাদেশৰ অনেক হাজীক হজ কৰাবৰ বাবে ছৌদি আৰবলৈ যোৱাৰ সুবিধা কৰি দিছিল বা লৈ গৈছিল। এসময়ত তেওঁ সাতকনীয়াৰ মাদাৰ্ছা এলেকাত স্থায়ীভাৱে বসবাস কৰিবলৈ লয়। সেই কাৰণে তেওঁ সাতকনীয়াৰ বাহিৰে চট্টগ্ৰামৰ বিভিন্ন স্থানত বিপুল পৰিমাণৰ ভূমি ক্ৰয় কৰি লয়। ইয়াছিন মক্কীয়ে এবাৰ হজ যাত্ৰাত বাংলাদেশৰপৰা বুজন পৰিমাণৰ হাজী লগত লৈ ছৌদি আৰবলৈ যায় আৰু তাত তেওঁৰ মৃত্যু হয়। তাৰপিছত তেওঁৰ পৰৱৰ্তী বংশধৰসকলে জমিদাৰী প্ৰথা চলাই নিয়ে।[2] পৰৱৰ্তীকালত ইয়াছিন মক্কীৰ নাতি কাদেৰ বক্সুয়ে ১৮৭৯ চনত তেওঁলোকৰ প্ৰজাৰপৰা খাজনা আদায়ৰ সময়ত আনন্দ দিয়াৰ বাবে সৰ্বপ্ৰথম বলী খেলৰ সূচনা কৰে আৰু তেওঁৰ মৃত্যুৰ পাছত এই খেলক মক্কাৰ বলী খেল নামে পৰিচিত লাভ কৰে। বলীখেলৰ আৰম্ভণিতে ঘৰৰ সন্মুখত বিশালাকৃতিৰ এটি গা-গছৰ টুকুৰা ৰখা হয়।[1]

খাজনা দিবলৈ অহা আৰু স্থানীয় লোকসকলৰ মাজৰপৰা যিয়ে সেই গা-গছৰ টুকুৰাটো ওপৰলৈ তুলিব পাৰিছিল, তেওঁলোকেই কেৱল বলী খেলৰ উপযুক্ত হিচাপে বিবেচিত হৈছিল। গছৰ টুকৰা ওপৰলৈ তুলি যিয়ে যোগ্যতা অৰ্জন কৰিছিল তেওঁলোকৰ মাজত মূল প্ৰতিযোগিতা বলী খেল হৈছিল আৰু বিজয়ীসকলক পুৰস্কাৰ দিয়া হৈছিল। বলী খেলক কেন্দ্ৰ কৰি আশ-পাশৰ কেইবা কিলোমিটাৰ ঠাইজুৰি বৈশাখী মেলাও আয়োজন কৰা হয়।[1]

মক্কাৰ বলী খেলৰ ক্ষেত্ৰখনৰ ব্যাস ২০ ফুট, আৰু ইয়াৰ আকৃতি বৃত্ত বা বৰ্গক্ষেত্ৰ হ’ব পাৰে। ইয়াক মাটি বা বালিৰ মজিয়াত খেলা হয়।

বিয়লিৰ ভাগত ‘ডাবৰ’ (এবিধ লোকঢোল) আৰু ‘ছানাই’ (লোক বাঁহী)ৰ সংগীতেৰে উৎসৱমুখৰ পৰিৱেশত আৰম্ভ হয় এই অনুষ্ঠান। প্ৰতিখন খেল প্ৰায় ২৫–৩০ মিনিটৰ হয় যদিও দুয়োজন প্ৰতিযোগীয়ে একমত হ’লে চূড়ান্ত খেলৰ দৈৰ্ঘ্য ১০–১৫ মিনিটলৈকে বৃদ্ধি কৰিব পাৰি।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 "মক্কাব় বলী খেলাব় ১৪০তম আসব় কাল". ntv bd. https://www.ntvbd.com/bangladesh/247977/%E0%A6%AE%E0%A6%95%E0%A7%8D%E0%A6%95%E0%A6%BE%E0%A6%B0-%E0%A6%AC%E0%A6%B2%E0%A7%80-%E0%A6%96%E0%A7%87%E0%A6%B2%E0%A6%BE%E0%A6%B0-%E0%A7%A7%E0%A7%AA%E0%A7%A6%E0%A6%A4%E0%A6%AE-%E0%A6%86%E0%A6%B8%E0%A6%B0-%E0%A6%95%E0%A6%BE%E0%A6%B2. 
  2. "মক্কাব় বলীখেলায় দিদাব় ও সামশু যুগ্ম চ্যাম্পিয়ন" (bn ভাষাত). Prothom Alo. https://www.prothomalo.com/bangladesh/%E0%A6%AE%E0%A6%95%E0%A7%8D%E0%A6%95%E0%A6%BE%E0%A6%B0-%E0%A6%AC%E0%A6%B2%E0%A7%80%E0%A6%96%E0%A7%87%E0%A6%B2%E0%A6%BE%E0%A7%9F-%E0%A6%A6%E0%A6%BF%E0%A6%A6%E0%A6%BE%E0%A6%B0-%E0%A6%93-%E0%A6%B8%E0%A6%BE%E0%A6%AE%E0%A6%B6%E0%A7%81-%E0%A6%AF%E0%A7%81%E0%A6%97%E0%A7%8D%E0%A6%AE-%E0%A6%9A%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%BF%E0%A7%9F%E0%A6%A8.