মগধ
| মগধ সাম্ৰাজ্য | ||
|---|---|---|
| |
||
| ৰাজধানী | ৰাজগীৰ (গিৰিব্ৰজ), পাছলৈ পাটলিপুত্ৰ (বৰ্তমানৰপাটনা) | |
| চৰকাৰ | কৌটিল্যৰ অৰ্থশাস্ত্ৰৰ বৰ্ণনা অনুসৰি ৰাজতন্ত্ৰ | |
মগধ ইংৰাজী: Magadha আছিল প্ৰাচীন ভাৰতৰ পূব গংগা সমভূমিত অৱস্থিত এখন ৰাজ্য। দ্বিতীয় নগৰায়ন যুগৰ ষোল্লটা মহাজনপদৰ ভিতৰত মগধ আছিল অন্যতম। এই অঞ্চলত কেইবাটাও বংশই শাসন কৰিছিল, যিয়ে আন মহাজনপদবোৰৰ ওপৰত প্ৰভাৱ পেলাইছিল, জয় কৰিছিল আৰু নিজৰ ৰাজ্যত অন্তৰ্ভুক্ত কৰিছিল। জৈন আৰু বৌদ্ধ ধৰ্মৰ বিকাশত মগধে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল [1] আৰু মৌৰ্য সাম্ৰাজ্যৰ মূল অংশ গঠন কৰিছিল (খ্ৰীষ্টপূৰ্ব প্ৰায় ৩২০–১৮৫)।
ভৌগোলিক পৰিৱেশ
[সম্পাদনা কৰক]মগধ মহাজনপদৰ সীমা উত্তৰে গংগাৰপৰা দক্ষিণে বিন্ধ্যা পৰ্বতলৈকে, পূবে চম্পাৰপৰা পশ্চিমে সোণ নদীলৈকে বিস্তৃত আছিল। দক্ষিণ বিহাৰত অৱস্থিত এইখন অৱশেষত উত্তৰ ভাৰতৰ আটাইতকৈ শক্তিশালী মহাজনপদ হিচাপে পৰিগণিত হয়। মগধৰ প্ৰাচীন ৰাজধানী আছিল ৰাজগৃহ। মগধ পাঁচটা পাহাৰেৰে আগুৰি থকা এখন চহৰ আছিল। পিছলৈ পাটলিপুত্ৰত মগধৰ ৰাজধানী স্থাপন কৰা হয়। মগধ ৰাজ্যই তেতিয়াৰ শক্তিশালী কোশল, বৎস, অৱন্তী ৰাজ্যসমূহ নিজৰ লগত সংলগ্ন কৰে। [2] এইদৰে মগধৰ সম্প্ৰসাৰিত হৈ এক সংযুক্ত ভাৰতলৈ পৰিণত হ’ল।
অতীজৰেপৰা মগধ ৰাজনৈতিক উত্থান, পতন, সামাজিক-ধৰ্মীয় জাগৰণৰ কেন্দ্ৰবিন্দু হৈ আহিছে। মগধ আছিল বুদ্ধৰ সমসাময়িক এক শক্তিশালী আৰু সংগঠিত ৰাজতন্ত্ৰ। সময়ৰ লগে লগে মগধৰ বিকাশ অব্যাহত থাকিল, আৰু ইয়াৰ ইতিহাস (ভাৰতীয় সংস্কৃতি আৰু সভ্যতাৰ বিকাশৰ মূল স্তম্ভ হিচাপে) সমগ্ৰ দেশৰ ইতিহাস হৈ পৰিল।
ইতিহাস
[সম্পাদনা কৰক]অথৰ্ববেদত (৫.২২) (খ্ৰীষ্টপূৰ্ব প্ৰায় ১২০০-৯০০)ত অংগ, গান্ধাৰ আৰু মুজাৱতৰ সৈতে মগধসকলক কুৰু-পাঞ্চালৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাহিৰত অৱস্থিত অবৈদিক জনজাতি হিচাপে তালিকাভুক্ত কৰা হৈছে।[3]
কিকটা ৰাজ্য
[সম্পাদনা কৰক]কিছুমান পণ্ডিতে কিকটা জনগোষ্ঠীক—ঋগ্বেদ (৩.৫৩.১৪)ত কিকটাৰ শাসক প্ৰমগণ্ডক মগধৰ পূৰ্বপুৰুষ বুলি চিনাক্ত কৰিছে কাৰণ পিছৰ গ্ৰন্থসমূহত কিকটাক মগধৰ প্ৰতিশব্দ হিচাপে ব্যৱহাৰ কৰা হৈছে। .[4]অথৰ্ববেদত মগধসকলৰ দৰে ঋগবেদত কিকাটাসকলক ব্ৰাহ্মণ্যবাদী ভাৰতৰ সীমান্তত বাস কৰা শত্ৰু জনগোষ্ঠী বুলি কোৱা হৈছে, যিসকলে বৈদিক ৰীতি-নীতি নকৰিছিল, কিন্তু উইটজেলে যুক্তি দিছে যে কিকাটাসকলক মগধৰ ভিতৰত স্থাপন কৰাটো "ভুল স্থানত" কৰা হৈছে, যেনেকৈ ঋগবেদত "তেওঁলোকৰ কিকতা ভূ-খণ্ডৰ দক্ষিণে থকা বুলি স্পষ্টভাৱে বৰ্ণনা কৰা হৈছে।" কুৰুক্ষেত্ৰ, পূব ৰাজস্থান বা পশ্চিম মধ্যপ্ৰদেশত, আৰু মগধ ঋগবেদৰ ভৌগোলিক পৰিসৰৰ বাহিৰত।" [5]
বৃহদ্ৰথ বংশ
[সম্পাদনা কৰক]পুৰাণৰ কিংবদন্তি অনুসৰি বৃহদ্ৰথ বংশটোৱেই আছিল মগধত শাসন কৰা প্ৰথম বংশ। [6]
মহাজনপাদ ( ৬ ৰপৰা ৪ তম খ্ৰীষ্টপূৰ্ব)
[সম্পাদনা কৰক]
দ্বিতীয় নগৰায়ন
[সম্পাদনা কৰক]দ্বিতীয় নগৰায়নৰ বেছিভাগেই বৃহত্তৰ মগধত ৫০০ খ্ৰীষ্টপূৰ্বৰপৰা আৰম্ভ হৈছিল। ইয়াতেই জৈন আৰু বৌদ্ধ ধৰ্মৰ উত্থান ঘটিছিল।[7]
হাৰিয়াংক বংশ (খ্ৰীষ্টপূৰ্ব ৫৪৪–খ্ৰীষ্টপূৰ্ব ৪১৩)
[সম্পাদনা কৰক]মগধৰ আদিম শাসকসকলৰ বিষয়ে নিশ্চিত তথ্য কমেইহে পোৱা যায়। [বৌদ্ধ]]ধৰ্মীয় পালি কানুন, জৈন আগম আৰু হিন্দু পুৰাণ আদি গুৰুত্বপূৰ্ণ উৎস। প্ৰাচীন মগধ ৰাজ্যৰ কথা ৰামায়ণ আৰু মহাভাৰততো উল্লেখ আছে। জৈন আৰু বৌদ্ধ উৎসৰ ভিত্তিত দেখা যায় যে মগধত প্ৰায় ১৩০ বছৰ হাৰিয়াংক বংশই শাসন কৰিছিল (৫৪৩ চনৰপৰা ৪১৩ খ্ৰীষ্টপূৰ্বলৈকে)। [8] যদিও সময় অনিশ্চিত আৰু যথেষ্ট পিছৰো হ'ব পাৰে।
মগধৰ দুজন উল্লেখযোগ্য হাৰিয়াংক বংশ শাসক আছিল বিম্বিসাৰ (শ্ৰেনিক নামেৰেও জনাজাত) আৰু তেওঁৰ পুত্ৰ অজাতশত্ৰু (কুনিক নামেৰেও পৰিচিত)। এই দুগৰাকী শাসকক বৌদ্ধ আৰু জৈন সাহিত্যত বুদ্ধ আৰু মহাবীৰৰ সমসাময়িক হিচাপে উল্লেখ কৰা হৈছে।
পিছলৈ উত্তৰ ভাৰতৰ বহু অংশ জয় কৰা নন্দ বংশৰ (প্ৰায় ৩৪৫ – প্ৰায় ৩২২ খ্ৰীষ্টপূৰ্ব) প্ৰতিষ্ঠাপক মহাপদ্ম নন্দই মগধৰ সিংহাসন দখল কৰে। মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক চন্দ্ৰগুপ্ত মৌৰ্যই (খ্ৰীষ্টপূৰ্ব ৩২২–১৮৫ খ্ৰীষ্টাব্দ) নন্দ বংশক উৎখাত কৰে।
মহাপদ্ম নন্দৰ আগৰ ৰজাৰ উত্তৰাধিকাৰ আৰু মগধৰ সঠিক কালক্ৰম সম্পৰ্কে বহু অনিশ্চয়তা আছে । বিভিন্ন প্ৰাচীন গ্ৰন্থৰ বিৱৰণী (যি সকলোবোৰ যুগটোৰ বহু শতিকাৰ পিছত লিখা হৈছিল) আৰু এই গ্ৰন্থবিলাকত বহু কথাত ইটোৱে সিটোৰ পাৰস্পৰিক বিৰোধী মন্তব্য দেখা যায় । তদুপৰি কিছুমান পণ্ডিতে পছন্দ কৰা "দীঘলীয়া কালক্ৰম" আৰু বিপৰীতমুখী "চমু কালক্ৰম" আছে আৰু এই বিষয়ে বুদ্ধ আৰু মহাবীৰৰ অনিশ্চিত কালক্ৰমৰ সৈতে অবিচ্ছেদ্যভাৱে জড়িত। [9]
বিস্তাৰ (খ্ৰীষ্টপূৰ্ব ৪১৩-খ্ৰীষ্টপূৰ্ব ২৮)
[সম্পাদনা কৰক]শিশুনাগ বংশ (খ্ৰীষ্টপূৰ্ব ৪১৩–খ্ৰীষ্টপূৰ্ব ৩৪৫)
[সম্পাদনা কৰক]নন্দ বংশ (খ্ৰীষ্টপূৰ্ব ৩৪৫–খ্ৰীষ্টপূৰ্ব ৩২২)
[সম্পাদনা কৰক]মৌৰ্য সাম্ৰাজ্য (খ্ৰীষ্টপূৰ্ব ৩২২ – খ্ৰীষ্টপূৰ্ব ১৮৫)
[সম্পাদনা কৰক]শুংগ সাম্ৰাজ্য (খ্ৰীষ্টপূৰ্ব ১৮৫–খ্ৰীষ্টপূৰ্ব ৭৩)
[সম্পাদনা কৰক]কান্ব বংশ (খ্ৰীষ্টপূৰ্ব ৭৩–খ্ৰীষ্টপূৰ্ব ২৮)
[সম্পাদনা কৰক]বহিঃৰাজ্য (খ্ৰীষ্টপূৰ্ব ২৮-খ্ৰীষ্টপূৰ্ব ২৪০)
[সম্পাদনা কৰক]মিত্ৰ বংশ (কোছাম্বি) ( খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকা - খ্ৰীষ্টীয় দ্বিতীয় শতিকা)
[সম্পাদনা কৰক]মহামেঘবাহন বংশ (খ্ৰীষ্টপূৰ্ব দ্বিতীয়-তৃতীয় শতিকা)
[সম্পাদনা কৰক]গুপ্ত সাম্ৰাজ্য (প্ৰায় ২৪০–প্ৰায় ৫৭৯)
[সম্পাদনা কৰক]তথ্যৰ উৎস
[সম্পাদনা কৰক]- ↑ Damien Keown (26 August 2004). A Dictionary of Buddhism. OUP Oxford. পৃষ্ঠা. 163. ISBN 978-0-19-157917-2. https://www.oxfordreference.com/view/10.1093/acref/9780198605607.001.0001/acref-9780198605607-e-1054?rskey=6R59Bf&result=1.
- ↑ Raychaudhuri, Hemchandra (1953). Political History of Ancient India: From the Accession of Parikshit to the Extinction of Gupta Dynasty. University of Calcutta. পৃষ্ঠা. 110–118.
- ↑ Michael Witzel (1987), "On the localisation of Vedic texts and schools (Materials on Vedic Śākhās, 7)" in G. Pollet (ed.), India and the Ancient world. History, Trade and Culture before A.D. 650
- ↑ Macdonell, Arthur Anthony; Keith, Arthur Berriedale (1995) (en ভাষাত). Vedic Index of Names and Subjects. Motilal Banarsidass Publishers. ISBN 9788120813328. https://books.google.com/books?id=t6TVLlPvuMAC&pg=PA159.
- ↑ M. Witzel. "Rigvedic history: poets, chieftains, and polities," in The Indo-Aryans of Ancient South Asia: Language, Material Culture and Ethnicity. ed. G. Erdosy (Walter de Gruyer, 1995), p. 333
- ↑ Chakrabarty, D.K. (2010). The Geopolitical Orbits of Ancient India: The Geographical Frames of the Ancient Indian Dynasties. OUP India. ISBN 978-0-19-908832-4. https://books.google.com/books?id=EIAyDwAAQBAJ&dq=legendary&pg=PT24.
- ↑ Bronkhorst 2007, p.4: Bronkhorst "It is also in this area that a number of religious and spiritual movements arose, most famous among them Buddhism and Jainism.".
- ↑ Chandra, Jnan (1958). "Some Unknown Facts About Bimbisāra". Proceedings of the Indian History Congress খণ্ড 21: 215–217.
- ↑ Bechert, Heinz (1995). When Did the Buddha Live?: The Controversy on the Dating of the Historical Buddha. Sri Satguru Publications. পৃষ্ঠা. 129. ISBN 978-81-7030-469-2. https://books.google.com/books?id=ImnYAAAAMAAJ&pg=PA129.

